পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধোঁৱা

 শেষ নিশা কাহি কাহি সাৰ পাই উঠিলো টোপনিৰ পৰা। বিকট কাহৰ শব্দত পলাই ফাট মাৰিছিল ৰাতিৰ নিস্তব্ধতা। বিষত ফাটি যাব যেন লাগিল বুকুখন। বাথৰূমৰ লাইটটো জ্বলাই ডিঙিৰ লেতেৰাখিনি বাহিৰ কৰিবৰ চেষ্টা কৰিলো। ক’লা ক’লা বিজল পদাৰ্থবোৰ বিয়পি পৰিল বেচিনটোত। নিজকে খুব দুৰ্বল যেন অনুভৱ কৰিলো। দুবাৰমান দীঘলকৈ উশাহ লৈ ওলাই আহিলো বাথৰূমৰ পৰা। বিচনাখনত বহোঁতে বুকুখন পুনৰ বিষাব ধৰিলে। কাহি কাহি বাগৰি পৰিলো মাটিত। অসহ্য বিষ, উপায়বিহীন হৈ হাতেৰে বুকুখন মোহাৰিব ধৰিলো।...... খিৰিকীৰ বাহিৰত ঘোপ মৰা অন্ধকাৰ। পোহৰ হোৱাৰ অপেক্ষাত বহি থাকিলো বিচনাতে। টেবুলত থকা ঘড়ীটোৰ শব্দ আৰু বুকুৰ স্পন্দন একেলগতে শুনা পালো। জীয়াই থাকিবৰ তীব্ৰ ইচ্ছা হৈছিল সেই মুহূৰ্তত। অতবোৰ সপোন, অতবোৰ আশা পূৰণ কৰিবলৈ আছে... সকলো ঠিক হৈ যাব, সকলো ঠিক হৈ যাব ... নিজকে ক'লো।

 এঘণ্টামানৰ পাছত জিলমিলকৈ টোপনি আহিল কিন্তু দুঘণ্টামান শুৱাৰ পাছত কাহি কাহি পুনৰ সাৰ পাই উঠিলো। বাহিৰত পোহৰ হৈছিল ইতিমধ্যে। দেখা পাই মনটো অলপ ভাল লাগিল।

 মুখ ধুওঁতে পুনৰ ক’লা ক’লা বিজল দ্ৰব্যবোৰ ওলাই আহিল। সোনকালে ডাক্টৰৰ ওচৰলৈ যোৱাই উচিত হ’ব, মনতে ভাবিলো। পলম নকৰি ঘৰৰ ওচৰতে থকা হস্পিতালখনলৈ যাবলৈ বুলি সাজু হ’লো। ঘৰত তলা লগাই ৰাস্তাত ভৰি দিলো। বুকুৰ বিষটো বাঢ়িব ধৰিলে। হস্পিতালখনলৈ বেচি দূৰ নহয়, খোজ কাঢ়িলে দহ মিনিটমান সময় লাগিব। সেইখিনি সময় বিষটো সহ্য কৰিব পাৰিম বুলি মনতে সাহস গোটালো। কেইখোজমান আগবঢ়াৰ পাছত চকুত পৰিল দোকান এখনৰ ওপৰত লাগি থকা চিগাৰেটৰ বিজ্ঞাপনটোলৈ। বিজ্ঞাপনটোৰ তলত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল, ‘স্মকিং কিলচ', ফ্লেক, গ'ল্ডফ্ৰেক, নেভি কাট

সকলোৰে পেকেটতেটো লিখা থাকে শব্দ দুটা। গুৰুত্ব কিন্তু কেতিয়াও দিয়া

এক ব্যৰ্থ যাত্ৰা/৫৮