বিশ্বাসৰ বনানীকৰণ
বিশ্বাসৰ বনানীকৰণ
গুণ মৰাণ
অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিবেশন, ২০১৭
Celebration Committee of Sivasagar Session, Asom Sahitya Sobha. First edition February 2017 & Printed at Maa Digital, Sivasagar. Price Rs : 100/- Only.
প্ৰথম প্ৰকাশ
ফেব্ৰুৱাৰী, ২০১৭
প্ৰকাশক
যোগ গগৈ, সাধাৰণ সম্পাদক
আদৰণি সমিতি
অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিবেশন
গ্ৰন্থস্বত্ব
লেখক
মূল্য
১০০ টকা মাত্ৰ
বেটুপাত
সত্যজিৎনাথ
আৰ্হি কাকত
লেখক
মুদ্ৰণ
মা ডিজিটেল, শিৱসাগৰ
আদৰণি সমিতিৰ সভাপতিৰ একাষাৰ
অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিৱেশনৰ আদৰণি সমিতিয়ে অহা ৮, ৯, ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰি, ২০১৭ তাৰিখে ঐতিহাসিক জেৰেঙা পথাৰত উদ্ যাপন কৰিবলৈ লোৱা শতবৰ্ষীয় অধিৱেশন উপলক্ষে শতাধিক গ্ৰন্থপ্ৰকাশ কৰাৰ এক আঁচনি কৰিছে। সেই আঁচনি মৰ্মে ৰাজ্যখনৰ বিশেষকৈ জিলাখনৰ বিভিন্ন লেখক/লেখিকাৰ লগত যোগাযোগ কৰি ভাষা, সাহিত্য, সংস্কৃতি, সাহিত্যৰ বুৰঞ্জী, সংকলন তথা শিৱসাগৰ জিলাৰ ভাষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া, সংগীত, নাটক আদিৰ লগত জড়িত মহান ব্যক্তিসকলৰ জীৱনী শিশুৰ উপযোগীকৈ প্ৰণয়ন কৰিবৰ বাবে দায়িত্ব দিয়া হয়। এই আঁচনিত তিনিকুৰিৰো অধিক শিশু উপযোগী জীৱনীমূলক গ্ৰন্থ, দুকুৰিৰো অধিক ভাষা-সাহিত্য-সংস্কৃতিমূলক গ্ৰন্থ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হয়।
ইতিমধ্যে আদৰণি সমিতিৰ আঁচনিৰ প্ৰতি সঁহাৰি জনাই মাননীয় লেখক-লেখিকাসকলে গ্ৰন্থ প্ৰণয়ন কৰি প্ৰকাশন সমিতিৰ হাতত অৰ্পণ কৰিছে আৰু ভালেকেইগৰাকী মাননীয় লেখক-লেখিকাই নিজা উদ্যোগত বা কোনো প্ৰকাশন প্ৰতিষ্ঠানৰ উদ্যোগত, আদৰণি সমিতিৰ হৈ গ্ৰন্থ প্ৰকাশৰ বাবে আগবাঢ়ি আহিছে।
অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশনৰ আদৰণি সমিতিৰ হৈ শ্ৰী গুণ মৰাণে প্ৰণয়ন কৰা “বিশ্বাসৰ বনানিকৰণ’ গ্ৰন্থখনিৰ বাবে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ আশা, গ্ৰন্থখনিয়ে পাঠকৰ সঁহাৰি লাভ কৰিব।
শিৱসাগৰ। |
সোণাৰাম বৰুৱা সভাপতি |
পূজনীয় দেউতা
শ্ৰীযুত বিষেশ্বৰ বৰুৱা
পূজনীয়া মা
শ্ৰীযুতা উমেশ্বৰী বৰুৱাৰ চৰণ কমলত
আৰু
দাদা স্বৰ্গীয় বসন্ত বৰুৱা
আৰু
ভিনিহিদেউ প্ৰয়াত মুনিন চেতিয়াৰ
সোঁৱৰণত...
কবিতা অমৰ, কবিতা আত্মা
“কবিতা ৰচনাৰ যিটো বাট মই বাচি ল'লোঁ, সেইটো সকলোৰে মনঃপুৰ্ত হয়তো নহয়, সেইটো বাটেই মোৰ চিনাকী আৰু প্ৰিয়। নিৰ্বাচিত বাটটোৰ দাঁতিতে বহি মই সাধ্যানুযায়ী কবিতাৰ ধূপ জ্বলাইছোঁ। গোন্ধ হয়তো জনস্ৰোতত বিয়পি পৰাগৈ নাই। তাৰ বাবে মই দায়ী। তথাপি মই আশাবাদী।”
-ঋষিকবি নলিনীধৰ ভট্টাচাৰ্য
শব্দৰ পৰা মেঘ। মেঘৰ পৰা ডাঁৱৰ। ডাঁৱৰ পৰা পানী। পানীৰ পৰা জীৱৰ উৎপত্তি হৈছিল। শব্দ আগত, মানুহ পাচত। শব্দৰ পৰাই কবিতাৰ সৃষ্টি হৈছিল। কবিতা মানুহৰ পূৰ্বজ। সময়ত শব্দই কথাৰ ৰূপ লয়। কথাই(উচ্চাৰণধৰ্মী আৰু ইংগিতধৰ্মী) সমাজক প্ৰতিনিধিত্ব কৰে। কথা সমাজৰ চালিকাশক্তি।
কবিতা মানে দুৰ্বোধ্য সাথৰ নহয়। কবিতা মানে মনৰ ভাৱ সহজ প্ৰকাশ নহয়। কবিৰ জন্মৰ আগতেই কবিতাৰ জন্ম হয়। সকলো মানুহেই কবি। অথচ সকলো কবিয়েই কবি নহয়। আদি নাই, অন্ত নাই; যাৰ মাথো আৰাধনা হয়। কবিতা তুলনামূলকভাৱে ভাল লিখিব পাৰি। অদ্বিতীয় কবিতাতো এতিয়াও সৃষ্টি হোৱা নাই আৰু ভৱিষ্যতেও সৃষ্টি হ’ব বুলি কৈ দিব নোৱাৰি। কবিতাৰ বাসস্থান সৰগত নহয়। কবিতা মানে জীৱন, জীৱন মানে কবিতা। জীৱনে সদায় মাটিৰে সংশ্ৰৱ কৰে ৷
হে প্ৰিয় পাঠক, কিবা এটা লিখিবলৈ চেষ্টা কৰিছোঁ। তুলাচনীখন আপোনালোকৰ হাতত তুলি দিছোঁ। আশা কৰোঁ, আপোনালোকৰ মৰম-চেনেহৰ ওজন বেছি হ’ব আৰু ভুল-ত্ৰুটিবোৰ আঙুলিয়াই দি কৃতাৰ্থ কৰিব।
গুণ মৰাণ
গেলেকী
ম’বাইল : ৯৬৭৮৫৭২২৬৭
কৃতজ্ঞতা
প্ৰতিজন মানুহৰ চৰণত - যাৰ বাবে লেখি লেখি এদিন শেষ হৈ যাম।
অসম সাহিত্য সভাৰ শতবৰ্ষ উদ্ যাপন সমিতি তথা সমিতিৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সমূহ ব্যক্তিসকল।
দৈনিক জনমভূমি, প্ৰতিদিন, খবৰ কাকত, নিয়মীয়া বাৰ্তা, জনসাধাৰণ, অগ্ৰদূত, দৈনিক অসম, অধুনালুপ্ত আজিৰ দৈনিক বাতৰি, বাতৰি কাকতৰ সম্পাদকসকল আৰু মোৰ কবিতা প্ৰকাশ পোৱা আলোচনীসমূহ।
শিৱনাথ গগৈ, বালিকা গগৈ, পত্নী চুমী গগৈ, নিভামণি বৰগোঁহাই, প্ৰশান্ত বৰগোহাঁই, প্ৰিয়ম প্ৰকাশ চেতিয়া, ভায়লীনা গগৈ, শ্যামলিনা বৰগোহাঁই, জ্যোতি বৰুৱা, ৰেৱতী বৰুৱা, ভূৱন লাহন, দুতিৰাম লাহন, স্বৰ্গীয় জয়ৰাম লাহন, ৰসেশ্বৰী গগৈ, বগীতৰা গগৈ, কেহুঁৰাম গগৈ, কিৰণময়ী গগৈ, মেটেকা গগৈ।
হোমেন বৰগোহাঞি, দিলিপমহন্ত আতা, আনন্দ মহন্ত আতা, হৰেকৃষ্ণ ডেকা, শিক্ষাগুৰু ৰঞ্জু বুঢ়াগোহাঁই, ড°জীৱন কলিতা ছাৰ, সুৰেশ চেতিয়া ছাৰ, যোগ গগৈ, জেতবন বৰুৱা, ৰঞ্জন কুমাৰ ৰেগম, কেশৱ গগৈ, বিজয় বেজবৰুৱা, ৰাজেন্দ্ৰ মেদক, ড° ৰূপাঞ্জলী দিহিঙ্গীয়া, মনোৰঞ্জন, দিলীপদা, নন্দন কোচ, অৰুণদা, জনতাদা, হেমদা, দিলিপ, প্ৰতাপ, টিংকু হাজাম, প্ৰিন্স আলি, আৰফান আজম, দিলীপ লামা, বিনয় গগৈ, মফিজ উল্লাহ।
