: কথা নেপাতিলা যে? কোনে কৰিছিল? মেঘালীয়ে সুধিলে।
: এলাৰ্ম বাজিছিল। আচলতে কিবা খেলিমেলি হ'লে দৰকাৰী ফোন অহাৰ
অভিনয় কৰি পলাম বুলি ভাবিছিলো।
: ওঁ ... বুদ্ধিটো বেয়া নহয়। পিছে নপলালা কিয়?
: অলপ বুৰ্বকামী কৰিবৰ মন গৈছে, সেইকাৰণে। অলপ সময় একেথৰে
চাই ৰ'লো তাইলৈ। তাই দেখা পোৱা নাছিল যদিও হয়তো বুজি পাইছিল, সেয়ে
লাজতে তাই মূৰটো তললৈ কৰি দিলে।
: আপোনাক ডাক্টৰে ভিতৰলৈ মাতিছে। হঠাৎ নাৰ্চগৰাকীৰ মাতত অতীতৰ
পৰা ঘূৰি আহি বৰ্তমান পালোহি। কথাবোৰ ভাবি থাকোতে সময়বোৰ কেতিয়া
পাৰ হ’ল গমেই নেপালো। লৰালৰিকৈ ভিতৰলৈ সোমাই গ'লো।
: দীপাংকৰ, মেঘালীৰ চকুযুৰি খোলা হ’ব এতিয়া। ভগৱানক প্ৰাৰ্থনা কৰা
যাতে সকলো ঠিক হৈ যায়। ডাঃ বৰদলৈয়ে ক'লে। মেঘালীয়ে ইতিমধ্যে জ্ঞান
ঘূৰাই পাইছিল। এখন ওখ বিচনাত তাই বহি আছিল। চকুৰ ওপৰত আছিল
দুডোখৰ কপাহৰ টুকুৰা।
: ডাঃ বৰদলৈ, চকু খোলাৰ আগতে মই মেঘালীক কিবা এটা ক'ব খুজিছো।
: নিশ্চয়। পিচে বেছি দেৰি নকৰিবা।
মেঘালীৰ কাষলৈ গৈ তাই বহি থকা বিচনাখনতে বহিলো। হাতৰ স্পৰ্শত
তাই চিনি পালে মোক।
: দীপ?
: কেনেকুৱা লাগিছে এতিয়া?
: ঠিকেই আছো। অলপ মূৰটো ঘূৰাই আছে।
: ভাল হৈ যাব’ (অলপ ৰৈ) তোমাক এটা কথা ক'বলৈ আছে।
: কি কথা?
: অলপ পাছতে তোমাৰ চকুকেইটা খোলা হ’ব।
তুমি সকলো দেখা পোৱা হোৱাটোৱেই মই কামনা কৰো। কিন্তু কিবা কাৰণে
যদি তেনেকুৱা নহয় তেন্তে তুমি অনুগ্ৰহ কৰি মন বেয়া নকৰিবা। আমাৰ পৃথিৱীখন
আগতে যি দৰে আছিল সেইদৰেই ধুনীয়া হৈ থাকিব। অন্ধ হোৱা স্বত্বেও মই
তোমাক ভাল পাইছিলো আৰু সদায়েই পাই থাকিম। অপাৰেছনৰ সফলতা-
বিফলতাই কোনো প্ৰভাৱ নেপেলায়।