: অঁ পাৰিলোহেঁতেন আকৌ, চেঃ পিছে চিন্তাই কৰা নহ’ল কথা পাতি থাকোঁতে।
: ইমান কিনো কথা ওলায় আপোনালোকৰ এই বয়সত।
:চহৰত থকা নিজৰ মাটিডোখৰৰ কথা কৈ আছিল হাজৰিকাই। গ্ৰাহক এজন আহিছিল হেনো। দামো বিচৰামতেই দিব বুলি কৈছে। দাইলৰ বাটিটো দেচোন ধন।- দেউতাকে ক'লে। মেদিনীয়ে দাইলৰ বাটিটো আগবঢ়াই দিলে।
: পিছে বিকিবনে নিবিকে?- মাকে পুনৰ সুধিলে।
:বিকিম বুলি কৈছে। পাঁচ কঠা মাটি ছয় লাখকৈ ত্ৰিছ লাখ টকাত বিকিব। মইও ক’লো বোলো ভাল দাম পাইছে যেতিয়া বিক্ৰী কৰি দিয়াই ভাল। এনেই মাটিডোখৰ পৰি থাকিলে কোনোবাই ছল চক্ৰান্ত কৰি দখল কৰি পেলোৱাৰ ভয়।
ভাত খাই উঠি মেদিনীয়ে তামোল এটা দুফাল কৰি কাটিলে। মাক ব্যস্ত হ’ল পাছফালে কাঁহী বাটি ধোৱাত। দেউতাকে ৰেডিঅ'ৰ চেনেলবোৰ সলাই সলাই অৱশেষত পুৰণি অসমীয়া গীত এটা বাজি থকা চেনেলটোত কাঁটাডাল স্থায়ী কৰিলে। মেদিনীয়ে ধপাত চূণ সানি এখন তমোল দেউতাকক দিলেহি।
: তোৰ ইণ্টাৰভিউ আছিল বুলিছিলি যে চহৰত, কোনদিনা আছে?
: পৰহিলৈ আছে পিছে নিদিওঁ বুলি ভাবিছোঁ।
: কিয়?
:মোৰ মন নাই চাকৰি কৰিবলৈ।
: মন নাই মানে? কি কৰিবি চাকৰি নকৰ যদি?
: সেইবোৰ চাকৰি ঘোচ নিদিলে এনেয়ো নাপাওঁ।.. মই নিজৰ ব্যৱসায় এটা খোলো বুলি ভাবিছো।
: কিহৰ ব্যৱসায়? আৰু ব্যৱসায় কি বিনা পইচাৰে আৰম্ভ কৰিব পাৰিবি নেকি?
: ইণ্টাৰনেট কেফে এখন খোলো বুলি ভাবিছো। তাৰ বাবে তিনি লাখমান টকাৰ দৰকাৰ হ’ব।
: ৰচোন। তই নিজে নিজে ব্যৱসায় কৰিম বুলি সিদ্ধান্ত ল'লে নহ’ব নহয় আৰু ইমানবোৰ টকা পাওঁ ক'ত? মই দৰমহা কেই টকা পাওঁ সেইকথা
জাননে নাই তই?