পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অকলশৰীয়া নকৰে। সেই কথা জনাৰ পাছত তোক পুনৰ এবাৰ নিজৰ পৰা আতৰ কৰাৰ ভুল মই কৰিব নোৱাৰো।
 : পিছে তোৰ সন্তানটো?
 : গুৱাহাটীলৈ অহাৰ পাছত নেন্সিয়ে তাইৰ চিনাকী ডাক্টৰ এজনৰ ওচৰলৈ লৈ গ'ল মোক। তেখেতৰ হতুৱাই অপাৰেছ কৰি সন্তানটো জন্ম হোৱাৰ আগতেই...
 : বাদ দে সেইবোৰ কথা, ... (অলপ ৰৈ) প্ৰকৃত কথাটো কি জান?
 : কি?
 : মোৰ লগৰ অনুপম কেইদিনমানৰ আগতে শ্বিলঙলৈ আহিছিল। তেতিয়া সি তোক আৰু নেন্সিক তহঁতৰ ৰেস্তোঁৰেণ্টখনতে দেখা পালে। মোক গৈ পায়ে সি তোৰ বিষয়ে ক'লে। কথাটো জনাৰ পাছত যদিও মোৰ মনত তোৰ প্ৰতি বহুতো খং জমা হৈ আছিল তথাপিতো অবুজন মনত তোক এবাৰ চোৱাৰ প্ৰবল ইচ্ছাৰ জন্ম হ’ল। তই কিদৰে আছ’ সেই কথা জনাটোৱেই উদ্দেশ্য আছিল মোৰ শ্বিলং অহাৰ।
 : তেনেহ'লে নাটক কিয় কৰি আছিলি?
 : আগৰ পৰা ভাবিয়েই আছিলো তেনেদৰে ব্যৱহাৰ কৰিম বুলি।
 : পিছে এতিয়া? প্ৰশ্নটোৰ উত্তৰত সি অলপ সময় চাই ৰ'ল মোৰ চকুলৈ।
 : আকৌ পলাই আহিবি নেকি?
 : নাহো, ভুলতো নাহো।
 : আৰু যদি আহ?
 : আকৌ বিচাৰি আহিবি মোক আজিৰ দৰে।
 : নাহ, কোনো পধ্যে নাহো।
 : তই আহিবি, আহিবই লাগিব।
 : হ’ব যা এতিয়া তোৰ বস্তু বেহানি যি আছে লৈ আহ, গোটেই কাপোৰ তিতিলে মোৰ।
 মই দৌৰ মাৰিলো ভিতৰলৈ, কিছুমান অপূৰণ আশা পূৰণ হোৱাৰ আনন্দত।

এক ব্যৰ্থ যাত্ৰা/৫৭