তই ব’লচোন কাইলৈকে হোষ্টেলতনো কি কৰি থাকিবি?
অলপ সময় চিন্তা কৰাৰ ভাও ধৰিলে শান্তনুয়ে
: কাইলৈ? (অলপ ৰৈ) ... যাব পাৰি।
: তেতিয়া হ'লে টিকট দুটা কাটি আহিব লাগিব। বিহুৰ বতৰ বহুত ভিৰ হ’ব
নহ'লে।
: হ’ব দে, মই আবেলি গৈ টিকট দুটা কাটি আহিম বাৰু।
: ঠিক আছে, এতিয়া ৰাখো দে বাই।
বন্দনাহঁতৰ আৰু আমাৰ ঘৰৰ মাজৰ ব্যৱধান ছয়টা ঘৰৰ। একেলগে স্কুললৈ
যোৱাৰ দিনৰ পৰা আজি গুৱাহাটীলৈ পঢ়িবলৈ অহা দিনলৈকে আমাৰ বন্ধুত্বই
বাৰ বছৰ পাৰ কৰিলে। মই গুৱাহাটী বিশ্ববিদ্যালয়ত থকাৰ বিপৰীতে তাই বৰ্তমান
থাকে সন্দিকৈ কলেজৰ ছাত্ৰীবাসত
হাঁহি-কান্দোন, ধেমালী-কাজিয়া আদিৰে ভৰা যোৱা বাৰটা বছৰত আমাৰ
সম্পৰ্কই বহুবাৰ নতুন ৰূপ লৈছিল। মনলৈ যেতিয়াই ভাহি আহে তাইৰ সৈতে
কটোৱা মুহূৰ্তবোৰৰ স্মৃতি, তেতিয়াই মনত ফুলি উঠে বহুজোপা কৃষ্ণচূড়া, বহুজোপা
সোণাৰু ... ফুলি উঠে মোৰ মৰমবোৰ, ৰঙা, হালধীয়া ফুল হৈ।
: কোনে ফোন কৰিছিল,বন্দনাই নেকি?বৰ চিন্তাত পৰি গলিচোন—অজয়ে
সুধিলে।
: কাইলৈ ঘৰলৈ যাবলৈ লগ ধৰিছে।
: আৰু তই কি ক’লি? অনুপমে সুধিলে আৰু তিনিওটাই মোৰ ফালে
কৌতুহলেৰে চালে।
: যাম বুলি।
: জানিছিলো তই যাম বুলিয়েই কবি বুলি, পিছে লাভ কি কচোন? তাই
আন কাৰোবাক ভাল পাই, আৰু তই তাইক। তেনেক্ষেত্ৰত তই তাইৰ পৰা আঁতৰি
থকাটোৱেই উচিত। নহ'লে তহঁতৰ সম্পৰ্কটো জটিলহে হৈ পৰিব।
: জটিল হৈ পৰিব জানো কিন্তু নাযাওঁ বুলি ক’বও যে নোৱাৰো। ইমান বছৰ
ধৰি তাইক নিজৰ বুলি ভবাৰ পাছত এতিয়া হঠাতে কেনেকৈনো মনৰ পৰা আঁতৰাই
পেলাওঁ।
: এটা কাম কৰ, তই যা তাইৰ লগত আৰু তোৰ মনৰ সকলো কথা কৈ দে
তাইক। এইদৰে কথাবোৰ মনতে লৈ তই দুখ কৰি থকাৰ কোনো প্ৰয়োজন নাই।