অৰুণ গগৈ, ভোগৰাম গগৈ, পোনেশ্বৰ গগৈ, নোমল গগৈ, নিপেন শইকীয়া, জিতু লাহন, বিজু গগৈ, প্ৰবীণ গগৈ, বিনন্দী নেওগ, লাচিতদা, তনুদা, প্ৰদীপদা, ৰেৱদা, কোষেশ্বৰদা, ফুলেশ্বৰ ৰাজখোৱা, চুচন গগৈ, বিদ্যুৎ বিকাশ গগৈ, নিৰদা গগৈ, জয়লক্ষী গগৈ, দীননাথ গগৈ, ডিম্বেশ্বৰদাই,আব্দুল হেলিম, পুতুল গগৈ, জয়ন্ত তামুলি, ৰিদীপ গগৈ, সুনীল বৰুৱা, শৰৎ গগৈ, ৰাম নায়ক, চন্দেশ্বৰদা, নবুল আলি, খঞ্জন কাকতি, পমিলা চিৰিং, ক্ষমা সোণাৱাল, কৃষ্ণ মেছ, ভূপেন চেতিয়া, কনক দুৱৰা, শুভ্ৰজ্যোতি গগৈ, বিজয় গগৈ, বকুল চেতিয়া, অশোক ফুকন, কেশৱ ফুকন, বলেন্দ্ৰ বৰুৱা, সুভাষ, ভাই, সোণটো, দুদু। [ ৮ ] ডেভিদ বৰুৱা, অনিৰুদ্ধ বুঢ়াগোহাঁই, সঞ্জীৱ বৰুৱা, ৰূপজ্যোতি চেতিয়া, বিকাশ দত্ত, লোচন গগৈ, দেৱজিত বৰা, যদুমণি গগৈ, দীপক কুৰ্মী, লিপিকা, সত্যসিন্ধু, অহিংসা, ৰিন্টু চুতীয়া, প্ৰাঞ্জল কোঁৱৰ, প্ৰাঞ্জল দ্বীপ গগৈ, ৰাতুল বৰা, ৰমেন গগৈ, নিলমণি বুঢ়াগোহাঁই, মনোজ শইকীয়া, অচ্যুত ৰঞ্জন গগৈ, জানমণি, চুম্পি, জ্ঞানভী, বেদান্ত, মাইনা, ডিম্পী, সোণমণি, জয়শ্ৰী, হেমন্ত, আদিত্য, মন্টু, মিন্টু।
ফেচবুকৰ শুভাকাংশী বন্ধুসকল আৰু মোৰ জীৱনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰা আত্মীয় স্বজন তথা বন্ধুসকল, প্ৰকাশিত কবিতা পঢ়ি ফোন কৰা অনুৰাগীসকল, বেটুপাতৰ শিল্পী কবি সত্যজিৎ নাথ আৰু ছপাশাল
‘মা-ডিজিটেল’ (প্ৰিন্টিং প্ৰেছ)ৰ স্বত্ত্বাধিকাৰীৰ লগতে কৰ্মকৰ্তাসকল। [ ৯ ]বিশেষ কৃতজ্ঞতা
বিশিষ্ট কবি-সমালোচক, শিক্ষাগুৰু ৰাজীৱ বৰা ছাৰ,
বাইদেউ ৰীতামণি চেতিয়া, ভাতঘৰ স্বৰূপ স্বৰাজ ধৰ, চিপ্ৰা ধৰ।
বিশ্বাসৰ বনানীকৰণ :
পঠন অভিজ্ঞতা আৰু কথঞ্চিৎ
ৰাজীৱ বৰা
বিশিষ্ট কবি
কোনো এটা ভাষাৰ কাব্য-পৰম্পৰাত ঐতিহ্যৰ উত্তৰাধিকাৰীৰূপত আবিৰ্ভাৰ হোৱা তৰুণ কবিসকলৰ কাব্য-চিন্তাৰ ওপৰতেই বহুলাংশে সংশ্লিষ্ট ভাষাটোৰ কাব্য সাহিত্যৰ সমৃদ্ধি বা সাধাৰণ ভাবে ক’বলৈ গ’লে কবিতাৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে। কিছু ক্ষেত্ৰত তৰুণ কবিসকলৰ কোনোবাজন ঐতিহ্যৰ পোনপটীয়া অনুসৰণকাৰী নহৈ অভিনৱ চেতনা-সমৃদ্ধিৰো বাহক হৈ উঠিব পাৰে। পিছে, ঐতিহাসিক কাব্য-বিচাৰৰ বেলিকা তেওঁলোককো ঐতিহ্য-প্ৰৱাহৰ আধাৰতেহে বিচাৰ কৰা হ’ব, য’ত পৰম্পৰাৰ মাজতে সেই অভিনৱ বাটবোৰো স্পষ্ট হৈ পৰিব। সেয়ে অসমীয়া তৰুণ কবিসকলৰ গ্ৰন্থৰূপত বাংময় হোৱা কাব্যকণ্ঠ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচনাযোগ্য, যদিহে কবিজনে তাক সৎ প্ৰচেষ্টা হিচাপে গণ্য কৰে।
কবিতাৰ মৰ্মমূলত থকা বোধ-সৌধটোৰ কৰাপাট আবেগ বা সংবেদনশীলতা হোৱাৰ বাবেই দেশ বা ৰাজ্য এখনৰ ৰাজনৈতিক অস্থিৰতা,দূৰ্নীতিগ্ৰস্ত সমাজ ব্যৱস্থা, অৰ্থনৈতিক বৈষম্য, হত্যা, সন্ত্ৰাস আৰু সংঘৰ্ষজৰ্জৰ পৰিমণ্ডলত কবি আৰু কবিতাৰ সংখ্যাও অধিক হয়। অৱশ্যে এনে প্ৰেক্ষাপটতো কবিসকলে দুটা বাট লয়—উল্লিখিত অৱস্থাটোক আঘাত কৰিবৰ বাবে প্ৰতিবাদী কণ্ঠ আৰু অন্যটো হ’ল আত্মমগ্নতাক গ্ৰহণ কৰি বিষয়ভিত্তিক কবিতা ৰচনাত মনোনিৱেশ। অৱশ্যে দুয়োটাৰে সংশ্লেষণত সৃষ্টি হোৱা তৃতীয় বাট এটাও থাকে। আত্মমগ্নতা আৰু সমাজবিক্ষণীয় শিহৰণ এই দুয়োটাৰ সংশ্লেষণৰ তৃতীয় বাটটোৰে খোজ বুলিবলৈ এক প্ৰৱণতা অনুভৱ কৰা যেন বোধ হ’ল গুণমৰাণৰ কবিতাখিনি পঢ়ি। কিয়নো তেওঁ কবিতা পুথিখনৰ নামকৰণৰ ব্যঞ্জনা আৰু ভালেকেইটা কবিতাৰ অনুষংগই সাম্প্ৰতিক দুৰ্নীতিগ্ৰস্ত সমাজ,ৰাজনৈতিক অৱস্থা, সাংস্কৃতিক বিপৰ্যয় আদি বিষয় সামৰি লৈছে। সেইদৰে কেইবাটাও কবিতাৰ উপজীব্য হৈছে একান্ত ব্যক্তিগত অনুভৱ আৰু কিছুপৰিমানে বিষয়ভিত্তিক বৰ্ণনা। [ ১১ ] ‘বনানীকৰণ’ৰ আভিধানিক অৰ্থ হ’ল পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি ভূমি ক্ষয় ৰোধ কৰাৰ উদ্দেশ্যে গছ ৰোপন কৰি হাবি সৃষ্টি কৰা কাৰ্য। এনে কাৰ্যৰ অনিবাৰ্যতাও নিৰ্ণীত হয় নিৰ্বনানীকৰণ অথবা অৰণ্য ধ্বংসৰ ফলশ্ৰুতিত৷ কাব্য সংকলনটিৰ শিৰোনাম ‘বিশ্বাসৰ বনানীকৰণ’ৰ অন্তৰালতে অনুৰূপ লক্ষণাৰ্থৰ উজাৰি-লুকুৱা ইংগিত সহজতেই বোধগম্য হয়। ’বিশ্বাস’, যাৰ আধাৰত ৰক্ষিত হয় সামাজিক আন্তঃসম্পৰ্ক, পাৰস্পৰিক নিৰ্ভৰশীলতা মানুহৰ ওপৰত মানুহৰ আস্থা সেই বিশ্বাস আজি নিবৰ্নীকৰণ সদৃশ— ধ্বংসমুখী, বিপৰ্যস্ত। জটিল জীৱন চৰ্যাত ব্যস্ত উত্তৰাধুনিক মানুহে বহু কিবা লভিও হেৰুৱাইছে মানুহৰ ওপৰত থকা চিৰন্তন বিশ্বাস। কিবা এক অনামী অসহিষ্ণুতা, চূড়ান্ত আত্মকেন্দ্ৰিকতা, সফলতাৰ বাট বিচাৰি নিগনি চঞ্চল দৌৰে মানুহৰ একাকীত্ব আৰু নিঃসঙ্গতাক বেচি ঘনীভূত কৰিছে। মূৰৰ ওপৰৰ পৰা যেন হেৰাই গৈছে আস্থাৰ ছাদখন, কান্ধৰ পৰা পিচলি পৰিছে বিশ্বাসৰ হাতখন। এনে পৰিমণ্ডলত মানৱীয়তাক বৰ্তাই ৰখাৰ স্বাৰ্থতেই বিশ্বাসৰ বনানীকৰণ অতি অপৰিহাৰ্য হৈ উঠিছে। সময়োপযোগী এই সদৰ্থক চিন্তাকে কাব্যভাষাৰ উপযোগী কৰি কবি গুণ মৰাণে প্ৰায় তিনিকুৰিৰ অধিক কবিতাত তেওঁৰ চেতনাৰ অভিব্যক্তি ঘটাইছে।
ভাব প্ৰকাশৰ সহজ মাধ্যম হিচাপে কবিতাকে বাচি লৈ কাব্য চৰ্চাৰ বাবে অসমীয়া কবিতাৰ জগতত অনেক প্ৰৱণতাৰ হেতাওপৰাৰ মাজত গুণ মৰাণে কবিতা লেখা কামটো চিৰিয়াচ ভাবে গ্ৰহণ কৰাৰ উমান কবিতাখিনিৰ পঠন অভিজ্ঞতাই দিছে।
কবিতা লিখা কামটো কেৱল শব্দৰ চুপতিতে যে সীমাৱদ্ধ নহয় সেয়া অনুধাৱন কৰিবলৈকো কবি সচেষ্ট হৈ উঠিছে। ’শব্দতকৈ চাৱনি মোৰ প্ৰিয়’ বোলোতে মৌনতাৰ যি অবাংময় প্ৰকাশ আৰু শব্দহীনতাৰ শব্দৰ গুৰুত্ব স্বীকাৰ কৰা হৈছে। প্ৰেম, ভালপোৱা, ঘৃণা-বিদ্বেষ প্ৰকাশৰ বাবে মানুহে ব্যৱহাৰ কৰা শব্দ দৰাচলতে বক্তাৰ প্ৰকৃত মানস প্ৰকাশৰ বাবে অক্ষম। শব্দৰেও(কথাৰে) মানুহে প্ৰকৃততে আপোন হৃদয়বৃত্তিক ঢাকিবলৈ প্ৰয়াস কৰে। কিয়নো তাকে নকৰিলে সন্মুখত থকাজনৰ ওচৰত ধৰা পৰাৰ সম্ভাৱনাই অধিক। সেয়ে মানুহৰ অন্তৰ্ধ্বনি হৃদয়ংগম কৰিবৰ বাবে শব্দতকৈ প্ৰয়োজন নৈঃশব্দ্যৰ —শাৰীৰিক অভিব্যক্তি, আচৰণ নিৰীক্ষণৰ; যাৰ দ্বাৰা বিচৰণ কৰিব পাৰি অন্তৰৰ অন্তেষপুৰত—
কৈ আছা মনে মনে
শুনি আছোঁ নীৰৱে যিদৰে
শব্দৰে খেলো নিতৌ এইদৰে (কোনজন পাঠকৰ প্ৰিয়কবি তেওঁ)
