পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এটা ৰং সি সৃষ্টি কৰিলে। তাৰ পাছত পাচিৰ পৰা কণীবোৰ এটা এটাকৈ লৈ ৰং সানিব ধৰিলে বিতুৱে। কিছু সময়ৰ পাছত গোটেইখিনি কণীৰে ৰং সলনি কৰি পেলালে সি।
 : হৈ গ’ল, এতিয়া পিছে বেচিবিগৈ কত? হাতত লাগি থকা ৰংবোৰ নৰাবোৰত ঘহি থাকি বিতুৱে সুধিলে
 : গাঁৱত ঘৰুৱা কণীৰ গ্ৰাহক বেচি নোলাব,গতিকে অলপ কষ্ট হ'লেও চহৰতে বিকিবগৈ লাগিব।
 : একে ঠাইতে বিকিবিনে ঘৰে ঘৰে যাবি?
 : একে ঠাইতে ৰৈ থাকি মাৰিব খুজিছ। ঘৰে ঘৰে যাব লাগিব আৰু অতি সাবধান হ'ব লাগিব।
 গেটখন খুলি কণী বেচাৰ উদ্দেশ্যেৰে দুয়ো প্ৰথমঘৰ মানুহৰ চৌহদত প্ৰবেশ কৰিলে।
 : কণী লাগিব, কণী? বিতুৱে চিঞৰিলে।
 : ৰ’বা গৈছো। ভিতৰৰ পৰা মহিলা এগৰাকী ওলাই আহিল বাহিৰলৈ।
 : বাইদেউ চাই লওক, একদম ঘৰুৱা মুৰ্গীৰ কণী।
 : দাম কিমান পিছে?
 : যোৰা দহ টকা।
 : এহ বহুত দাম কৈছা।
 : নাই কোৱা বাইদেউ, বজাৰতো একেই দাম। পূজা বুলি আপোনাৰ পৰা বাৰু যোৰা ন-টকাকৈয়ে লম।
 : ঠিক আছে, বাৰটামান দিয়া। পুৰণা নহয়তো কণীবোৰ?
 : নহয় বাইদেউ, এই ওলাইছে আৰু আনিছো। বিতুৱে ক'লে।
 : চুপ। বাবুলে মানুহগৰাকীয়ে গম নোপোৱাকৈ বিতুক চিকুট মাৰি ক'লে।
 : সন্ধিয়া হোৱাৰ আগে আগে পাচি দুটা খালী হ’ল। চহৰৰ পৰা আহি তিনিআলিৰ ওচৰতে ৰৈ দুয়ো টকাৰ হিচাপ কৰিলে। আগদিনাৰ পাঁচশ টকাৰ সলনি সেই সময়ত সিহঁতৰ হাতত আছিল নশ পঞ্চাছ টকা।
 : কিন্তু চাইকেলৰ দামটো ইয়াতকৈ বেছি হ'ব? বিতুৱে সুধিলে।
 : ৰচোন, একেদিনাই চাইকেল কিনিব পাৰিবি বুলিনো কেতিয়া ক’লো।

 তাৰমানে কাইলৈ আকৌ কণী বেচিব লাগিব? বিতুৱে হুমুনিয়াহ কাঢ়িলে।

এক ব্যৰ্থ যাত্ৰা/২২