সমললৈ যাওক

পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিয়া দিয়াৰ চেষ্টা কৰি আছিল। পিছে মানুহে তাইক চাবলৈহে আহে। এবাৰ তাইক দেখাৰ পাছত সিহঁতৰ দেখাদেখি নোহোৱা হয়। সেই কাৰণতে আশাৰ মনটো লাহে লাহে মৰহি যাব ধৰিলে। কেইমাহমান আগতে এজন ল'ৰা আহিছিল তাইক চাবলৈ, পচন্দও কৰিছিল। বহু দিনৰ আশা পূৰণ হোৱাৰ আনন্দত ঘৰখন মুখৰিত হৈ পৰিছিল। আশাৰ কথাটো ক'বই নেলাগে, কি ফুৰ্তি সেইকেইদিন। পিছে সেই আনন্দ বেচিদিন নৰ'ল। যৌতুকৰ নামত আগতীয়াকৈ বহুত টকা লৈ ল’ৰাই পলাই পটং দিলে। বিয়াৰ ৰভা ৰভা হৈয়েই থাকিলে। ওচৰ-পাজৰৰ মানুহবোৰে সেই কথাকে লৈ বহুদিনলৈ ৰগৰ কৰিলে। পাছলৈ গম পালো যে ছোৱালীজনী আগৰ দৰে হৈ থকা নাই, ঘৰত থাকিলে ওচৰতে যি বস্তুকে পাই ভাঙি থানবান কৰে আৰু বাহিৰত মতা মানুহ দেখিলেই তাইৰ মুখত এটাই কথা, এই শুনিলেই নহয় আপুনি।
 : তাকেহে বেয়াই লাগে কাৰোবাক এনে অৱস্থাত দেখিলে।
  তাৰ পিছত বহুদিনলেকৈ সেই ঘটনাটোৱে অংশুমানৰ মনটোক আমনি কৰি ৰাখিল। কলেজৰ পৰা আহোঁতে তেওঁ প্ৰায়েই ইফালে-সিফালে চাই, জানিবৰ মন যায় আশাৰ খবৰ। কেইমাহমান পাছত তেওঁৰ সেই হেঁপাহ পূৰণ হ'ল। ঘৰলৈ আহি থাকোতে হঠাৎ বাচষ্টপত বহি থকা আশাৰ ওপৰত চকু পৰিল অংশুমানৰ। অকলশৰে মন মাৰি বহি আছিল তাই।
 : আশা, ভালনে তোমাৰ? অংশুমানে সুধিলে।
 : অ’, আপুনি, মোৰ ভাল নহয়। বৰ ডাঙৰ বিপদ এটাত পৰিছো মই।
 : কি বিপদ?
 : মোৰ মানুহজন হেৰাইছে, ৰাতিপুৱাৰে পৰা চাৰিওফালে বিচাৰি ফুৰিছো, কিন্তু ক'তো বিচাৰি পোৱা নাই।
 : তোমাৰ মানুহজন মানে?
 : অ’, মোৰ বিয়া হ’ল নহয়। বৰ লৰালৰিকৈ পাতিলো, কাকো মতাই নহ'ল। বেয়া নেপাব।
 : কিন্তু কেতিয়া?
 : কালি।
 : কালি?

 : অঁ‌ কালি। কালি দিনত এই বাছষ্টপটোতে লগ পালো তেওঁক। প্ৰথমবাৰ

এক ব্যৰ্থ যাত্ৰা/১৭