কাষতে বহি থকা অতবোৰ চিনাকী চেহেৰা। ভয় লাগিল, এটা নিঃসংগ ভৱিষ্যতৰ
কল্পনাই মনটো চুই যোৱাত। মনটো অলপ বেয়া লগাত জুইকোৰাৰ কাষৰ পৰা
উঠি আহি হোষ্টেলৰ বাৰাণ্ডাত বহিলোহি অকলশৰে। গধুৰ হৈ পৰা মনৰ ভাববোৰ
অন্য দিশে নিয়াৰ উদ্দেশ্যেৰে জেপৰ পৰা ম'বাইল ফোনটো ওলিয়াই হাতত
তুলি ল'লো আৰু ভাবিলো, কিযে বস্তু এই মোবাইলটোও, কেইটামান সংখ্যা
হেঁচা মাৰিলেই আঁতৰি যায় মানুহৰ মাজৰ দূৰত্ববোৰ... মোৰ দৰে অন্য কোনোবাইও
বাৰু আছেনেকি আজি নৱবৰ্ষৰ প্ৰথম নিশাত দুখ মনেৰে। আগ-পিছ নেভাবি
আঙুলিকেইটাই কেইটামান সংখ্যা হেঁচি দিলে ফোনটোৰ কি-পেডত। তিনি-
চাৰিবাৰ মান ৰিং কৰাৰ পাছত আনটো দিশৰ পৰা এজন মতা মানুহৰ মাত ভাঁহি
আহিল।
: হেল্ল’—মানুহজনে ক'লে।
: হেপ্পি নিউ ইয়েৰ।
: থেংক্স এণ্ড চেম টু ইউ, পিছে বেয়া নেপাব, কিন্তু কোনে কৈছে সেইটোহে
ধৰিব পৰা নাই। উত্তৰত পুনৰ এবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই কাটি দিলো সংযোগ।
পুনৰ আঙুলিকেইটা ব্যস্ত হ’ল। এইবাৰ এজনী ছোৱালীৰ মাত ভাঁহি আহিল
আনটো দিশৰ পৰা।
: হেল্ল’ কোনে কৈছে? সেয়াই আছিল মেঘালীৰ মুখৰ পৰা ওলাই মোৰ
কাণত পৰা প্ৰথমকেইটা শব্দ।
: হেপ্পি নিউ ইয়েৰ।
: থেংক ইউ, পিচে কোনে কৈছে ক’ব নেকি?
: এজন অচিনাকীয়ে কৈছো নৱবৰ্ষৰ প্ৰথম নিশা অন্য এজন অচিনাকীৰে
চিনাকী হোৱাৰ উদ্দেশ্যেৰে।
: পিছে অচিনাকীজনৰ নাম এটাটো আছে নিশ্চয়?
: দীপাংকৰ, আৰু তোমাৰ নাম?
: মোৰ নাম মেঘালী।
সেয়াই আছিল আৰম্ভণি, তাৰ পিছৰ মুহূৰ্তকেইটাত মেঘালীৰ বিষয়ে জানিলো
আৰু বহুখিনি কথা। জানিব পাৰিলো সৰুতেই এটা দুৰ্ঘটনাত তাইৰ মাক-দেউতাক
ঢুকুৱাৰ কথা, তাৰ পাছত গুৱাহাটীতে খুৰাকৰ ঘৰত থাকি ডাঙৰ-দীঘল হ’ল
তাই। এটা চিনাকী নিসংগতাৰ সুৰ অনুভৱ কৰিলো তাইৰ কথাৰ মাজত, সঁচাকৈয়ে
এক ব্যৰ্থ যাত্ৰা/৩৪