মই দিয়া বিয়াৰ প্ৰস্তাৱ কোনোবাই সন্মতি জনালে৷ ইমান ভাল লাগিছিল মোৰ।
পিছে তেওঁ কৈছিল যে তেওঁ হেনো খুব ব্যস্ত থাকে। গতিকে বিয়াখন কালিয়েই পাতিব লাগিব। মইও একো আপত্তি নকৰিলো, কি ঠিক পাছত যদি মোৰ মন সলনি হৈ যায়। তাৰ পাছত মন্দিৰ এটাত গৈ ভগৱানক সাক্ষী কৰি তেওঁৰ মূৰত সেন্দুৰ সানিলে আৰু আমাৰ বিয়া হৈ গ'ল। উসঃ ইমান ভাল লগা আছিল সেই মুহূৰ্তটো। এতিয়া আৰু মোক লৈ কোনেও ঠাট্টা কৰাৰ সুযোগ নেপায়। ঘৰতো কাৰো কথা শুনি থাকিব নেলাগে আৰু মই। মন্দিৰৰ পৰা তেওঁ মোক তেওঁ থকা কোঠাটোলৈ লৈ গ'ল। কোঠাটো সৰু। পিছে মানুহ দুজনহে। গতিকে অসুবিধা নাই। তাৰ পাছত তেওঁ মোক... লাজেই লাগে মোৰ ক’বলৈ। পিচে ৰাতিপুৱা সাৰ পাই দেখো তেওঁ বিচনাত নাই। কাপোৰ কানি পিন্ধি বাহিৰতো বিচাৰিলো কিন্তু তেওঁক বিচাৰি নেপালো। ৰাতিপুৱাৰ পৰা এতিয়া আবেলি হ'লগৈ। কিন্তু তেওঁৰ কোনো খবৰেই নাইচোন, আপুনিয়েই কওকচোন ক'ত বিচাৰি যাওঁ মই।
অংশুমানে অনুমান কৰিব পাৰিছিল প্ৰকৃততে কি ঘটিল আশাৰ সৈতে। কোনো অসভ্য মানুহে এই দুৰ্ভগীয়া ছোৱালীজনীৰ জৰিয়তে নিজৰ কামনা পূৰ কৰিলে। আশাৰ এই অৱস্থা দেখি তাৰ অলপো লাজ নেলাগিলনে? অংশুমানে ভাবিলে।
: তেওঁৰ ঘৰটোৰ আশে-পাশে থকা মানুহবোৰে কৈছে যে সেই ঘৰটোত কোনো নেথাকে। কিন্তু মই জানো যে সিহঁতে মিছাকৈ কৈছে। কোনেও মোৰ সুখ দেখিব নোৱাৰে। মোৰ পিচে খুব চিন্তা হৈছে, ক’ত বিচাৰি যাও মই? আপুনি মোক সহায় কৰকচোন বিচৰাত। কৰিবনে? কৰিবনে মোক সহায়? হাতযোৰ কৰি ৰৈ আছিল আশা অংশুমানৰ সন্মুখত। নিৰুপায় অংশুমানেও শব্দ বিচাৰি পোৱা নাছিল তাইক বুজাবলৈ।
⸻⸻