পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : হেল্ল' দীপাংকৰ, ক'ত আছা তুমি? মেঘালীয়ে সুধিলে।
 : এই পালোহিয়েই, তুমি ক'ত আছা?
 : মই পাৰ্কৰ ভিতৰত, পিচে তোমাক চিনি পাম কেনেকৈ?
 : ওঁ ... এটা নীলা টি-চাৰ্ট, মাজত বগা বগা চেক আছে।
 : ঠিক আছে আহাঁ তুমি, আমি ৰৈ আছো বুলি কৈ মেঘালীয়ে সংযোগ কাটি দিলে। টিকট এটা কিনি সোমাই গ'লো পাৰ্কৰ ভিতৰলৈ। অলপ দূৰ যাওঁতেই এজনী ছোৱালী মোৰ দিশত আগবাঢ়ি আহি থকা দেখা পালো। দেখিবলৈ ধুনীয়াই, তায়েই নিশ্চয় মেঘালী।
 : তুমিয়েই দীপাংকৰ নিশ্চয়? ছোৱালীজনীয়ে সুধিলে।
 : হয়, আৰু তুমিয়েই মেঘালী?
 মোৰ প্ৰশ্নটোত আচৰিত হোৱাৰ ভাব ফুটি উঠিল তাইৰ মুখত।
 : মই আকৌ কেনেকৈ মেঘালী হ'ম। মোৰ নাম অঞ্জলি, মেঘালীৰ বৰ্তাৰ জীয়েক। মেঘালী সৌজনী বহি আছে।
 —অঞ্জলিয়ে আঙুলিয়াই দেখুৱালে।মই ওচৰ চাপি গ'লো আৰু প্ৰথমবাৰৰ বাবে মেঘালীক দেখা পালো। চকুত এযোৰ ক’লা চছমা আৰু হাতত অন্ধ মানুহে ব্যৱহাৰ কৰা লাখুটি এডাল লৈ বহি আছিল তাই।
 : তুমি জানিছিলাতো যে মেঘালীয়ে চকুৰে দেখা নেপায়? অঞ্জলিয়ে সন্দেহৰ ভাব লৈ সুধিলে। মোৰ তেতিয়া অলপ-চলপ মনত পৰিছিল কালি ৰাতি মেঘালীৰ সৈতে পতা বাকীখিনি কথা। মনত পৰিছিল তাই নিজৰ বিকলাংগতাৰ বিষয়ে কোৱা, পিছে সেইসময়ত তাই ধেমালি কৰিছিলে বুলি ভাবিছিলো মই। ভাবিছিলো। মোক লগ কৰিবলৈ নহাৰ বুদ্ধি বুলি।
 : অ’ জানো। মই লাহেকৈ উত্তৰ দিলো।
 : তেন্তে লগ কৰাই দিওঁ আহা, (মেঘালীৰ ওচৰলৈ গৈ) মেঘালী, এয়া তোমাৰ নতুন বছৰৰ নতুন বন্ধু।
 : হাই—মেঘালীয়ে হাতখন আগবঢ়াই দিলে।
 : হাই—মইও লগ লগাই দিলো মোৰ হাতখন।
 : তেনেহ'লে তোমালোকে কথা পাতা, মই অলপ বজাৰ কৰি আহো। যাবৰ

হ'লে মেঘালী মোলৈ কল এটা কৰি দিবা। মই তোমাক লৈ যামহি। বাই। অঞ্জলিয়ে ক'লে।

এক ব্যৰ্থ যাত্ৰা/৩৬