পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নহ'ল। আজিহে যেন স্পষ্টকৈ বুজি পাইছিলো তাৰ অৰ্থ। কলেজৰ উন্মাদনাৰে ভৰা দিনকেইটাৰ মাজতে এদিন প্ৰথমবাৰৰ বাবে মুখত দিছিলো এই মৃত্যুবাহকক। তাৰ পাছৰ পৰা ধোঁৱাৰ পাছত ধোঁৱাৰে ভৰাই পেলাইছিলো হাওফাওখন।... টেলিভিছন, বাতৰিকাকতে সকলোৱে অনুৰোধ কৰিছিল এই অভ্যাসটো এৰিবলৈ। কিন্তু সিহঁতক গুৰুত্ব দিয়ে কোনে? কোৱাই কৈ থাকিব, মৰিবতো এনেও লাগিব এদিন, তেন্তে ভয় কিহৰ?

 বিষটো বাঢ়ি গ'ল। সহ্য কৰিব নোৱাৰি ৰাস্তাৰ দাঁতিত থকা টেলিফোনৰ খুঁটাটোতে আউজি বহি দিলো। দূৰৈত দেখা পাইছিলো হস্পিতালখনৰ নাম লিখি থোৱা ব'ৰ্ড এখন। বিষটো কমাই দিবলৈ অনুৰোধ কৰিলো ভগৱানক। হঠাৎ আচৰিক ধৰণৰ শব্দ এটা শুনা পালো। ঘূৰি চালো, একোৰা ধোঁৱা দেখা পালো, আগবাঢ়ি আহি আছিল মোৰ দিশত।

 উস সেই একেই গোন্ধ, সেই একেই নিচা, হাত বাউলি যেন মাতি আছে মোক ধোঁৱাৰ মাজলৈ। আসক্ত মনে বাধা দিয়াত বিফল হ’ল। সোমাই গ'লো পুনৰ এবাৰ ধোঁৱাৰ মাজলৈ। শিহঁৰিত হৈ উঠিল দেহ-মন। আনন্দত মুদি দিলো চকুযুৰি।

 চকু যেতিয়া মেল খালে তেতিয়া নিজকে বতাহত উপঙি থকা যেন অনুভৱ কৰিলো। বিষ, দুৰ্বলতা একোৱেই নাছিল দেহত। তললৈ চাওঁতে দেখা পালো দপদপকৈ জ্বলি থকা একোৰা জুই। জুইকোৰা আগুৰি বহুতো মানুহ থিয় হৈ আছিল। দেউতাই চকুযুৰি মোহাৰি আছিল, মা কান্দি কান্দি বাগৰি পৰিছিল মাটিত। অন্য বহুতো চিনাকী চেহেৰা দেখা পালো ভিৰৰ মাজত। পুৰণি বন্ধু, অফিচত একেলগে কাম কৰা মানুহ ইত্যাদি ওপৰলৈ উঠি যোৱাৰ লগে লগে দৃশ্যটো অস্পষ্ট হৈ পৰিল। অলপ পাছত ধোঁৱাৰ বাহিৰে একোৱেই দেখা নেপালো, আনকি মোৰ দেহাটোও নাছিল লগত, আছিল মাথোন একোৰা ধোঁৱা।

⸻⸻⸻