পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছিল নে নিজে থকাটো বিচাৰিছিলো নেজানো। হঠাৎ অলপো চিন্তা নকৰাকৈ এটা প্ৰস্তাৱ দিলো, মেঘালী,নতুন বছৰৰ প্ৰথম দিনটোত আহা লগ হওঁ ক'ৰবাত।
 : কোনো দৰকাৰ নাই। এটা অচিনাকী ল’ৰাৰ লগত ইমান দেৰি যে কথা পাতিলো সেয়াই বহুত, ফোনটো ৰাখা এতিয়া, শুভ ৰাত্ৰি।
 অন্য কোনোদিনা হোৱাহেঁতেন এইখিনিতে সমাপ্ত হ’লহেঁতেন গল্পটো, সেইদিনা কিন্তু মদৰ নিচাত শব্দবোৰ অলপো কষ্ট নকৰাকৈয়ে ওলাই আহিছিল।
 : কলটো ডিছকানেক্ট কৰাৰ আগতে এটা মাত্ৰ প্ৰশ্ন সুধো, তুমি বিশ্বাসনে যে পৃথিৱীত ঘটা প্ৰতিটো ঘটনাৰে কিবা নহয় কিবা এটা অৰ্থ আছে?
 : কি ক’ব বিচাৰিছা স্পষ্টকৈ কোৱা।
 : তুমি যদি এতিয়া ক’লটো ডিছকানেক্টকৰি দিয়া তেন্তে মই পুনৰ কেতিয়াও দিগদাৰ নিদিওঁ আৰু আমাৰ কাহিনী ইয়াতে শেষ। কিন্তু তাৰ বিপৰীতে যদি তুমি কাইলৈ মোক লগ কৰিবলৈ আহাঁ তেন্তেহ’ব পাৰে আমি খুব ভাল বন্ধু হৈ পৰো, আৰু এইটোও হ’ব পাৰে যে আমাৰ বন্ধুত্বই নতুন ৰূপ লৈ লয়... আৰু আজিৰ পৰা বহু বছৰৰ পাছত কিজানি আমি আজিৰ এই মুহূৰ্তটোকে সোঁৱৰাম বাৰে বাৰে।
 : সপোন দেখি খুব ভাল পোৱা যেন পাইছো, লগ কৰিবলৈ আহিম বাৰু পিছে তোমাৰ সপোনটো সপোন হৈয়েই থাকিব, সেইটো মনত ৰাখিবা।
  তাৰ পাছত ৰাতিটোৰ বাকীখিনি সময় কিদৰে পাৰ হৈছিল মোৰ অলপো মনত নাই। ৰাতিপুৱা নিজকে বিচনাত শুই থকা পাই নিজেই আচৰিত হৈছিলো। দাঁত ব্ৰাচডাল ঘঁহি থাকোতে মনত পৰিল মেঘালী নামৰ ছোৱালী এজনীৰ সৈতে ৰাতি কথা পতা আৰু আবেলি নেহেৰুপাৰ্কত লগ কৰিবলৈ আহিম বুলি কোৱাৰ কথা। সঁচাকৈ কৈছিলো নে সপোনত দেখিছিলো? সন্দেহ দূৰ কৰিবলৈ ম'বাইলটো চালো; ফোনবুকত এটা নতুন নাম্বাৰ ষ্ট'ৰ হৈ আছিল, মেঘালীৰ নামত। তাৰ পাছত ভাবিলো লগ কৰিবলৈ যাওঁ নে নেযাওঁ, দেখিবলৈ ভয়ংকৰ হয় যদি? এটা বুদ্ধি খেলালে, ঠিক চাৰে তিনি বজাত ম'বাইলত এলাৰ্ম দি থ’লো। যদি দেখিবলৈ বেয়া হয় বা অন্য কিবা খেলিমেলি হয় তেন্তে অতি দৰকাৰী কল অহাৰ অভিনয় কৰি পলাম তাৰ পৰা।
  আবেলি ঠিক তিনিবজাত মই পানবজাৰত বাচৰ পৰা নামিলো আৰু

নেহেৰুপাৰ্কৰ দিশত আগবাঢ়িলো। তেনেতে জেপত থকা ফনটো বাজি উঠিল।

এক ব্যৰ্থ যাত্ৰা/৩৫