পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৩০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খাম দিয়ক। গধূলি এনেয়ে পাক এটা মাৰিম বাৰু।
 : তোৰ ইচ্ছা। মই এতিয়া আহোঁ। ঘৰটোকে অলপ চাফচিকুণ কৰোগৈ।
 আবেলিলৈ আকাশখন ডাৱৰে আৱৰি ধৰিলে। বাহিৰৰ চাংখনৰ ওপৰত থকা খৰি কেইডাল ভিতৰলৈ ভৰাই লখিমীয়ে হাত ভৰিকেইটা ধুলে। হাতত বহুদিনৰ পুৰণা আলোচনী এখন লৈ বিচনাতে দেহাটো পেলাই ল'লে। আলোচনীখনৰ পৃষ্ঠাত কইনাৰ সাজত থকা ছোৱালী এজনী দেখা পাই লখিমীৰ মনত পৰিল ৰুবুলৰ বিয়াৰ ফটোবোৰৰ কথা। বহুদিনৰ আগতে মিতালীয়ে এদিন দেখুৱাইছিল ফটোবোৰ। ৰুবুলৰ কইনাজনী খুবেই ধুনীয়া। প্ৰত্যেকখন ফটোতে মুখত বিৰিঙি থকা হাঁহিটো স্পষ্ট। কিমান যে ভাগ্যশালী তাই। কথাবোৰ ভাবি থাকোতেই লখিমীক টোপনীয়ে সাবটি ধৰিলে।
 আবেলি আঁতৰি গধূলি নামি আহিল। বতৰটো এতিয়াও ডাৱৰীয়া, যিকোনো মুহূৰ্ততে নামি আহিব পাৰে বৰষুণ।  : অই লখিমী, আছনে ঘৰত?–বাহিৰৰ পৰা ভাঁহি অহা মাতষাৰত তাইৰ চকুহাল মেল খালে। ইমানবোৰ বছৰৰ পাছতো একেবাৰতে চিনি পালে ৰুবুলৰ মাতটো তাই। টেবুলৰ ওপৰত থকা মমডাল জ্বলাই কোঠাটোৰ ভিতৰৰ অন্ধকাৰ খিনি যিমান সম্ভৱ দূৰ কৰাৰ চেষ্টা কৰিলে লখিমীয়ে।
 : ভিতৰলৈ আহ।-দুৱাৰখন খুলি লখিমীয়ে ৰুবুলক ভিতৰলৈ মাতিলে। পাছে পাছে সোমাই আহিল ৰুবুলৰ পত্নী আৰু সিহঁতৰ তিনিবছৰীয়া ছোৱালীজনীও।
 : কিবা কৰি আছিলি?–ৰুবুলে সুধিলে।
 : নাই এনেয়ে বিচনাতে পৰি আছিলো, বহচোন।– বুলি কৈ তিনিওকে বিচনাখনতে বহিবলৈ দিলে।
 : এয়া নন্দিনী, মোৰ শ্ৰীমতী। তইতো এওঁক লগেই পোৱা নাই চাগৈ আগতে?
 : লগ পোৱা নাই, ফটোতহে দেখিছো।– লখিমীয়ে ক'লে।
 : মইও তোমাক ফটোতেই দেখা, অৱশ্যে তোমাৰ কথা শুনিয়েই থাকো, কেতিয়াবা মিতালীৰ মুখত, কেতিয়াবা এওঁৰ মুখত। সৰুতে সকলোৱে তোমাক এওঁৰ লগত জোকাইছিল বুলি কৈ মোক খুব জ্বলাই থাকে বুজিছা। হাঁহি হাঁহি

নন্দিনীয়ে ক'লে। লখিমীয়েও চেষ্টা কৰিলে হাঁহিবৰ৷

এক ব্যৰ্থ যাত্ৰা/৩০