তেনেতে দূৰৈত এখন জীপ গাড়ী আহি থকা দেখা পাই সি নিজকে ৰাস্তাৰ মাজৰ কালভাৰ্টটোৰ তলতে লুকুৱালে। তাৰ মূৰৰ ওপৰেৰে তীব্ৰ বেগেৰে পুলিচৰ জীপখন পাৰ হৈ গ'ল। মেদিনী ওলাই আহিল তলৰ পৰা। মনত লৈ ফুৰা ভয়টো বাঢ়ি গ'ল। ৰাস্তাটোৰ দুয়োফালে চাই সি ভাবিব ধৰিলে। এফালে গ'লে সি পুলিচৰ পৰা সাৰি যোৱাৰ আশা আছে। পিছে হাতত এক পইচাও নোহোৱাকৈ সি যাব ক'ত। যদি যাইও তেন্তে কোনোদিনে আৰু উভতি আহিব নোৱাৰিব ঘৰলৈ। সদায়ে পলাই ফুৰিব লগীয়া হ'ব পুলিচৰ পৰা। তাৰ বিপৰীত দিশত গলেও পৰিণতি প্ৰায় একেই। জেলৰ ভাত, সমাজত অপমান আৰু দেউতাকে যে ঘৰত কোনোদিনে সোমাব নিদিয়ে সেই কথা থিৰাং। কিন্তু সেইবোৰ কথাযে অপৰাধটো কৰাৰ আগতেই ভাবিব লাগিছিল।
বহুত সময় ভাবি মেলি থিৰ কৰিলে যে আত্মসমৰ্পণ কৰাই উচিত হব। অন্ততঃ দেউতাকৰ অলপ, সন্মান বাচি যাব। সেই উদ্দেশ্যেৰে সি ঘৰৰ দিশত খোজ ল'লে।
কালি ৰাতি
: মা মই ভাওনা চাবলৈ যাম দেই। অহা দেৰি হ'ব ৷ মেদিনীয়ে ক'লে।
: পাকঘৰত তলা এটা আছে সেইটো আগফালৰ দুৱাৰখনত লগাই চাবিটো লৈ যাবি। আমি পাছফালেদিয়েই ওলোৱা সোমোৱা কৰিম।
: ঠিক আছে।- মেদিনীয়ে ক'লে।
হাজৰিকাৰ ঘৰৰ পাছফালেদি থকা জেওৰাখন বগাই মেদিনী বাৰীৰ ভিতৰলৈ সোমালে। ৰাতি তেতিয়া নটামান বাজিছিল। পাকঘৰত কাহী-বাটিয়ে সৃষ্টি কৰা শব্দ তাৰ কাণত পৰিলহি। ভাত খাই উঠি বিচনালৈ যোৱাৰ আগেয়ে হাজৰিকা প্ৰস্ৰাৱ কৰিবলৈ বাহিৰলৈ নিশ্চয় আহিব। সেই অপক্ষাতে মেদিনী ৰৈ থাকিল আম গছজোপাৰ আঁৰত। প্ৰায় আধাঘন্টামান সময় তেনেদৰে থকাৰ পাছত ভবামতেই হাজৰিকা সোমোৱাৰ লগে লগে মেদিনীয়ে পাছফালৰ দুৱাৰখনেদি ভিতৰত প্ৰৱেশ কৰিলে আৰু দুৱাৰখন জপাই দিলে। লগে লগে দুৱাৰখনৰ তলৰ হুকটো নিজে নিজে গাতত সৰি পৰিল। হুকটো পুনৰ উঠাই থৈ সি ওপৰৰ আলমাৰি থকা কোঠাটোলৈ গ'ল। কোঠাটোত সোমাওতেই হাজৰিকাৰ ভৰিৰ শব্দ শুনা
পাই সি লৰালৰিকৈ বিচনাখনৰ তলত সোমাই গ'ল। বিচনাৰ তলতে থাকি সি