অপৰাধ
আজি
ৰাতিপুৱা হ’বলৈ বহু পৰ বাকী। মুকলি পথাৰখনৰ মাজেৰে যোৱা ৰাস্তাটোৰ কাষতে মূৰে কপালে হাত দি বহি আছিল মেদিনী। সময়বোৰ পাৰ হৈ যোৱাৰ লগে লগে ভয় আৰু চিন্তাত তাৰ বুকুৰ স্পন্দন ক্ৰমে বাঢ়ি যাব ধৰিলে। কি কৰিব? ক’ত যাব এতিয়া? টকাৰ লোভত কি খনযে হৈ গ’ল। নিজকে ক’লে সি। ৰাজীৱ হাজৰিকাই ইতিমধ্যে পুলিচক খবৰ দিছে নিশ্চয়। দেউতাকৰ হৃদয়খনো দুৰ্বল।...কিহে পাইছিল বাৰু—সি মনতে ভোৰভোৰালে। কালি ৰাতিপুৱা ৰাতুলে লগ ধৰিছিল চহৰলৈ। তাৰ লগত যোৱাহেঁতেনতো অঘটনটো নঘটে। সি মনতে ভাবিলে।
কালি আবেলি
দেওবৰীয়া আলোচনীখন মেলি বিচনাতে পৰি আছিল মেদিনী।কাষৰ কোঠাটোত দেউতাক আৰু ঘৰৰ ওচৰৰে ৰাজীৱ হাজৰিকাই কথা পাতি আছিল। প্ৰথমতে তেওঁলোকৰ কথাত গুৰুত্ব দিয়া নাছিল যদিও আলোচনীখনত মন নবহাত আনটো কোঠাৰ পৰা ভাঁহি অহা শব্দবোৰ স্পষ্টকৈ কাণত পৰিলহি মেদিনীৰ।
:মই পিছে গৈ থাকো নেকি? - হাজৰিকাই ক’লে।
:ৰ’ব চাহ একাপ খাই যাওক, ঘৰলৈহে যাব।
:নহয় মানে ঘৰত কোনো নাই যে। এওঁ আকৌ পৰহি মানেহে আহিব হেনো মাকৰ ঘৰৰ পৰা।
:ভালহে তেতিয়া হ’লে, দেৰিকৈ সোমালেও ক’বলৈ কোনো নাই।
:নাই, সোনকালেই যাব লাগিব। আচলতে ৰাতিপুৱা আজি দিলীপ আহিছিল। চহৰৰ মাটিখিনি বেচি পোৱা টকাকেইটা দি থৈ গ’লহি। পিছে আজি দেওবাৰ হোৱাৰ বাবে টকাকেইটা বেংকত জমা কৰিব পৰা নহ’ল। তাতে আলমাৰীৰ তলাটোও এওঁ ক’ত থৈ গ’ল বিচাৰিয়েই নাপালো। সেইটো কথা যদি মই বাধা নিদিওঁ, দিন কালহে যেনেকুৱা।- মেদিনীৰ দেউতাকে ক’লে।
আলোচনীখন টেবুলতে থৈ মেদিনী বাহিৰলৈ আহিল।