: অ, বাৰু ছোৱালীজনী কোন গম পাইছনে?
: গম পাইছো, ভাবি আচৰিত লাগিছে, হঠাৎ তাৰ ভাগ্য ইমান ভাল হৈ গ’ল যে।
: তাকেহে, অজয়েও ফোন কৰিছিল, তাৰো প্ৰতিক্ৰিয়া আমাৰ দৰেই।
: পিছে যাবি কোনদিনা? মোৰ গাড়ীখনকে লৈ যাওঁ, ওলাবি লগতে।
: শুকুৰবাৰে ওলাবি। শনিবাৰেটো অফিচ বন্ধ। তাৰ পিছত অহা সপ্তাহটো
দুদিনমান ছুটী লৈ বিয়া খাই আহিম ভালদৰে।
: ঠিক আছে, শুকুৰবাৰে লগ পাম তেন্তে, বাই বুলি কৈ বাৰ্তালাপ সমাপ্ত
কৰিলে অনুপমে।
শুকুৰবাৰে ৰাতিপুৱাতে টালি-টোপোলা বান্ধি গাড়ীত ভৰাই ল'লো।
গুৱাহাটীৰ পৰা শিৱসাগৰলৈ প্ৰায় আঠঘণ্টাৰ বাট। যাত্ৰা আমনিদায়ক নহ'বৰ
বাবে বহুকেইখন অডিঅ’ চি.ডি. লৈ ল’লো লগত। ঘৰৰ পৰা ওলাই প্ৰায়
আধাঘণ্টামান পাছত অনুপমৰ কোৱাৰ্টাৰৰ সন্মুখত উপস্থিত হ’লোগৈ। টালি-
টোপোলা লগত লৈ সি আগতীয়াকৈ সাজু হৈ আছিল।
: গীফ্ট কি ল’লি শান্তনুক দিবলৈ। গাড়ীত উঠি অনুপমে সুধিলে।
: ঘড়ী এটা লৈছো, তই?
: মোবাইলৰ হেণ্ডচেট এটা কিনিলো, বৰ ধুনীয়া দেখাত। ভাবিছো নিজেই
ৰাখি লওঁ নেকি।
: গীফ্ট নিদিলেও সি বেয়া নেপায়, যাক নেপাই অতদিনে দুখ কৰি থাকিলে
তাইৰ সৈতেই বিয়া হ’ব ওলাইছে যেতিয়া।
: তাকেইতো। তোৰ মনত আছেনে, এদিন যে সি ক্লাচলৈ নগৈ ৰূমত কান্দি
আছিল।
: আছে, সি যে গম পাইছিল বন্দনাৰ বয়ফ্ৰেণ্ড থকাৰ কথা, সেইদিনা নহয়
জানো?
: অঁ অঁ আৰু তাৰ আগদিনা বন্দনাৰ জন্মদিন আছিল, মইও গৈছিলো তাৰ
লগত বন্দনা থকা হোষ্টেলটোলৈ। পিচে গৈ পাই তাইক আন কাৰোবাৰ সৈতে
পাৰ্কত বহি থকা দেখা পালো। জন্মদিনৰ উপহাৰ তাতে পেলাই সি আৰু ৰৈ
নাথাকিল সেই ঠাইত।
: হাঃ হাঃ, প্ৰথমতে বেচেৰালৈ বেয়া লাগিছিল। পিচে পিছলৈ আৰু খঙহে
উঠা হ’ল।এজনী ছোৱালীৰ কাৰণেই ইমানকৈ দুখ কৰি থাকে নেকি কোনোবাই?