পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : লাগিব, আৰু আগতে এই টকাৰে কণী কিনিব লাগিব তাৰ পিছত ৰং সানিব লাগিব। বুজিলি?
 : অঁ‌ বুজিলো।
 : কি বুজিলি?
 : কষ্ট নকৰিলে একো নেপাই।
 : ঠিক বুজিলি।
 পাছদিনাখনো দুয়ো একেকেইটা কামৰে পুনৰাবৃত্তি কৰিলে। সলনি হ'ল মাত্ৰ বেচিবলৈ যোৱা ঠাইখন। সেইদিনা গধূলিলৈকে নশ পঞ্চাছ টকা বাঢ়ি প্ৰায় ওঠৰশ টকা হ'লগৈ। তৃতীয়দিনা আনন্দমনে দুয়ো চহৰলৈ গ'ল। চাইকেল কিনাৰ উদ্দেশ্যেৰে ৷ পিছে দোকানখন গৈ পোৱাৰ পাছতহে খেলিমেলিটো লাগিল। চাইকেলবোৰ ইখনতকৈ চোন সিখন চৰা, এখনৰ যদি গঠন ধুনীয়া আনখনৰ আকৌ ৰংটো চকুত লগা।
 : অই এইখন চা গীয়েৰ আছে। বিতুৱে ক'লে।
 : কিছু ধুনীয়া, দামো ছাগৈ বহুত হ'ব।... দাদা, এইখনৰ দাম কিমান?
 : তিনি হেজাৰ চাৰিশ। দোকানীজনে ক'লে।
 : ছেঃ বাদ দে সেইখন, গীয়েৰ নথকা এখনকে পচন্দ কৰ। বাবুলৰ কথাষাৰ শুনি বিতুৱে অলপ সময় তালৈ চাই ৰ’ল।
 : কি? বাবুলে সুধিলে।
 : ইমানখিনি কষ্ট কৰিলোৱেই যেতিয়া আৰু এদিন ..
 : কোনো দৰকাৰ নাই। এইখিনি টকাৰে যি পাৱ’ তাতে সন্তুষ্ট থাক। ধৰা পৰিলে সেইখনো যাব। বুজিলি?
 : ও
 : কি বুজিলি?
 : লোভেই পাপ, পাপেই মৃত্যু।
 : ঠিক বুজিলি।
 ওঠৰশ টকাৰ ভিতৰতে কিনিব পৰা চাইকেল এখন কিনি বিতু আৰু বাবুল ঘৰলৈ বুলি ওভতিল।
 : ঘৰত পিছে কি বুলি ক’বি? বাবুলে সুধিলে।

 এটা কাম কৰিম, চাইকেলখন কেতিয়াবা তোৰ ঘৰত ৰাখিম আৰু কেতিয়াবা

এক ব্যৰ্থ যাত্ৰা/২৩