: হেল্ল’ মা। বন্দনাই ক'লে।
: তই ঘৰলৈ আহি আছ নেকি?
: অঁ গৈ আছো।
: অকলে আহিছনে লগত কোনোবা আছে?
: আছে, শান্তনুও আহিছে।
: তেতিয়াহ'লে ঠিকেই আছে। নহ'লে ৰাতিখন পাবিহি, ভয়ে লাগে মোৰ।
: হ’ব দিয়া, মই তাৰ লগত অহা নাই, সিহে মোৰ লগত আহিছে। বন্দনাই
মোৰ ফালে চাই ক'লে। মাকৰ সৈতে কথা পাতি থাকেঁতে ধৰা নপৰাকৈ
তাইৰফালে চাই আছিলো মই। ইমান কাষত থাকিও কিয় জানো ইমান আঁতৰত
থকা যেন লাগিছিল তাইৰ চেহেৰাটো।
বাছ জাগীৰোড পাৰ হওঁতেই বেলি ডুবি সন্ধিয়া নামি আহিল। আকাশখনো
ডাৱৰীয়া, মোৰ মনটোৰ দৰেই। বন্দনাৰ চকুহাল জাপ খাই থকাৰ সুযোগ লৈ
একে থৰে চাই ৰৈছিলো ভাল লগা চেহেৰাটো। এবাৰ কাষলৈ গৈ যদি ক'ব
পাৰিলোহেঁতেন ভালপাওঁ বুলি, এবাৰ যদি সানিব পাৰিলোহেঁতেন মোৰ বুকুৰ
মৰমবোৰ তাইৰ গালখনত। হঠাৎ বাছখনে এটা জোকাৰণি খোৱাত আঁতৰি গ'ল
হেঁপাহবোৰ, আঁতৰি গ'ল বন্দনাৰ টোপনিও |
: ক’ত পালোহি? হামি এটা মাৰি বন্দনাই সুধিলে।
: জাগীৰোড পাৰ হৈ আহিলো।
: মোলৈ ইমান দেৰি কিয় চাই আছিলি?
ঃ কি? —আচৰিত হোৱাৰ ভাও ধৰিলো মই।
একো নকৈ তাই ওঁঠত এটা মিচিকীয়া হাঁহি লৈ চকুহাল পুনৰ জপাই দিলে।
তাৰ পিছৰখিনি সময়ত আমাৰ মাজত নিস্তব্ধতাই বিৰাজ কৰিছিল। সেই
নিস্তব্ধতা হয়তো চিৰদিনেই থাকিল হয়, যদিহে বাছখন এটা ডাঙৰ শব্দ কৰি ৰৈ
নগ’লহেঁতেন। চালকজনে পুনৰ বাছখন ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিলে, কিন্তু ব্যৰ্থ
হ’ল। বহুবাৰ চেষ্টা কৰিও বিফল হোৱাত যাত্ৰীসকলে নানান প্ৰশ্ন কৰিব ধৰিলে।
দুজন হেণ্ডিমেনে ইঞ্জিনৰ ওপৰৰ ঢাকনিখন খুলি পৰীক্ষা-নিৰীক্ষা কৰাত লাগিল।
প্ৰায় পোন্ধৰ-বিশ মিনিটমান সময়ৰ পাছত তেওঁলোকে আমাক জনালে যে বাছ
আৰু নচলে। কথাষাৰ শুনি যাত্ৰীসকলে হৈ চৈ সৃষ্টি কৰিলে। কোনোজনে টকা ঘূৰাই বিচাৰিলে, কোনোজনে সেই ঠাইত কেইদিনমান আগতে হোৱা ডকাইতিৰ