ভালপোৱা, বন্ধুত্ব ইত্যাদি
এক.
দেহটো হোষ্টেলৰ বিচনাত পেলাই মনটো এৰি দিছিলো বাহিৰৰ
পৃথিৱীখনলৈ। সোণাৰুৰ হালধীয়া ৰং আৰু কৃষ্ণচূড়াৰ ৰঙা ৰং মিহলি হৈ সৃষ্টি
হোৱা দৃশ্যত থমকি ৰৈছিল মোৰ চকু। কবি হোৱাহেঁতেন সেই দৃশ্যৰ ওপৰত
কবিতা লিখিলোঁহেঁতেন, চিত্ৰকৰ হোৱাহেঁতেন ধৰি ৰাখিলোঁহেঁতেন কেনভাছত। পিছে..
: অই দেবদাস, তাচ খেলো আহ। এটা প্লেয়াৰ কম হৈছে।
—অনুপমে কোঠাটোৰ আনখন বিচনাৰ পৰা ক'লে।
: নেখেলো, মন নাই।
: মন থাকিব ক’ৰ পৰা মনযে আছেগৈ বন্দনাৰ কাষত।
—পাতবিলাক তচিয়াই তচিয়াই অজয়ে ক'লে।
: বন্দনাৰ ওচৰত নে বন্দনাৰ নতুন বয়ফ্ৰেণ্ডৰ ওচৰত?
—কৌশিকৰ প্ৰশ্নটো শুনি তিনিওটাই হাঁহিব ধৰিলে।
বিহুৰ বাবে আজিৰ পৰা ক্লাচ বন্ধ। ঘৰলৈ যোৱাৰ আগতে দুদিনমান
হোষ্টেলতে থাকি ফুৰ্তি কৰি লও বুলি গোটেই কেইটাই থিৰাং কৰিলো। অজয়ে
কোৱাৰ দৰে ঘৰত প্ৰথম দুদিনমান থাকিহে ভাল লাগে, পিছলৈ আমনি লগা হয়।
তেনেতে টেবুলত থকা মোবাইলটো বাজি উঠিল, বন্দনা কলিং..
: হেল্ল’ শান্তনু, কি খবৰ তোৰ? বন্দনাই ক'লে।
: ভালেই, তোৰ ভাল?
: মোৰো ভালেই, তহঁতৰ আজিৰে পৰা ক্লাচ বন্ধ ন?
: অঁ বন্ধ। তহঁতৰোতো বন্ধ?
: অঁ। (অলপ ৰৈ) পিছে ঘৰলৈ কেতিয়া যাবি?
: দুদিনমান পাছত যাওঁ বুলি ভাবিছো, তই?
: মই কাইলৈকে যাম। পিছে ইমান দূৰ অকলশৰে যাবলৈ আমনি লাগিব।