পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোঠাটোতেই যেন আবদ্ধ তেওঁৰ পৃথিৱীখন। তাত পৰি থকা নিৰ্জীৱ যন্ত্ৰ পাতিবোৰেই যেন তেওঁৰ বন্ধু। মনত পৰিছিল তেওঁৰ পত্নীয়ে ঘৰখন এৰি যাবৰ সময়ত কোৱা কথাষাৰ, —“তুমি ইয়াতে মৰি গেলি পচি যাবা আৰু কোনেও গমেই নাপাব।” এটা ডাঙৰ ভুলৰ বাহিৰে অন্য একো নহয় তেওঁৰ জীৱনটো, ড° বৰাই অনুভৱ কৰিলে। কিন্তু এতিয়াও সময় আছে নিজকে সলনি কৰাৰ বাবে। তেওঁ থিৰাং কৰিলে যে জীৱনৰ বাকীছোৱা সময় তেওঁ সাধাৰণ মানুহ এজনৰ দৰেই অতিবাহিত কৰিব। নতুন বন্ধু গঢ়িব, পত্নী আৰু পুত্ৰক ঘৰলৈ ওভতাই আনিব। মনত এনে ধৰণৰ সংকল্প লৈ গৱেষণাগাৰটোৰ দুৱাৰত এটা ডাঙৰ তলা লগাই দিলে। সেইখন দুৱাৰ পুনৰ কোনোদিনে নোখোলোঁ বুলি ভাবি ড° বৰা নিজৰ শুৱনী কোঠাটোলৈ আহিলে। কোঠাটোৰ ওপৰছোৱাত মকৰাই এখন সাম্ৰাজ্য গঢ়ি তুলিছিল। মজিয়াত পৰি আছিল বিভিন্ন ধৰণৰ আৱৰ্জনা। বিচনাখনৰ ওপৰত কাপোৰৰ দম। কোঠাটোৰ এটা চুকত থকা দাপোণখনত নিজৰ চেহেৰাটো সন্ধান কৰাৰ চেষ্টা কৰিলে ড০ বৰাই। ডাঢ়ি আৰু চুলিৰ অৰণ্য এখনৰ মাজত লুকাই পৰিছে চাল মঙহৰ চেহেৰাটো। দাপোণখনৰ কাষতে আছিল ড° বৰাৰ পুত্ৰ দীপাংকৰৰ ফটো এখন। মনত পৰিছিল দীপাংকৰৰ সৈতে কটোৱা মুহূৰ্তবোৰৰ কথা। ৰজা ৰাণীৰ সাধুৰ বিপৰীতে দীপাংকৰে শুনিছিল বিজ্ঞানৰ সাধু। দীপাংকৰে সদায় বিশ্বাস কৰিছিল যে তাৰ দেউতাকে এদিন এটা টাইম মেচিন সাজি উলিয়াব। ঘৰৰ সমুখৰ দোকানখনৰ পৰা এটা ঝাড়ু, এটুকুৰা চাবোন, এখন দাঢ়ি কটা ব্লেড আদি সামগ্ৰী কিছু কিনি আনি ড° বৰাই ঘৰখনৰ লগতে নিজকো এক নতুন ৰূপ দিয়াৰ চেষ্টা কৰিলে।কাম শেষ কৰি দেহটো এযোৰ চফা কাপোৰেৰে ঢাকি ঘৰৰ বাহিৰলৈ ওলাই আহিল তেওঁ। পৃথক দৃষ্টিভংগীৰে পৃথিৱীখন চোৱাৰ চেষ্টা কৰিলে ড° বৰাই। অলপদূৰ খোজ কঢ়াৰ পাছত বৰা উপস্থিত হ'লহি এখন পাৰ্কৰ সমুখত। পাৰ্কৰ ভিতৰত দেউতাকৰ সৈতে খেলি থকা সৰু ল'ৰা এটা দেখা পায় তেওঁৰ নিজৰ পুতেকলৈ মনত পৰিছিল। দুবছৰৰ আগতে যিদিনা শেষবাৰৰ বাবে দীপাংকৰক তেওঁ দেখিছিল সেইদিনা তাৰ অষ্টম জন্মদিন আছিল। হাতত কেকৰ টোপোলা এটা লৈ সি ৰাতিপুৱাই ঘৰলৈ আহিছিল সেইদিনা। দিনটো দেউতাকৰ লগত কটোৱাৰ পাছত সন্ধিয়া মোমায়েকে নিবলৈ আহোঁতে খুব কান্দিছিল সৰু ল’ৰাটোৱে। তাৰ কান্দি থকা চেহেৰাটো মনলৈ ভাহি অহাত ড° বৰাৰ চকুহালো সেমেকি পৰিল। দীপাংকৰ আৰু তাৰ মাকক ঘৰলৈ ওভতাই অনাৰ উদ্দেশ্যেৰে