: আপোনাৰ নাম?
: মোৰ নাম বিক্ৰম, তোমাৰ?
: সুনয়না... (অলপ ৰৈ) কি কাম কৰে আপুনি?
: মই জিলা পুথিভঁৰালত কাম কৰো। হাতত থকা কিতাপখন দেখুৱাই
ক'লো।
: খুবেই ভাল, এটা সময়ত মোৰো খুব চখ আছিল কিতাপ পঢ়াৰ
: তেনেহ'লে আহিবা কেতিয়াবা পুথিভঁৰাললৈ।
: নিশ্চয়, পিছে মই পঢ়িব পৰা কিতাপ আছে জানো পুথিভঁৰালত?
: আছে সকলো ধৰণৰ কিতাপেই আছে। তাৰপাছত পুনৰ নিৰৱতা বিৰাজ
কৰিলে ডবাটোত। মনত তেতিয়াও কৌতুহলে খলকনি তুলি আছিল।
: তুমি মোলৈ কিয় চাই আছিলা?মই পুনৰ সুধিলো। তাই পুনৰ হাঁহিব
ধৰিলে। যেন মই তাইক এইমাত্ৰ এটা কৌতুকহে শুনালো।
: আপুনি ধুনীয়া দেখাত সেইবাবে। হাঁহি হাঁহি তাই ক'লে।
: মোৰ ঘৰত আইনা আছে। গতিকে সঁচাকে কোৱাচোন।
“মিছা কোৱা নাই... (অলপ ৰৈ) প্ৰকৃততে মোৰ বাবে সকলো মানুহেই ধুনীয়া।”
তাইৰ বিষয়ে বহুতো কথা জানিবৰ ইচ্ছা গৈছিল মোৰ। কিন্তু বাধা দিলে
ৰেলগাড়ীখনৰ উকিটোৱে।
“মোৰ নামিবৰ হ’ল। আপোনাৰ সৈতে চিনাকি হৈ ভাল লাগিল।” বুলি
কৈ তাই বেগৰ ভিতৰত কিবা এটা বিচাৰিব ধৰিলে। বেগটোৰ পৰা এযোৰ কলা
ৰঙৰ চশমা উলিয়াই তাই চকুযুৰি ঢাকিলে। তাৰ পিছত হাতত অন্ধ মানুহে ব্যৱহাৰ
কৰা ষ্টীক এডাল লৈ তাই ডবাটোৰ বাহিৰলৈ ওলাই গ'ল।
⸻⸻