মৰাণৰ কাব্যানুভৱৰ প্ৰকাশৰীতি সৰল আৰু মনোগ্ৰাহী। আপাত দৃষ্টিত তেনেই সাধাৰণ যেন লগা সকলোৱে জনা কথা এষাৰকে সাধাৰণ ভাবে উপস্থাপন
কৰি তেওঁ পাঠকৰ চেতনাক উচটাবলৈ যত্ন কৰে অসাধাৰণ অভিব্যক্তিৰ পিনে— [ ১২ ]আকাশৰ বেলিটো কোনে স্থাপন কৰিলে
জগতখন ঘূৰি থাকে তেওঁৰ চাৰিওফালে
পোহৰ ভাল পাবলৈ কোনে শিকালে
আন্ধাৰত পোহৰ বিচাৰি ফুৰোঁ (অনাদি)
‘অহং’সত্ত্বা বিলোপ কৰি নিজক সময়ৰ প্ৰতিনিধি জ্ঞান কৰা মৰাণৰ কবিতাত কাল-চেতনা তীক্ষ্ণ। প্ৰেম আৰু সঁচা উদাৰতা—মানৱীয়তাৰ এই দুয়োপদ সম্পদ বুকুত ধাৰণৰ প্ৰত্যয়ে অবিশ্বাস আৰু প্ৰতাড়িত সময়ত কবিক দিছে যাতনাৰ সকাহ। স্বাভাৱিকতে দুৰ্লভ হলেও হিংসাজৰ্জ্জৰ পৃথিৱীৰ কোলাত বহি অহিংসাৰ কৰ্মশালাত ন্যায়ৰ সপোন দেখা কবিৰ বাবে ইতিবাচক সঁহাৰিয়েই অনন্য প্ৰাপ্তি—
পানী পুং মোৰ চকু দুটাৰ নাম
কোনেও কাৰো অন্যায়-অবিচাৰ নকৰিলে,
সকলোৱে সুখ-শান্তিৰে জীয়াই থকা দেখিলে
মোৰ কলিজাৰ নিভৃত কোণৰ পৰা আনন্দ অশ্ৰু বৈ আহে(কবি)
পিছে মানৱতাৰ জয়গান গাব বিচৰা কবিৰ বাবে নগ্ন দিঠক হ’ল মানুহৰ অসুখীয়া বৰ্তমান। জাগতিক জঞ্জালৰ পৰা নিৰাপদ দূৰত্বত অৱগাহন কৰি আত্মপ্ৰৱঞ্চনাত নিমগ্ন মানুহৰ স্বৰূপ তেওঁ কবিতাত উদঘাটন কৰাৰ প্ৰয়াস কৰিছে—
বাটে-পথে সীতাৰ হৰণ
দুই হাত-ভৰি বন্দী মোৰ
...ৰাজ-আলিত বৃদ্ধ পিতৃৰ আৰ্তনাদ
দায়িত্ব পালন কৰিবলৈ সময়ৰ অভাৱ (চাই থাকিবলৈ শিকিলো)
—এনেবোৰ পংক্তিত সমকাল নীৰিক্ষণৰ তীক্ষ্ণতা ধৰা পৰিলেও ই কাব্যিক সৌকৰ্য হেৰুৱাই সাধাৰণ উক্তিলৈ পৰ্যৱসিত হৈছে। ’তিনিটা বান্দৰ আৰু মই’, ’নগ্নতাৰ ঠিকনা’, ...আদি কবিতাতো সমকাল-বাস্তৱৰ ছবি অঙ্কণ কৰিবলৈ কবিয়ে আন্তৰকি প্ৰয়াস কৰিছে।
ভালেকেইটা কবিতাত তেওঁ দুখক আধাৰ কৰি লৈছে। মানুহৰ দুখ আৰু কবিতাৰ মাজত কিবা এটা মিতিৰালি আৱহমান কালজুৰি আছে। অৱশ্যে দুখ আৰু সুখ দুয়োটাই স্থিতিস্থাপক। সুখ-দুখত পতিত হোৱাজনৰ গ্ৰহণ-বৰ্জনৰ ওপৰতহে ই নিৰ্ভৰ কৰে। সুখ-দুখৰ কাৰকো গ্ৰহীতা ভেদে বেলেগ। জীৱন এই দুই প্ৰপঞ্চৰে সমাহাৰ। কবি মৰাণৰ বাবে দুখৰ উৎস আৰু অনুভৱ কিছু ব্যতিক্ৰম—
যি দুখত মই আতুৰ হৈছোঁ
সেই দুখ মোৰ নহয়(পীড়া)
দুখো এক প্ৰকাৰৰ সুখ
সকলো প্ৰকাৰৰ সুখক সুখ বুলিব নোৱাৰি (বিমল সুখ)
অৱশ্যে মনকৰিবলগীয়া কথা এয়ে যে সুখ-দুখৰ উপলব্ধি আৰু উৎস অনুসন্ধানৰ বাটটোত ব্যক্তিকতাত বুৰ মাৰিলেও ভাবনা নৈত তলসোঁতীয়া গতিৰে শেষ পৰ্যায়ত তেওঁ নৈব্যক্তিকতাৰ পাৰত উঠিছেগৈ—
আজিৰ পৰা নিজৰ দুখত দুখী নহওঁ
মোৰ দুখেই শেষ দুখ নহয়
মোৰ দুখখিনি সমাজক দিলোঁ
সমাজৰখিনি মোৰ কৰি ল’লোঁ
এতিয়া মোৰ সমান সুখী নাই (সুখী)
কবিতাত ৰোমান্টিকতা যে আধুনিকতা প্ৰকাশ-বাটৰ আউল নহয়, সেয়া অসমীয়া কবিতাৰ ৰোমান্টিক পৰ্বান্তৰৰ আধুনিক কবিসকলৰ কবিতাত আৱগাহন কৰিলেই অনুভৱ কৰিব পাৰি। আশীৰ পৰৱৰ্তী অসমীয়া কবিতাত ৰোমান্টিকতাৰ দ্বিতীয় জোৱাৰ এটি অহাৰ কথা সমালোচক ডঃ আনন্দ বৰমুদৈয়ে স্থানান্তৰত লিখি থৈ গৈছে। সেয়ে লক্ষ্যণীয় কথা এয়ে যে অসমীয়া তৰুণচাম কবিৰ মাজত ৰোমান্টিক অনুভৱ সুলভ-সম্পদস্বৰূপ। অৱশ্যে এই ৰোমান্টিকতা কেৱল প্ৰেমজনিত অনুভৱতেই সীমাৱদ্ধ নহৈ অন্য প্ৰসঙ্গলৈকো পৰ্যৱসিত হৈছে। মৰাণৰ দুই এটা কবিতাত ৰোমান্টিক নিৰ্যাস অনুভৱ কৰা যায়। কেইবাটাও কবিতাত তেওঁ প্ৰেমক ভিন্ন দৃষ্টিকোণৰ পৰা চাইছে। ‘প্ৰেম আৰু ভালপোৱাৰ নতুন সংযোজনৰ বাটে-ঘাটে...’, অনুভৱ—নিলিখাকৈ লিখি দিলোঁ...’, ‘তোমাক দেখিলে’, ‘প্ৰেম শামকটা সময়’, বাটৰ ছাঁ’ আদি কবিতা এনে থূলত থ’ব পাৰি। প্ৰেমিকৰ দুবাহুৰ ঠেকাত হাওলি পৰা ঘৰৰ দৰে আউজি চেলফি তোলা ‘এদিনীয়া’ প্ৰেমে তৰণ প্ৰজন্মক ক’লৈ লৈ গৈছে তাৰো অনুসন্ধান কৰাৰ প্ৰয়াস তেওঁৰ কবিতাত আছে। ’জীয়াই থাকিবলৈ ভালপোৱা লাগিবই’ বুলি বিশ্বাস কৰা কবিয়ে পিছে ভালপোৱাৰ স্থূলতৰা পৰা আঁতৰি উদাৰ দৃষ্টিৰে তাক গ্ৰহণ কৰিছে। ’তাই’ কবিতাত নাৰী-পুৰুষৰ পাৰস্পৰিক আস্থা আৰু বিশ্বাসক সমল কৰি বৰ্তি থকা যুগ্ম-জীৱনৰ অনুভৱৰ প্ৰকাশ সৰল আৰু পোনপটীয়া, অথচ প্ৰভাৱশালী।
একান্ত আপোন আৰু সমাজ জীৱন সম্পৰ্কীয় চিন্তাৰ যুগপৎ প্ৰকাশ তেওঁৰ কাব্য-বৈভৱৰ ভিতৰুৱা বুলি পূৰ্বতে উনুকিয়াই আহিছোঁ। সমাজ বীক্ষাৰ পোহৰত কবিয়ে চাইছে জন্মসূত্ৰে মানুহ হোৱাটো সহজ। আচল মানুহ হোৱাটো টান। মাতৃগৰ্ভৰ
শিশুটো মানুহ হোৱাৰ প্ৰতীকি প্ৰকাশ আছে এনে পংক্তিত— [ ১৪ ]চকাৰ চেপাত পথৰ অঘৰী শিল বাগৰি ফুৰে
শিল কেতিয়াও ব্যৱহাৰ নহয় নিজৰ ব্যৱহাৰত
শিল কাটি ভাস্কৰে শিলক নামজাদা কৰে
সেইনামৰ বুকুত হেৰায় শিলৰ আদি নাম
হাতৰ যোনিত শিলে লভে নৱ জীৱন (দান নামৰ নাম)
‘গণতন্ত্ৰ’ নামৰ এটি চাৰিশৰীয়া চুটি কবিতাত কবিয়ে স্বাধীনতাৰ স্বপ্ন, স্বপ্নভংগৰ বেদনা ব্যঞ্জনাময় ভাষাৰে প্ৰকাশ কৰিছে। যিসকল ব্যক্তিৰ ত্যাগৰ বঙিয়াৰে স্বাধীনতা আহিল, উত্তৰকালৰ মানুহৰ বাবে সেই ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধাশীল বন্দনা চেতনাৰ পৰা অপসৃয়মান হোৱা, উৎসৱমুখী আনন্দৰ উছাহত আদৰ্শ নিফুট মাৰি ৰং ৰহইচত সীমাৱদ্ধ হোৱা অৱস্থাটোক কবিয়ে কটাক্ষ কৰিছে—
পতাকালৈ মূৰ তুলি সেৱা জনালোঁ
চৌদিশে হাততালিৰ জোৱাৰ উঠিল
খদ্দৰৰ আঁৰৰ বাপুজীক নেদেখিলোঁ
গণতন্ত্ৰ নিৰ্দিষ্ট উৎসৱ হৈ পৰিল (গণতন্ত্ৰ)
