ওলায় অহাৰ পাছত প্ৰথম তাইৰ কাষলৈকে যোৱাৰ কথা মই ভাবিছিলো। তেতিয়া
তাই গুৱাহাটীতে আছিল। পাছত তাইৰ সৈতে মইও শ্বিলঙ পালোহি আহি।
লাহে লাহে নেন্সিহঁতৰ ঘৰটোৱেই হৈ পৰিল মোৰো ঘৰ। নেন্সিৰ মাক-দেউতাক
অতি মৰমিয়াল মানুহ। মোকো তেওঁলোকে নিজৰ ছোৱালীৰ দৰেই জ্ঞান কৰে।
তথাপিতো ‘নিজৰ দৰেই’ আৰু নিজৰ মাজত যেন লুকাই থাকে বহুতো দুখ।
নেন্সিৰ দেউতাকে তেওঁৰ ডেকাকালতে শ্বিলঙত ‘নাইট স্কাই’ নামৰ এখন
ৰেষ্টোৰেণ্ট খুলিছিল। বৰ্তমান ৰেষ্টোৰেণ্টখনৰ আধা কামৰ দায়িত্ব নেন্সি আৰু
মোৰ ওপৰত।
: ইমানকৈ কি ভাবিছ তই? নেন্সিয়ে পুনৰ সুধিলে।
: নাই একো নাই, ব’ল তাতে বহোঁ। বহল ঘাঁহনিখনৰফালে দেখুৱাই নেন্সিক
ক’লো। সৰু সৰু ঘাঁহেৰে আবৃত ঠাইডোখৰত গৈ আমি কঢ়িয়াই অনা বস্তুখিনি
ৰাখিলো। নেন্সিয়ে বগা চাদৰখন মাটিত পাৰি এটা এটাকৈ বস্তুবোৰ তাত ৰাখিলে।
বেলিটোৱেও যেন আমালৈহে অপেক্ষা কৰি আছিল। ডাৱৰৰ আঁৰৰ পৰা ওলাই
এফালৰ পৰা পোহৰ সানি গ'ল সেউজীয়া ঘাঁহৰ ওপৰত। আমাৰ পাছফালে
দূৰৈত দেখা পালো কেইবাটাও জলপ্ৰপাত। দেওবাৰে আমি সদায় আহো পিকনিক
খাবলৈ, সেই চলেৰে প্ৰাণখুলি কথা পাতো আমি দুয়ো, মই মোৰ বিষয়ে কওঁ,
নেন্সিয়েও তাইৰ আৰু জনছনৰ হ’বলগীয়া বিয়াখনৰ বিষয়ে কয়।
: মই জানো তই কি ভাবিছ। নেন্সিয়ে ক'লে।
: কি জান?
: তই ভাবিছ মোৰ বিয়াৰ পাছত তই অকলশৰীয়া হৈ যাবি বুলি, হয় নে
নাই?
: তোৰ ঘৰলৈ উভতি যাবৰ মন যায়নেকি?
: যায়, ভৱিষ্যতৰ কথা যেতিয়াই ভাবো তেতিয়াই উভতি যাবৰ মন যায়
মা-দেউতাৰ কাষলৈ। কিন্তু যাওঁ কেনেকৈ, তাৰ মানুহবোৰে মোৰ সৈতে কি ধৰণৰ ব্যৱহাৰ কৰিব সেই কথা ভাবি মোৰ ভয় লাগে।
: তেনেহলে থাকিবি ইয়াতে, মাম্মী-পাপাৰ সৈতে।
: ওঁ—লাহেকৈ উত্তৰ দিলো। পুনৰ এবাৰ ভৱিষ্যতৰ চিন্তাই মনটো জোকাৰি গ’ল। এনেকুৱা মুহূৰ্তবোৰতে ভগৱানৰ ওচৰত হাতযোৰ কৰি প্ৰাৰ্থনা কৰাত বাধ্য