: কোনোবা মেটৰক চিনি পোৱা নেকি? সাধনাই সুধিলে।
: সেই তিনিআলিৰ চুকৰ ঘৰটোত থকা ভবেনক ক’লেই হ’ব।... ময়ে
খবৰ এটা দি দিম বাৰু।
: ঠিক আছে! বুলি কৈ সাধনা ঘৰৰ ভিতৰলৈ সোমাই আহিল। নিজান
হৈ থকা কোঠাটোৰ চাৰিওফালে চকু ফুৰাওঁতে সাধনাৰ চকু পৰিল বেৰত ওলমি
থকা মৃত গিৰিয়েকৰ ফটোখনত।
ছয়বছৰমান আগতে হোৱাহেঁতেন সাধনাৰ পৰিচয় দিব পৰা গ'লহেঁতেন
হাঁহি ধেমালী কৰি ভাল পোৱা আনন্দপূৰ্ণ এজনী ছোৱালী হিচাপে। মাষ্টাৰ ডিগ্ৰী
কৰাৰ পাছত এদিন ঘৰৰ মানুহে সাধনাক চিনাকী কৰাই দিছিল বিনোদৰ সৈতে।
তেতিয়াই হয়তো তাইৰ জীৱনত লাগিছিল প্ৰথমটো গ্ৰহণ। প্ৰথম পৰিচয়ত খুব
ভদ্ৰ পুৰুষ হিচাপেই বিনোদে নিজকে প্ৰকাশ কৰিছিল সাধনাৰ আগত। সেয়ে
বিনোদে তাইৰ সৈতে বিয়া হোৱাৰ আগ্ৰহ প্ৰকাশ কৰোতে সাধনাইও হয়ভৰ
দিছিল৷ পিছে বিয়াৰ পাছতহে বিনোদৰ প্ৰকৃত স্বৰূপ দাঙ খালে তাইৰ সন্মুখত।
দিনত ভদ্ৰ পুৰুষৰ মুখা পিন্ধি থকা বিনোদে ৰাতি মদ খাই আহি অফিচৰ খঙ
উজাৰি ধৰিলে ঘৰৰবস্তুবোৰৰ ওপৰত। সাধনাই বাধা দিয়াত তাইও ৰক্ষা নাপালে
তাৰ অসুৰতাৰ পৰা। ৰাতি বিনোদৰ হাতৰ চৰ খাই উফন্দি থকা গালখন লৈ
পাছদিনা ঘৰৰ বাহিৰ ওলাবলৈ লাজ লগা হ'ল তাইৰ। চৌদিশৰ পৰা যেন অন্ধকাৰে
গ্ৰাস কৰিব ধৰিছিল তাইক। প্ৰতিবেশী বৰুৱানীয়ে ল'ৰা-ছোৱালীৰ পঢ়াত অসুবিধা
হৈছে বুলি কৈ সাধনাক কেইবাদিনো সকিয়ালে।
উপায়বিহীন হৈ তাই ভগৱানৰ ওচৰত অশান্তিবোৰ দূৰ কৰিবলৈ কাতৰ
অনুৰোধ কৰিব ধৰিলে। ভগৱানেও তাইক নিৰাশ নকৰিলে। মদে লাহে লাহে
বিনোদক খাব ধৰিলে। শুকাই ক্ষীণাই অৱস্থা নোহোৱা হ'ল তাৰ। কেইবাদিনো
ৰাতি পদূলিৰ মুখতে বমি কৰিছিলহি মদ খাই আহি আৰু এদিন সেই সকলো
যান্ত্ৰণাৰ পৰা নিজকে আৰু সাধনাক মুক্ত কৰি সি শেষ নিশ্বাস ত্যাগ কৰিলে।
বিনোদৰ মৃত্যুৰ পাছদিনা বহুতো মানুহ আহিছিল সিহঁতৰ ঘৰলৈ খবৰ লোৱাৰ
উদ্দেশ্যেৰে। বগা সাজ পিন্ধি অহা আত্মীয়স্বজন, বিনোদৰ সহকৰ্মীৰে ভৰি পৰিছিল
ঘৰ। সকলোৰে মুখত দুখৰ ভাব। তাৰ মাজৰ কোনবোৰ প্ৰকৃত আৰু কোনবোৰ
কৃত্ৰিম ধৰিবলৈ সাধনাৰ অসুবিধা হৈছিল। পিছে সাধনাৰ কিন্তু মন গৈছিল কেৱল
ফুৰ্ত্তি কৰিবলৈ, বহুদিনৰ মূৰত পুনৰ তাইৰ ইচ্ছা হৈছিল মুক্ত মনেৰে হাঁহিবলৈ।