কবিতাৰ স্বৰূপ সম্বন্ধে বিচাৰ-বিশ্লেষণৰ অন্তহীন পৰম্পৰাটোত শেষ কথাষাৰ এতিয়ালৈকে কোনোৱে কৈ দিব নোৱৰাৰ আচল কাৰণটো হ’ল যুগভেদে ইয়াৰ বিষয়, ভাব আৰু আংগিকৰ বিৱৰ্তন প্ৰক্ৰিয়াটো। সেয়ে হলেও আৰ্চিবল্ড মেকলিচৰ কথাষাৰে ভাল কবিতাৰ প্ৰতি আঙুলি টোঁৱাবলৈ উৎসাহিত কৰে⸻ ‘poetry should not mean, but be.’ কবিতাই পোনপটীয়াকৈ ক’বলৈ বিচাৰিলে ইয়াৰ সৌকৰ্য বহুখিনি ম্লান হয় বুলি ভবা হয়। বিশেষকৈ বীজৰ সন্ধানত ঔৰ বাকলি গুচোৱাৰ নিচিনাকৈ কেইবাতৰপীয়া অৰ্থব্যঞ্জনাসমৃদ্ধ কবিতাই পাঠক-জিজ্ঞাসাক দিয়া উচটনিৰ অন্তত মৰ্মমূল আৱিস্কাৰৰ আনন্দই বেলেগ। অৱশ্যে এইকথাও একেসময়তে উল্লেখনীয় যে কবিৰো যেনেদৰে পৰ্যায় আছে, পাঠকৰ পৰ্যায় আছে। এজন জনপ্ৰিয় কবি একে সময়তে কবিতাৰ মাটি-বুদ্ধিৰ সৈতে সম্পৰ্কিত পাঠক-সমালোচকৰ ওচৰত উপেক্ষিত হোৱাটোও সাধাৰণ কথা। সেইদৰে সমালোচক সমাদৃত কাব্যকাৰ পাঠক বিমুখ হোৱাটোও স্বাভাৱিক কথা। কাব্য-চৰ্চাৰ বেলিকা এজন কবিয়ে এই দৃষ্টিকোণৰ প্ৰতিও সচেষ্ট হোৱা দৰ্কাৰ।
আপোন অনুভৱ প্ৰকাশৰ বেলিকা মৰাণে সততা, নিষ্ঠা আৰু ঐকান্তিকতাক মূলধন কৰি লৈছে যদিও অনুভৱক জগতৰ চোতালত মেলি ধৰাৰ সময়ত প্ৰয়োজনীয় হোৱা নিৰ্মাণৰ প্ৰতি দৃষ্টিপাত কৰাটো অতি প্ৰয়োজনীয়। [ ১৫ ] মৰাণে ভালেমান কবিতাত গ্ৰাম্য জীৱনৰ ভিন্ন অনুষংগক প্ৰধান আধাৰ কৰি লৈছে। শৈশৱৰ পৰা কালাতিপাত কৰা আপোন গাঁওখন আৰু কৰ্মসূত্ৰেও অভিজ্ঞতালব্ধ গ্ৰাম্য পৰিমণ্ডলে তেওঁৰ কাব্য প্ৰকাশক বহু পৰিমানে নিয়ন্ত্ৰিত কৰিছে। গাঁৱলীয়া মাত-কথা আৰু গ্ৰাম্য ভাষাটোত থকা দখলে তেওঁৰ কবিতাকো সেই সুৰীয়া হ’বলৈ উৎসাহিত কৰিছে। সেয়ে অসমীয়া ভাষাৰ কালিকাৰ প্ৰতিও তেওঁ সচেষ্ট হোৱা যেন অনুভৱ হয়। বিশেষকৈ লোক-জীৱনৰ সামীপ্য আৰু অভিজ্ঞতাই তেওঁক লোক-কথাক কাব্যিকৰূপ দিবলৈ উচটোৱা যেন লাগে। কিয়নো তেওঁৰ ভালেকেইটা কবিতাৰ অন্তৰালত কাহিনীধৰ্মীতা বিদ্যমান। ই অৱশ্যে কবিতা এটা পাঠকৰ ওচৰত প্ৰভাৱশালী হোৱাৰো অন্যতম লক্ষণ। এই ক্ষেত্ৰত ‘উদংমূৰীয়া ঘৰ, পশুধন আৰু ভাৰ-ভেটী', ...আদি কবিতালৈ আঙুলিয়াব পাৰি। তদুপৰি অসমৰ গাওঁবোৰত গত প্ৰায় পাঁচশ বছৰধৰি চলি থকা শঙ্কৰী ধৰ্ম-সংস্কৃতিৰ অলঙ্ঘনীয় প্ৰভাৱে মানুহৰ আচাৰত প্ৰোথিত কৰা ভকতীয়া ঠাচটোকে তেওঁ কবিতাৰ মাজত ধৰি ৰাখিবলৈ যত্ন কৰিছে আৰু তাকে কৰোতে আধ্যাত্ম চিন্তাৰ চিটিকনিও দুই-এটা কবিতাত নপৰাকৈ থকা নাই। ‘জীৱ’ শীৰ্ষক কবিতাটোত প্ৰকাশিত জীৱন জিজ্ঞাসাৰ উঁহটোও এনে চেতনাৰ পৰাই উৎসাৰিত। কিন্তু সেই আধ্যাত্মিকতা কেতিয়াও অন্ধবিশ্বাসেৰে লেটিলোৱা নহয়—
মাই মোক কৈছিল—
আজিকালি বিপদত উদ্ধাৰ কৰিবলৈ মধুসূদন স্বৰ্গৰ পৰা নামি নাহে
(আকাশখন ইমান বিশাল)
মানুহ আৰু গছ দুয়োটাই প্ৰকৃতি সন্তান। পিছে মানুহৰ দৌৰাত্মত বিপৰ্যস্ত হোৱা প্ৰকৃতিত মানুহৰ স্থায়ীত্ব সম্পৰ্কে সান্দিহান হ’লেই মনত উদ্ভৱ হয় এনেবোৰ আওপকীয়া প্ৰশ্ন—
গছ পৃথিৱীৰ প্ৰিয় সন্তান
মানুহ নাথাকিলেও গছ থাকিব
পৃথিৱীত মানুহৰ প্ৰয়োজনীয়তা কিমান?
(গছে যেতিয়া কান্দে)
মানুহৰ কুশলতাৰ আকাঙ্খা তেওঁৰ ভালেমান কবিতাৰ অনুভৱৰ সহচৰ—
প্ৰাত্যহিক নিগনিদৌৰত তোমাৰ খবৰ ল’ব পৰা নাই।
তথাপি মোৰ অনুভৱ হৈছে।
তুমি কুশলে আছা (অনুভৱ)
লোক-জীৱনৰ সৈতে নিগূঢ় সম্পৰ্ক আৰু গ্ৰামজ অনুষংগৰ প্ৰতি এঢলীয়া [ ১৬ ] টানে মৰাণৰ কবিতাত লোক-গাথা প্ৰকাশৰ সুৰটোৰ অনুৰণন ঘটাইছে। তেনে হোৱাৰ ফলত কিছুসংখ্যক কবিতাত সাংগীতিক মাধুৰ্যৰ চাট এটা পৰিছে যদিও কিছু ক্ষেত্ৰত কবিতাসমূহ কৃত্ৰিম হৈয়ো উঠিছে। এই সাংগীতিক লয়ৰ প্ৰতি থকা অহতুেক তানৰ বাবেই কবিতাত মিলিতান্ত ৰূপটোৰ প্ৰতি তেওঁ আগ্ৰহী হৈ উঠিছে। কবিতা চৰনান্তত থলোঁ-পালোঁ, সখা-সুধা, আদি ধ্বনিসাম্য আৰু মিলিতান্ত ৰূপ বিষয়, ভাব আৰু ৰূপৰ ক্ষেত্ৰত পাৰস্পৰিক ভাবে সহায়ক বা হাতধৰি লিগিৰি হোৱা নাই। পিছে অসমীয়া ভাষাৰ কালিকা সম্পৰ্কে সচেতন মৰাণে শব্দ সংযোজনত অভিনৱত্ব দেখুৱাইছে। তেওঁ কবিতাত প্ৰয়োগ কৰা লেনী-ঘেনী, আহুঙীয়া, ঠোঁট নাঙল, বাউনা নৰা আদি শব্দ চমকপ্ৰদ।
সেয়ে হ’লেও অসমীয়া কাব্য জগতত সাম্প্ৰতিকে কাব্য প্ৰকাশেৰে অসমীয়া কাব্য সাহিত্যৰ সমৃদ্ধি ঘটোৱা তৰুণচাম কবিৰ মাজৰ এজন হিচাপে গুণ মৰাণে সম্ভাৱনীয় কাব্যিক সমৃদ্ধিৰ বাট এটা কাটিছে। আমি আশা কৰিম তেওঁ সেই বাটটোৰে
গৈ এদিন সিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ’ব।■ [ ১৭ ]প্ৰিয়তম || ১৯
অনাদি || ২০
প্ৰতিনিধি || ২১
মা-কালী || ২২
কবি ॥ ২৩
শালিকী || ২৪
মোহ || ২৫
নিলিখাকৈ লিখি দিলোঁ... || ২৬
পীড়া || ২৭
বিমল সুখ || ২৮
স্মৃতি || ২৯
কোনজন পাঠক প্ৰিয় কবি তেওঁ || ৩০
দানৰ নামৰ নাম || ৩১
গণতন্ত্ৰ || ৩২
নগ্নতাৰ ঠিকনা || ৩৩
একলব্য || ৩৪
মৰম আকলুৱা ফুলবোৰ || ৩৫
মাটি || ৩৬
এযুগ || ৩৭
চকুত চকু থৈ কথা কোৱা ছোৱালীজনী || ৩৮
কবিতা || ৩৯
অনুভব || ৪০
পিছল মানুহ || ৪১
মায়’ডিয়া || ৪২
গৰু ছাগলীয়েও মোক চিনি পায় || ৪৩
ধ্যান || ৪৪
বিশ্বাসৰ বনানীকৰণ || ৪৫
নাম || ৪৬
নাৰীয়ে বিচাৰে যি || ৪৭
পৰুৱা || ৪৮
বাৰাণ্ডাত ৰৈ থকা ছোৱালীজনী || ৪৯
আকাশখন ইমান বিশাল || ৫০
বুকুত এখন সাগৰ লৈ ফুৰিছো || ৫১
আঘোণৰ মালিতা || ৫২
নাৰী || ৫৩
এঠেঙীয়া || ৫৪
তাই || ৫৫
সোণ || ৫৬
চাতুৰ্য || ৫৭
গছে যেতিয়া কান্দে || ৫৮
তোমাক দেখিলে... || ৫৯
বাটৰ ছাঁ || ৬০
জীৱ || ৬১
জন্ম মৃত্যু || ৬২
প্ৰেম শাম কটা সময় || ৬৩
নীৰৱতা || ৬৪
মনোভাৱ || ৬৫
চিন্তা-পঞ্জী || ৬৬
উদংমূৰীয়া ঘৰ, পশুধন আৰু ভাৰ্-ভেঁটী || ৬৭
পৰিণতি || ৬৮
তিনিটা বান্দৰ আৰু মই || ৬৯
মহিলাই মহিলাৰ লগত ইমান কথা পাতে || ৭০
চাই থাকিবলৈ শিকিলোঁ || ৭১
সুখী || ৭২
স্বৰ্ণ যুগ || ৭৩
প্ৰিয় মানুহৰ সুখ-দুখত || ৭৪
জীৱন বুৰঞ্জীৰ পাঠক || ৭৫
প্ৰিয়তম
চকুত চকু থলোঁ
চাৱনিত উত্তৰ পালোঁ
বুকুৰ মৰম ওঁঠেৰে সৰকি গ'ল
অ' মোৰ আজন্মৰ সখা
আঁতৰি নাযাবা
এই চাৱনি মোৰ প্ৰাণৰ সুধা
শব্দতকৈ চাৱনি মোৰ প্ৰিয়,
শব্দৰৰ প্ৰদূষণক ৰোধ কৰি যি
মোক সুভাষী কৰি লৈ যায়
তোমাৰ হৃদয়ৰ নিভৃত কোণলৈ অহৰহ্...
