: কি অ’ডেকা ল'ৰা কি খবৰ?— মেদিনীক বাহিৰতে লগ পাই হাজৰিকাই সুধিলে।
: ভালেই খুৰা-বুলি কৈ মেদিনীয়ে চাইকেলৰ ষ্টেণ্ডডাল উঠালে।
:কোনোবাফালে যাবি?
: অলপ তিনি আলিৰ পৰা আহো।
: তেনেহলে মোৰ কাম এটা কৰি দিবিচোন।
: কি কাম?
: এই পঞ্চাছ টকাটো ৰাখ আৰু ভাল চাই তলা এটা লৈ আহিবিচোন।
: ঠিক আছে বাৰু বুলি কৈ মেদিনী চাইকেলত উঠিল।
যোৱা বৃহস্পতিবাৰৰ ৰাতি
চাৰিকোণীয়া টেবুলখনৰ এটা মূৰত দেউতাক আৰু আনটো মূৰত মেদিনী বহিছিলহি ভাত খাবলৈ। মাকে এটা এটাকৈ খোৱাবস্তুবোৰ আনি টেবুলত গোটালেহি।
: তোমালৈও লৈ আনা।- দেউতাকে ক'লে
: অঁ আনিম, পানীৰ গিলাছটো দি লওঁ আগতে। ধন তোক আৰু ভাত লাগিব নেকি?
:নাই নালাগে।-মেদিনীয়ে ক'লে—মাকে থাল এখনৰ ওপৰতে গিলাছ তিনিটা লৈ আহিল।
: আপুনি কাৰোবাৰ ঘৰলৈ গৈছিলে নেকি? দেৰি হ’ল যে অলপ? - সমুখতে ভাতৰ থালখন লৈ মেদিনীৰ মাকে সুধিলে।
অঁ এই হাজৰিকাৰ ঘৰৰ সমুখেৰে যাওঁতে তেওঁ মাতি দিলে। তাতে বহি অলপ সময় আড্ডা মাৰিলো।
ঘৈণীয়েক মাকৰ ঘৰলৈ গ’ল। ঘৰত তেওঁ অকলশৰে আছে, সেয়ে অলপ সংগ দি আহিলো।- মেদিনীৰ দেউতাকে ক'লে।
:গম পাইছো দিয়া। কি ধৰণৰ সংগ দি আহিছা। পিছে ভাত-পানী কোনে ৰান্ধিছে?
: নিজেই ৰান্ধিব চাগৈ।
: ভাত খাবলৈচোন ইয়ালৈকে মাতিব পাৰিলেহেঁতেন।