কি প্ৰতিক্ৰিয়া কৰিব সেই কথা ভাবি তাৰ অধিক ভয় লাগিল। গৈ সি পদুলিমুখ পালেগৈ কিন্তু তাত উপস্থিত কোনো মানুহৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাপালে। দেউতাকেও এবাৰ তাৰ ফালে চাই পুনৰ কথা পতাত ব্যস্ত হল।
: মানুহৰ কেতিয়া কি হৈ যায় কোনেও নাজানে। - ভিৰৰ মাজৰ পৰা এজনে মন্তব্য কৰিলে। কিন্তু হৈছে কি? জানিবৰ বাবে তাতে থিয় হৈ থকা উত্তম কাষলৈ গ'ল মেদিনী।
: অই উত্তম, কি হৈছে অ’ ইয়াত?
: ৰাজীৱ হাজৰিকা যে, যোৱাকালি ৰাতি ঢুকাল।
: কি? কিন্তু কেনেকৈ? - আচৰিত হৈ মেদিনীয়ে সুধিলে।
: খটখটিৰ পৰা বাগৰি পৰিল। মূৰটো পকাত খুন্দা খাই ফাটি গ’ল। গোটেই মজিয়া তেজেৰে ৰঙা হৈ আছে। আনকি তেজ দুৱাৰৰ তলেৰে বাহিৰলৈকে বৈ আহিছে। ৰাতিপুৱা গুৱালে গাখীৰ দিবলৈ আহোতে দেখা পাই চিঞৰ বাখৰ লগালতহে গম পালো।
: ভিতৰত কোনোবা সোমাইছিল কিজানি ৰাতি?– কৌতুহলেৰে মেদিনীয়ে সুধিলে।
: নাই, ঘৰৰ দুৱাৰকেইখন ভিতৰৰ পৰাই বন্ধ আছিল। ৰাতিপুৱাহে আগফালৰ দুৱাৰখন ভাঙি মানুহবোৰ সোমাই গৈছিল।
কিন্তু আগফালৰ দুৱাৰখনতো খুল খাই আছিল।- মেদিনীয়ে ভাবিলে, দুৱাৰখন থেলি থৈ আহোতে নিশ্চয় তলৰ হুকটো লাগি ধৰিছিল গাতত, সি ভাবিলে।
বগা চাদৰেৰে আৱৰা ৰাজীৱ হাজৰিকাৰ মৃতদেহটো বাহিৰলৈ উলিয়াই অনা হ’ল। লগে লগে এক মিশ্ৰিত অনুভূতিৰে ভৰি পৰিল মেদিনীৰ মন। এজন মানুহৰ মৃত্যুৰ বাবে দায়ী হ’ল সি ৷ তাৰ বিপৰীতে অত দেৰিৰ পৰা মনত লৈ থকা ভয়বোৰ লুকাই গ'ল মনৰ ভিতৰতে।
ঘটনাস্থলীত ৰৈ নাথাকি সি ঘৰমুৱা হ'ল। টোপনিয়ে চকুহাল হেঁচি ধৰিছিল