প্ৰকাশ :প্ৰান্তৰ, দৈনিক জনমভূমি, ২৩-১২-২০১৫
অনাদি
আকাশৰ বেলিটো কোনে স্থাপন কৰিলে
জগতখনি ঘূৰি থাকে তেওঁৰ চাৰিওফালে
পোহৰ ভালপাবলৈ কোনে শিকালে
আন্ধাৰত পোহৰ বিচাৰি ফুৰোঁ
ভাল মানুহ হ’বলৈ কোনে কৈ থৈ গ’ল
আজীৱন ভাল হোৱাৰ সাধনা কৰি থাকোঁ
ভালপোৱাৰ বৃক্ষজুপি কোনে ৰুই থৈ গ’ল
কলিজাত মেলে ইমান মৰমৰ ডালপাত
সুন্দৰক বায়ুত কোনে মিহলি কৰিলে
উশাহত সুন্দৰ পান নকৰিলে জীৱন সহনীয় নহয়
সুখী হ’বলৈ পৰোপকাৰিতাৰ পৰামৰ্শ কোনে দি থৈ গ’ল
আনৰ উপকাৰ কৰি সুখী হ’ব পাৰোঁ
কোনেনো লাজৰ ৰং গাত সানি দিলে
অসামাজিক কথাবোৰ ভাবিলে ইমান লাজ লাগে
প্ৰতিনিধি
মই
মই নহয়
মই মাথো সময়ৰ প্ৰতিনিধি
মই যি কৰিছোঁ
মই কৰা নাই
সময়নিষ্ঠাৰ প্ৰতিদান পাইছোঁ
মই যি কৰা নাই
নকৰোঁ বুলি থৈ দিয়া নাই
সময়ন্তি নোহোৱাৰ প্ৰতিফল পাইছোঁ
দুই হাত দুই ভৰি
কালাতিপাতৰ অংশীদাৰী
কালত্ৰয়জ্ঞ হ’ম নে ল’ব পাৰি বাছি
মই নিজকে মই বুলি দাবী কৰিব নোৱাৰোঁ
মই মাথো সময়ৰ প্ৰতিনিধি
প্ৰকাশ : শ্ৰীময়ী, ১০-০৭-২০১৬
মা–কালী
আগফালে নগ্ন পাহাৰ
পিচফালে উন্মুক্ত সীমা
যুগে যুগে নাৰীৰ অপমানৰ কুটাৰ্থ প্ৰত্যুত্তৰ
হে মা!
তোমাৰ উগ্ৰতাক মই সহিব পৰা নাই
মোক আৰু উপহাস নকৰিবা
এখন আঁৰ কাপোৰে ঢাকি দিয়া
তোমাৰ সমস্ত
মই কাপুৰুষ নহয়!
কবি
মই প্ৰেমৰ প্ৰথম প্ৰেমিক
উদ্দীপক্ মোৰ সুষম আহাৰ
ভাৱনাৰ গৰ্ভত সিঁচি দিয়া
মোৰ সাৰ্বজনীন ঔৰসত ভূমিষ্ঠ হয়
ভালপোৱাৰ মৌলিক সংস্কৰণ্
উদাৰতাৰে সিক্ত এখন সঁচা অন্তৰ মোৰ বাসস্থান,
দিন-ৰাতি খুলি ৰখা নিৰ্মলতাৰ বাটচ’ৰাত বহি
ভাগৰুৱা পথিকে বিশুদ্ধ বায়ুপান কৰে;
মোৰ অহিংসাৰ কৰ্মশালাত ন্যায়ৰ প্ৰশিক্ষণ দি
পাৰ্থিৱ জীৱনৰ উত্তৰণৰ প্ৰমাণপত্ৰ দিওঁ
পানী পুং মোৰ চকু দুটাৰ নাম
কোনেও কাৰো অন্যায়-অবিচাৰ নকৰিলে,
সকলোৱে সুখ-শান্তিৰে জীয়াই থকা দেখিলে
মোৰ কলিজাৰ নিভৃত কোণৰ পৰা আনন্দৰ অশ্ৰু বৈ আহে
অশ্ৰুবোৰ নৈ হৈ বৈ যাবলৈ মোক অলপ ঠাই দিয়া
শালিকী
শালিকী অ’ শালিকী
মোলৈ বঢ়া ভাত তই কাঢ়ি খালি
শালিকী অ’ শালিকী
ঠাণ্ডা প্ৰকৃতিৰ মানুহটোৰ অন্তৰখন বুজিলি
মোৰ ঘৰৰ ভিতৰত তোৰ ঘৰ সাজিলি
ওলাওঁতে-সোমাওঁতে লেনী-ঘেনী কৰ
চুই চাব খুজিলে উৰি লৰ্ মাৰ
পীৰাত বহি ভাত খাওঁ
আখলৰ চতিত বহি তই মোলৈ চাৱ
মৰমত মাতিলে আহুঙীয়া হৈ আহ
তোক দেখি নামি আহে তোৰ ল’ৰা-মাইকী
শালিকী অ’ শালিকী
মোৰ ঘৰৰ জেউতী,
তোৰ সতে চুপতি নামাৰিলে
শুভ নহয় দিনটো
অ’ শালিকী অ’ শালিকী
তইনো মোৰ পৰা কিয় আঁতৰি থাকিবলৈ শিকিলি
প্ৰকাশ : জনসাধাৰণৰ শনীবৰীয়া ২৬-০৩-২০১৬
মোহ
বজাৰৰপৰা কিনি আনিছিলোঁ
দুখতকৈ সুখৰ মেট্-মৰা সম্ভাৰ
তোমাৰ বাবে
জীৱন
মইতো জনা নাছিলোঁ
দুখৰ সতে থকা তোমাৰ নিবিড় সম্পৰ্ক
দুখেই যদি তোমাৰ অতি প্ৰিয় আছিল
তোমাৰ বাবে সুখ কেতিয়াও নিবিচাৰিলোহেঁতেন!
কিহৰ দুখত তুমি দুখৰ মোহত পৰিলা
জীৱন
সুখক এইদৰে নিলগত থ’বলৈ
তোমাৰ কোনো বাধ্যবাধকতা নাছিল
দুখবোৰ কেলৈ লাগিছে
যদি সুখৰ দুৰৱস্থা দেখি দুখ মৰ্মাহত নহয়
সুখক এনেকৈ এলাগী কৰিলে
তোমাৰ প্ৰিয় দুখও সধৱা হৈ নাথাকিব
জানি বুজি
দেখি শুনি
দুখৰ লগত কিয় মিতিৰালি কৰিলা
মই হ’লে বুজি নাপালো
জীৱন!
নিলিখাকৈ লিখি দিলোঁ...
চকুলৈ চাম
ভুল বুজিবা
মুখেৰে ক’ম
শ্ৰুতিমধুৰ নহ’ব
চিঠিৰে ক’ম
উৱলি যাব
তাতকৈ নিলিখাকৈ লিখি দিম
তোমাৰ নাম মনাকাশত
কোনেও নাজানিব
কোনেও নুবুজিব
তুমিও গমকে নাপাবা
নিলিখাকৈ লিখি দিম
যাৰ নাম কোমল ফলিৰ অন্তৰতম ভাঁজত
বতাহেও উৰুৱাই নিব নোৱাৰিব
পানীয়েও ভিজাব নোৱাৰিব
জুইয়েও পুৰিব নোৱাৰিব
আনকি প্ৰেৰণাদাত্ৰীয়েও মচিব নোৱাৰিব
বোঁৱতীহে জানিব বোঁৱতীৰ মোল্
প্ৰকাশ :শ্ৰীময়ী, ০৪-০৯-২০১৬
পীড়া
যি দুখত মই আতুৰ হৈছো
সেই দুখ মোৰ নহয়
অনাদি কালৰ পৰা
জীয়া প্ৰকৃতিয়ে বহন কৰি অহা
পীড়াৰ কিয়দাংশ সেয়া
উজুটিকে দুখ বুলিছোঁ
হাঁহিকে সুখ বুলিছোঁ
মোৰ দুখ কি
মোক সুখ কি
স্বৰূপ নজনাকৈ
সুখ-দুখৰ নামকৰণ কৰিছোঁ।
প্ৰকাশ : প্ৰান্তৰ, দৈনিক জনমভূমি, ০৩-০২-২০১৬
বিমল সুখ
দুখো একপ্ৰকাৰৰ সুখ
সকলো প্ৰকাৰৰ সুখক সুখ বুলিব নোৱাৰি
দুখৰ সুখক সুখ বুলি মানি লওঁ
জীৱনৰ মোহত মুগ্ধ হওঁ
সুখৰ নদীত মাছ হৈ জীয়াই আছোঁ
নদ-নদী, বিল পুখুৰীৰ পানীৰ পাৰ্থক্যক মাছে নুবুজে
সুখে হঁহুৱায়
সুখে কন্দুৱায়
সৰুৰপৰা ডাঙৰ হলোঁ
পেটৰ উমান নাপালো
সুখৰ গৰাকী মন
মনৰ গৰাকী মই
সুখ অৰ্জনৰ কৰ্তৃত্ব মোৰ
মনৰ সুদক্ষ পৰিচালনাত দুখৰ সুখ সুখলৈ গতি কৰাৰ শেষত
সুখৰ সুখ বিমল সুখত স্থায়ী বসতি কৰে
প্ৰকাশ : জনসাধাৰণৰ দেওবৰীয়া বিশেষ, ২৪-০৪-২০১৬
স্মৃতি
আজিৰ
এই দিনটোলৈ
এদিন
অতীত হৈ ঘূৰি আহিম
অতীতত
মন
ভৱিষ্যতত
মোৰ শৰীৰটো থাকিব
পূৰ্ণিমাৰ ৰাতিৰ দুৱৰিৰ দলিচাত বহি বাঁহী বজাইছোঁ
ওপৰৰ আকাশত সৌৱা
ডাঁৱৰৰ পাতল আঁচলৰ আঁৰত জোনবাইৰ যৌৱন নাচিছে
জুনুক্ জুনুক্ নুপুৰৰ ৰিণি-ৰিণি ভাঁহি অহা মাত শুনিছো
সুৰৰ ইন্দ্ৰজালত পৃথিৱী নিঃশব্দ আজি
মই আত্মবিভোৰ হৈ জোনাক পান কৰিছোঁ
জোনাকৰ বৰষুণ প্ৰেমিক পৃথিৱীৰ প্ৰিয় স্বাদ
অতীত হৈ বহিমহি
মোৰ প্ৰিয় স্মৃতিৰ তীৰ্থত
একেটা কাম পুনৰ এবাৰ কৰিম
কথাটো ভাবি খুব ভাল লাগিছে।
প্ৰকাশ : শনিবাৰ, দৈনিক জনমভূমি, ২৮-১১-২০১৫
কোনজন পাঠকৰ প্ৰিয় কবি তেওঁ
জিৰ্ জিৰ্ কৈ বৰষুণ পৰে
যৌৱনমতী পাতি-হাঁহে ৰাসকেলি কৰে
মেঘে তোলে বিজুলীৰ ছবি
ৰৈ থকা মূৰ্তিৰ মুখত শেলুৱৈৰ চামনি পৰে
কোনে বাৰু সাজিলে ধুনীয়া ধৰণী
মনৰ কথা মুখে নকয়,
মুখে মনক বেয়া পায় যিদৰে
তুমি মোক ধৰি থৈ ভাল পোৱা এনেকৈ..
কৈ আছা মনে মনে
শুনি আছো নিৰৱে যিদৰে
শব্দৰৰে খেলো নিতউ এইদৰে...
পাঠক তেওঁৰ বাংময় শব্দ
নিবোকা শব্দৰেৰে অক্ষ-শিল্প নিৰ্মাণ কৰে
তেওঁহে জানে
কোনজন পাঠকৰ প্ৰিয় কবি তেওঁ
দানৰ নামৰ নাম
মা!
তুমি দিলা জীৱন
সমাজে দিলে নাম
মই দিলো দান
ঠিকেই আছিল জীৱন
ঠিকেই আছিল পাপৰিসম শৰীৰ
ঠিক নাছিল নাম আৰু দান
সঁচা কি
মিছা কি
সামাজিকৰণতহে শিকিবলগীয়াখিনি শিকিলোঁ
তেনেকৈয়ে দিলোঁ দান
পালোঁ একাধিক নাম
চকাৰ চেপাত পথৰ অঘৰী শিল বাগৰি ফুৰে
শিল কেতিয়াও ব্যৱহাৰ নহয় নিজৰ ব্যৱহাৰত
শিল কাটি ভাস্কৰে শিলক নামজাদা কৰে
সেই নামৰ বুকুত হেৰায় শিলৰ আদি নাম
হাতৰ যোনিত শিলে লভে নৱ জীৱন
গণতন্ত্ৰ
পতাকালৈ মূৰ তুলি সেৱা জনালোঁ
চৌদিশে হাত-তালিৰ জোৱাৰ উঠিল
খদ্দৰৰ আঁৰৰ বাপুজীক নেদেখিলোঁ
গণতন্ত্ৰ নিৰ্দিষ্ট উৎসৱ হৈ পৰিল
নগ্নতাৰ ঠিকনা
মই নগ্নতা ভাল নাপাওঁ
মই নগ্নতা সমৰ্থন নকৰোঁ
নগ্নতা জীৱনৰ অংশ হ’ব পাৰে
নগ্নতা জীৱন নহয়
মোৰ চৌপাশে নগ্নতাই পোহাৰ মেলিছে
মোৰ দেখি দেখি বিতৃষ্ণা জন্মিছে
তথাপি নগ্নতাক বাধা দিব নোৱাৰোঁ
শৰীৰত নাথাকে
নগ্নতা
কাপোৰত থাকে
এযোৰ কাপোৰ
বাই-ভনী-খুড়ী সকলোৱে পিন্ধে
নগ্নতাক কেনেকৈ বাধা দিম
একলব্য
প্ৰেৰণাই যাক স্পৰ্শ কৰিব নোৱাৰে
অ-প্ৰেৰণাই সহজে অতিক্ৰম কৰে
বঞ্চনাৰ সমান প্ৰেৰণা নাই
যি গুৰুৰ মন্ত্ৰণাতকৈ শ্ৰেষ্ঠ
সত্যই শেষ
সত্যই সনাতন
তথাপি সত্যৰ তিষ্ঠি থকাৰ যুঁজ
সত্যৰ অপপ্ৰয়োগ হৈছে।
শ্ৰেষ্ঠতা জীৱনৰ ধৰ্ম,
মোৰ কুলত শ্ৰেষ্ঠ পুৰুষ নাই
সাত পুৰুষৰ আশাটিক দেউতাই মাৰ গৰ্ভত ৰোপণ কৰিছিল
শেষত শ্ৰেষ্ঠতাৰ সাধনা কৰাটোৱেই মোৰ কাল হ’ল
বিধিয়ে দিলে, বিধাতাই নিদিলে।
যাক ধৰ্মৰ জীৱন্ত মূৰ্তিৰূপে পূজা কৰিছিলো
তেওঁৱেই মোক অধৰ্মৰ পথ দেখুৱালে
দুয়োজনে কালিলৈ ধৰ্ম যুদ্ধত অৱতীৰ্ণ হ’ম
তেওঁৰ বাবে ধৰ্ম হ’ব
মোৰ বাবে অধৰ্ম হ’ব
হে মহান
মোক গৰ্ভতে নষ্ট কৰি দিয়াহেঁতেন
মোৰ বাবে তুমি গ্লানি সহিব নালাগিলেহেঁতেন!
প্ৰকাশ : বাঁহী, ৩১-০৭-২০১৬
মৰম আকলুৱা ফুলবোৰ
অৱধাৰিতভাৱে ফুল ভাল পাওঁ
অথচ ফুলৰ জোখেৰে ফুলক ভাল পাব নোৱাৰোঁ
ভালপাওঁ
তোমাক
ভাল পায়েই থাকিম
নোৱাৰোহে কৰিব প্ৰতিক্ষণে ভালপোৱাৰ প্ৰকাশ
ফুল মোৰ হিয়া
বুজিবাচোন মোৰো মোল্
এষাৰি প্ৰাণৰ মাত
আৰু অলপ যতন
সিমান পালেই ফুলক নেলাগে একো
তাকো মই অনবৰতে দিব নোৱাৰো
বুকু উপচি মৰম শব্দময় হৈ পৰে
ফুলৰ ঠাৰিত ধৰি মৰম কৰি দিওঁ
আত্মা উৎফুল্ল হাঁহিৰে ফুল উজ্বলি উঠে
কাঁইটৰে কৰা অবিৰাম যুঁজত
বুকুৰ মৰম বুকুতে থাকি যায়
তাৰ মানে নহয় অ’ ফুল
তোমাৰ প্ৰতি মোৰ এলাহ বা অভিমান
ফুল মোৰ হিয়া
বুজিবাচোন দেই মোৰো মোল্
মাটি
অৱস্থিতি অবিহনে মূৰ্ত-অমূৰ্তৰ ধাৰণা অমূলক
সকলো অৱস্থিতিৰ ধাৰক মাটি সমস্তৰ ভেটি
মাটিহে পুৰুষ প্ৰথম অভিব্যক্তি
মাটিৰ তলত মাটি
মাটিৰ স্তৰে স্তৰে পানী
মাটি নহ’লে সাগৰ সৃষ্টি নহয়
মাটিৰ সমান ৰক্ষক নাই
মাটিৰ সমান ভক্ষক নাই
মাটিৰ সমান কোনোৱেই জীৱন্ত নহয়
আইৰ আই মাটিক পূজিম
কেনেকৈ
এই জীৱনেৰে ধাৰ শুজিম
মাটিৰ গতিৰে তুলনা নহয় আন গতিৰ
মাটিৰ গতিত পোৱা গতিত প্ৰত্যাৱৰ্তন অসম্ভৱ
মাটিৰ অবিহনে গতি নাই
মাটিৰ অবিহনে পথ নাই
মাটিৰ অবিহনে মুকুতি নাই
মাটি বিচাৰি ফুৰি মাটি হৈ পৰোঁ
প্ৰকাশ : ইত্যাদি, জনসাধাৰণ, ০২-১০-২০১৬
এযুগ
আহিল সময়
গ’ল সময়
থৈ দিব নোৱাৰিলোঁ
সময়ক বান্ধি
তাহানিৰ সুহৃদক দেখিলোঁ অকস্মাৎ
সাগৰৰ মাণিক বাটতে পালোঁ
কথাৰ ফাঁকত কথা লেখিলোঁ
আগৰ মানুহজন এইজন নহয়
দেখিয়েই লাগিল বেথা
সোঁতৰ মুখত ৰৈ পানচৈ মেলিলোঁ
দুয়ো ল’লো এমোনাকৈ অতীত
অনামী বেদনাই গেজেককৈ বিন্ধিলে
ক’লৈ যাওঁ কি কৰোঁ লাগিল
যোৱাজন গ’লগৈ
বিষন্ন মনেৰে
ময়ো নাথাকিলো ৰৈ
সজা নহ’ল ঘৰটো
পিন্ধা নহ’ল চোলাটো
খাবলৈও সৰিল দাঁত
দেহিঐ
এনেকৈয়ে এটা যুগ পাৰ হৈ গ’ল
প্ৰকাশ : শ্ৰীময়ী, ২৫-০৯-২০১৬ [ ৩৮ ]
চকুত চকু থৈ কথা কোৱা ছোৱালীজনী
চকুত চকু থৈ কথা কোৱা ছোৱালীজনীৰ আগত সাৱধান নহ’লে
নিজৰহে আঁচল খহি পৰে
তাই কিন্তু চকুত চকু থৈ কথা কৈয়ে থাকে
চকুত চকু থৈ কথা কোৱা ছোৱালীজনীৰ চকুত চকু ৰাখি
মই ক’ব বিচৰা কথাটো তাই আগেই বুজি পায়
চকুত চকু থৈ কথা নপতা
ছোৱালীজনীৰ সন্মুখত মোৰ কথা শেষ নহয়
চকুত চকু থৈ কথা কোৱা
ছোৱালীজনীৰ আগত মোৰ মূল কথাকেইটাৰ আউল লাগে
চকুত চকু থৈ কথা কোৱা ছোৱালীজনীৰ সন্মুখত
কেতিয়াবা তলমূৰ কৰি কথা কব লগা হৈছেনে বাৰু?
কবিতা
কবিতা লিখি কোনো কবি সুখী হ’ব নোৱাৰে
নহ’লে জানো এটাৰ পিচত আন এটা লিখি থাকে
কবিতাৰ পেট পায় কোনে
কবিতাৰ পেট নেপায় কোনে
নজনাকৈ যিমান লিখিলোঁ
জনাৰ পিচত লিখিব নোৱৰা হ’লোঁ
কিয় ধাৰাবাহিকভাৱে লিখি আছোঁ
আজিলৈকে বুজি নাপালোঁ
কবিতাৰ বিষয়ে বহলাই বুজাই দিব নোৱাৰি
অনুভৱ
বেছি কথা জানিলে মানুহ অনুভৱী হয়
অনুভৱী মানুহৰ নাথাকে সুখ
মোৰ অনুভৱত তোমাৰ সুখৰ-দুখৰ অনুভৱ
তেজ মঙহৰ দুটি প্ৰাণী আমি
তোমাৰ পৰা মোলৈ
মোৰ পৰা তোমালৈ
সংবেদনশীলতাৰ ঘাটত
অনুভৱৰ পানচৈয়ে চলাচল কৰে
প্ৰাত্যহিক্ নিগনিৰ দৌৰত তোমাৰ খবৰ ল’ব পৰা নাই
তথাপি মোৰ অনুভৱ হৈছে
তুমি কুশলে আছা
পিছল মানুহ
সকলোৱে সকলোকে ভালপাব নোৱাৰে
কিছুমানে কিছুমানক এনেয়ে বেয়া পায়
যাক মই অন্তৰেৰে শ্ৰদ্ধা কৰোঁ
তেওঁ মোক ভাল নাপাবও পাৰে
জিলিকি থকা তৰাবোৰ কাহানিও লগ নালাগে
তৰাবোৰ একেলগে থুপ খোৱাহেঁতেন
আকাশৰ সূৰ্যৰ প্ৰাসংগিকতা অধ্যয়ন হ’লহেঁতেন!
মায়’ডিয়া
প্ৰশান্তিৰ সৰগ মায়’ডিয়া।
বৰফৰ সুউচ্চ শিখৰত থিয় হৈ
নভঃস্থলৰ শুকুলা মেঘলৈ দুহাত মেলি চিঞৰিম
অ’ আকাশ.......
তোৰ দিগবলয়ত মই বিলীন হৈ যাওঁ দে!
বৰফৰ বিধুমুখী সাজি কোলাকুলি কৰিম
তুষাৰৰ সংস্পৰ্শত বেপেৰুৱা হৈ নাচিম
শুভ্ৰতাৰ ৰাজসভাত দুখে জিৰণি ল’ব
অন্তৰৰ নিভৃত কোণত ভালপোৱাৰ পূৰ্ণায়ু হ’ব
নীহাৰৰ অন্তঃ সলিলাত কাক-স্নান কৰি
কাকতালীয়্ স্বৰ্গৰ নয়নাভিৰাম্ মায়’ডিয়াত চাম
জোন, বেলি তৰাৰে একেলগে ওমলিম
তৰাবোৰে মিচিকি হাঁহিৰে লগত লৈ ফুৰিব
জোনবায়ে কোলাত তুলি চুপতি কৰিব
বেলিৰ নাতিশীতোষ্ণ চুমাৰে দিনটো উমাল কৰি ৰাখিব
প্ৰকাশ : শতফুল আলোচনী
গৰু ছাগলীয়েও মোক চিনি পায়
অজান প্ৰাণীৰ চকুৰে শোকৰ পানী নিগৰি থাকে
তেনে চকুলোৰ অৰ্থ কি হ’ব পাৰে
মৰমৰ নাম দি ছাগলীজনীক মাতো
তাই লাহে লাহে কাষ চাপি আহি মোৰ হাতৰ তলুৱাৰ বুট খায়
গোহালিৰ গৰুকেইটাৰ পিঠি মোহাৰি মৰম কৰোঁ
সিহঁতে মোৰ ককাঁলত মৃদু খুন্দা মাৰি গাত চেলেকি দিয়ে
জীৱৰ মাজত পাৰ্থক্য নাথাকে
অবুজ প্ৰাণীয়ে স্ব-ধৰ্ম ৰক্ষা কৰি মোৰ উপকাৰ কৰি আহিছে
ঘাঁহ খাবলৈ নাপালেও মোৰ অন্যায় নকৰে
সিহঁতক কাটি-মাৰি মইহে ভক্ষণ কৰিছোঁ
মোৰ নিষ্ঠুৰতাক সিহঁতে মুখ খুলি নকয়
তাৰ সলনি বাটে-পথে থিয় হৈ চকুলো টুকি ফুৰে
মই মানুহটো কেনে প্ৰকৃতিৰ হওঁ
গৰু ছাগলীয়েও মোক চিনি পায়
ধ্যান
শব্দৰৰ সাধনা কৰিলে
কেৱল সাহিত্য সৃষ্টি নহয়
জানিব পাৰি
আনৰ মানসিক চৰিত্ৰ
শব্দৰে কৰা অবিৰাম খেলৰ অন্তত
মই বুজি উঠিছো
জড় জগততকৈ অধিক পৰিৱৰ্তন হোৱা
জটিল মানসিক জগতৰ বহু গুপুত বতৰা
শব্দই যাৰ ধ্যান
তেওঁৰ দৃষ্টিক আঁৰ কাপোৰে ঢাকিব নোৱাৰি
বিশ্বাসৰ বনানীকৰণ
বিশ্বাস কৰিলেই বিশ্বাসী হ’ব পাৰি
বিশ্বাস বিশ্বাসৰ আধাৰ
যুগে যুগে বিশ্বাসৰ পূজা কৰি আহিছো
নাম দিছো বেলেগ বেলেগ
আজুককাৰ শিলপূজাৰ আঁৰত বিশ্বাস লুকাই আছিল
মঞি মুঢ়মতি নাজানো বিশ্বাসৰ বিচিত্ৰ ভকতি
তুমি প্ৰথমে মোক বিশ্বাস কৰা
ময়ো প্ৰথমে মোক বিশ্বাস কৰোঁ
বিশ্বাস্য নোহোৱাকৈ আনৰ বিশ্বাসপাত্ৰ হব নোৱাৰি
নাম
নামৰ সমান দাম নাই
আনৰ মুখত নিজৰ নাম শুনিম শুনিম লাগে
কিহেৰে নামক নামী কৰিম
শৰীৰবোৰ মাত্ৰ লেখৰ সংখ্যা
মনুষ্যত্বৰ মূল নাম
নামীৰ নামত অনামীৰ উদ্ধাৰ হয়
নামী হোৱাৰ উপায় ক’ত?
কালৰ আগমন
জীৱনৰ প্ৰস্থান
নামক নামী কৰিব নোৱৰাৰ বেদনাই
অন্তৰাত্মাত ৰিণিকি-ৰিণিকি সুৰ হৈ বাজে
নিজক নিলগাই দূৰৈৰ পৰা শুনোঁ!
নাৰীয়ে বিচাৰে যি
মানুহজন সঁচা অৰ্থত সৎ হ’লে
মোক একো নালাগে
মানুহজনক আনে প্ৰশংসা কৰিলে
ভোকত থাকিও হাঁহি থাকিব পাৰোঁ
মোৰ প্ৰেম প্ৰকৃতিৰ অৱদান
সত্য-সুন্দৰৰ আৰু মহানুভৱৰ প্ৰথম পূজাৰী মই
পুৰুষৰ সৎ স্বভাৱ আৰু গুণৰহে প্ৰেমিকা
তুলাচনী মোক
সহজে ঠগিব নোৱাৰি
জানি শুনিহে সকলো সহি থাকোঁ
সৎ চৰিত্ৰই মোক সহজে মোহিব পাৰে
সৎ লোকৰ বাবেহে মোৰ সৃষ্টি হৈছিল
সকলো সৎ লোকৰে প্ৰতি আমাৰ অনামী দুৰ্বলতা থাকে
যদি মোৰ আজীৱনৰ প্ৰেমাস্পদ হ’ব বিচাৰা
তুমি সঁচা অৰ্থত সৎ লোক হোৱা
পৰুৱা
পৰুৱাৰ নীতি শিক্ষাক আধাৰ কৰি
মোৰ ঘৰ্-সংসাৰ্ চলাই আছোঁ
পৰুৱাই কেতিয়াও নিজৰ ঘৰ নাপাহৰে
আহাৰ বিচাৰি দূৰলৈ ওলাই গ’লে
ৰসযুক্ত সৌৰভ চটিয়াই থৈ যায়
যোৱাৰ বাটটি অহাৰ বাট হৈ থাকে
পৰুৱাই পৰিয়ালক এৰি আহাৰ নাখায়
সমিল্ মিলেৰে এটাই আনটোৰ মুখলৈ চাই সুখেৰে জীয়াই থাকে
মুখৰ আহাৰৰ কুন্দাটি পৰুৱাটোৱে হাতীৰ দৰে টানিছে
পৰিয়ালৰৰ মুখবোৰ এখন এখনকৈ ভাঁহি আহিছে
গুৰী পৰুৱাৰ একতা দেখি বানপানীয়ে বুকুচা লৈ ফুৰে
চাই থকা পৰুৱাটো মোৰ গালৈ বগাই আহিছে।
মই বাধা নিদি চাই আছো
এনে অনুভৱ হৈছে-
হাজাৰটা পৰুৱাৰ অসীম শক্তিয়ে মোক বলৱান কৰি তুলিছে
বাৰাণ্ডাত ৰৈ থকা ছোৱালীজনী
বাৰাণ্ডাৰ খুঁটাত ভেজা দি ৰৈ থকা ছোৱালীজনীয়ে
পেটৰ কথাটো খুলি ক’ব নোৱাৰে
দিনক দিনে বাপেকটো বুঢ়া হৈ আহে
সমস্যা কলমৌবোৰে ঘৰৰ চাৰিওফাল পোখা মেলে
মৰিবলৈ বাঢ়ি অহা জোনৰ দৰে তাইৰ বয়স বাঢ়ে
উপযুক্ত পাত্ৰৰে লগৰ ছোৱালীবোৰ সময়মতে গুছি যায়
তাই ঘৰৰ মানুহক কৈফিয়ৎ দিবলগীয়া হয়
অনেক জ্যোতিষীৰ বিধিমতে অনেকবাৰ কন্যাকালৰ দোষ ভাঙি সুফল নাপায়
নিজৰ ফুঁটা কপালক গুৱাল-গালি দিয়াৰ বাদে তাইৰ উপায় নাথাকে
চকুত সপোন
বুকুত আশা লৈ
তাই সাজি-কাচি বাৰান্দাত ৰৈ থাকে
গণিতজ্ঞই ৰ’ লাগি চাই ওচৰলৈ নাহি গুছি যায়
ধনগুলৈৰ নিচিনা জ্বলি জ্বলি নুমাই তাইৰ মন
আকাশখন ইমান বিশাল
মায়ে মোক কৈছিল-
আজিকালি বিপদত উদ্ধাৰ কৰিবলৈ মধুসুদন স্বৰ্গৰ পৰা নামি নাহে
তেওঁ হেনো আকাশতহে আসন পাতি আমালৈ চাই থাকে
প্ৰতিটো জয় পৰাজয়ত অজানিতে আকাশলৈ চাওঁ
নিজকে অস্ফুট ভাষাৰে কিবা এটা বুজনি দিওঁ
সত্য আৰু অসত্যৰ জীৱন্ত সাক্ষী
এই আকাশ
সুখ আৰু দুখৰো প্ৰহৰী,
আকাশৰ তলত ছাতি
ছাতিৰ ওপৰতহে আকাশ
অসাধৰণ কৃতিত্ববোৰে বিজয়ৰ দুহাত মেলি কৃতজ্ঞতাৰে আকাশলৈ চায়
সুখী আকাশখনে সুখী হৈ নেদেখুৱায়;
পৰাজয়বোৰে অপৰাধবোধেৰে আকাশখনলৈ চাই তলমূৰ কৰে
দুখী আকাশখনে দুখী হৈ নেদেখুৱায়
জীৱনত কাৰোপৰা সহায় নোপোৱা মানুহটোৰপৰা সহায় বিচাৰিছা
মই দধিচি হৈ তোমাক উদ্ধাৰ কৰিলোঁ
তুমি বাক্ ৰুদ্ধ হৈ মোৰ মুখলৈ ভেৱা লাগি চাই আছা
মই বিশাল আকাশখনলৈ চাই ভাবিছো-
সকলো লোকৰ প্ৰথম আৰু শেষৰ দৃষ্টিৰ গৰাকী
এই বিশাল আকাশ।
প্ৰকাশ : সদৌ অসম কবি সন্মিলনৰ নতুন কবিতা, ছেপ্টেম্বৰ ২০১৬ [ ৫১ ]
বুকুত এখন সাগৰ লৈ ফুৰিছো
মোৰ
বুকুত
এখন
প্ৰশান্তিৰ সাগৰলৈ ফুৰিছোঁ
পাৰত ৰৈ সাগৰৰ বিশালতা পান কৰোঁ
শীতল তৰংগই দুভৰি পখালি সু-কৰ্মলৈ আগবঢ়ায় নিয়ে
বুকুৰ সাগৰত নিৰ্মলতাই জলকেলি কৰে
অনবৰতে দহৰ উন্নতি কামনা কৰোঁ
মানৱতাৰ অক্ষুণ্ণতাৰ চিহ্ন সেয়া
ইয়াতকৈ মোক নেলাগে একো
আঘোণৰ মালিতা
আঘোণৰ সোণগুটি কপাল ঘামৰ উৎপত্তি
নাঙলৰ মুঠিত তাৰ শিপা
পহিলা ব’হাগত ঘৰখনি পাতিম
বোপাইৰ এপুৰা মাটিৰ ফচলে ভঁড়ালটি ভৰাম
শাওণৰ ৰোৱনী তুমি আঘোনৰ দাৱনি মোৰ ঘৰৰ লখিমী হ’বা
সোণগুটিৰ লেখিয়া তুমি মোৰ মৰমৰ
তোমাৰ চাদৰত আঘোণৰ আমোল্-মোল গোন্ধ
সোণগুটিৰ কাষলৈ খৰকৈ নাযাবা
বাউনা নৰাৰ চুপতিত উজুতি খাই পৰিবা
বিৰিয়াৰ দুমূৰৰ ৰৱাব টেঙা দুটি একেলগে বহি খাম
কাচিৰ আগ-ছোৱাৰে কেঁচা মাটিত ছবি এটি আঁকিবা
লাজুকী চাৱনিৰে মোক অৰ্থটি সুধিবা
ডাঁৱৰত লুকাই দিব বেলি
নিচাদেওৰ ঘৰত ন-খোৱা পাতিছে
ভজা শাকৰ গোন্ধে বৰকৈ বিন্ধিছেহি;
গুৰু ভকতে খালেই হ’বলা
আমিও বেগাই যাওঁ ব’লা
ন-খোৱাৰ ভোজত মেজি খৰিৰ আলচ হ’ব
মেজিৰ ভোজত কোনে কি দিব মৌখিক তালিকা হ’ব
এইবাৰৰ ভোজত বগা পাতি হাঁহ এযোৰ আগবঢ়াম
মনৰ আশাটি ৰাইজৰ কৃপাত তেহে যদি পূৰণ হয়
নৰা পাতে কটা খহটা কলাফুলত তেল অলপ সানি দিওঁ দিয়া
হেমন্তৰ সেমেকা ৰাতিৰ উমেৰে ভাগৰক সেক দিওঁ
দিনৰ দুখবোৰ আঁতৰি যাওক
নাৰী
সৃষ্টিকৰ্তাৰ নিৰ্মম আৰু নিখুত সৃষ্টি
মই
যিমান অভাৱ পাওঁ
সিমান মিতব্যয়ী হওঁ
আকালৰ দিনবোৰত একেটা চোলাকে চিলাইৰ উপৰি চিলাই মাৰি পিন্ধি থাকো
কোনেও উৱাদিহ্ নাপায়
ঘাটৰ নৌকাৰ দৰে চলি থাকোঁ
আপোনজনৰ দুৰ্দিনত
অনাহাৰ-অনিদ্ৰাৰে একোটা সুদীৰ্ঘ যুগ
সমাজৰ বঞ্চনা আৰু দুৰ্ভাগ্যক সহজে মানি লৈ
মুখত জিলিকাই ৰাখো ৰহস্যময় হাঁহি
সেই হাঁহি হ’ব পাৰে
কামুকৰ দৃষ্টিত কামনাৰ জুই
সেই হাঁহি হ’ব পাৰে
কাৰোবাৰ প্ৰতি থকা চৰম ঘৃণাৰ মূৰ্ত প্ৰকাশ
অথবা সেই হাঁহি হ’ব পাৰে
অলেখ বিপৰ্যয়ৰ সম্ভাৱনা থকা সত্বেও
আপোনজনৰ লগত আজীৱন সংগ দিয়াৰ মানসিক প্ৰস্তুতি
এঠেঙীয়া
(নাট্যকাৰ দেৱজিৎ শৰ্মাদেৱৰ ’কহুৱামন মোৰ আশান্ত মন’ নাটকৰ আলমত)
হৃদয়
মোৰ
সোণ
এনেকৈ নেকান্দিবাচোন!
দুহাত-দুভৰি নথকা ফুটপাথৰৰ ভিক্ষাৰী দৰে নহয়
তুমি
সংসাৰৰ মায়া-মোহত এখন ভৰি লৈ জীয়াই থাকিব পাৰিবা
তুমি মোক যিদৰে ভালপোৱা
ময়ো তেনেকৈ ভালপোৱাহেঁতেন
তুমি মোক এইদৰে ভাল নাপালাহেঁতেন!
মই তোমাক খুব ভাল পাম
তুমি মোক খুব ভাল পাবা
সোণৰ চামুচ মুখত লৈ জন্ম নহ’লোঁ
তুমি যাক ভাল পাবা
বিচাৰি নুফুৰিবা
তোমাক যি ভাল পাব
তেওঁকহে নিজৰ বুলিবা
দৌৰি দৌৰি ভাগৰি পৰা হৃদয়ৰ ঘোষণা
হৃদয়ৰ একপক্ষ যুদ্ধবিৰতিত প্ৰেমে সটংযোৰে
বানবিধ্বস্তক ৰাজনীতিকৰ বুজনি
তাই
মই হাঁহিলে
হাঁহে তাই
তাই হাঁহিলে
তাইৰ ঘৰৰ সকলো সদস্যই হাঁহে
এটা হাঁহিত হাজাৰটা হাঁহিৰ বাহ
তাইৰ মাক-বাপেকে পেট কাটি পেট দিলে মোক
নিজৰ গা-মঙহ ডোখৰ ঘৰত সাঁচি থ’ব নোৱৰাৰ দুখে তেওঁলোকক পীড়ে
শূন্যত পৃথিৱী ওলমি থকা বিশ্বাস মোৰ ওপৰতো ৰাখিছে
সঁচাকৈ সুখী নে তাই?
আনে নেদেখাখিনি দেখিছে
তাই
কোনেও নুশুনা মোৰ মুখৰ কথাখিনি শুনিছে সদায়
তাই মোক কেঁচুৱাৰ দৰে মৰম কৰে
ভগৱানৰ দৰে পূজা কৰে
তাইৰ চকুলৈ চাই থাকিলে নামি আহে মোৰ চকু প্ৰথমে
দিনটোলৈ ওলাই যাওঁ
ৰাস্তা-ঘাটে তিতা-কেহা ফল-মূল খাওঁ
শুকান মুখখনলৈ উভতি আহোঁ
তাইৰ হাতৰ পানী গিলাচ খাই পাহৰি থাকো সেইবোৰ
ধন-সম্পত্তি, কামনা বাসনাই নাৰীক সুখী কৰিব নোৱাৰে
অভাৱৰ দিনত মৰমৰ মাত এষাৰে তাইৰ হাত এখন চুই মোৰ অসমৰ্থতা প্ৰকাশ কৰোঁ
তাইৰ জলজলীয়া চকুৰে বৈ অহা সুখখিনি মোৰ বুকুত উপচি পৰে
প্ৰকাশ : সাপ্তাহিক জনমভূমি, ১৯/১০/২০১৬
সোণ
সোণ
তোমাৰ এটা প্ৰিয় শব্দ
মোক কিয় সোণ বুলি মাতা
সোণত কালিকা লাগি থাকে নাজানা?
সোণৰ জুই এই জ্বলে এই নুমায়
পোহৰক পাৰিবা জানো খামোচ মাৰি ধৰিব
মোৰ সোণাই
নিজে নেখায়
খুৱাম তোমাক
উঠিলে তুমি উঠিম
বহিলে তুমি বহিম
তোমাতে মোক সপি দিম
মাটিত থ’লে
পৰুৱাই পাব
মূৰত থ’লে
ওকণীয়ে পাব
তাতকৈ মোৰ বুকুত লিপিত খাই থাকা
দীঘলকৈ উশাহ টনাৰ সময়ত
গোন্ধ এটা উজাই আহি মোৰ চৌপাশ মল্ মলাই থাকিব
সোণ খান্দিবলৈ গৈ
তেজ বতিয়াই মৰিছা
জ্বলি থকা সোণালী জুই উজ্বলি আছে
তোমাৰ কাষ চাপি আহিব জানো কোৱা
চাতুৰ্য
তাড়ণাৰ ভীষণ প্ৰেমিক কবি
মুহুৰ্তৰ মূহুৰ্ত কথাত বান্ধি নাৰাখে
মোৰ প্ৰেমেৰে তেওঁ হৃদয় পখালি থাকে
জোনবাইক চুবলৈ কাষ চাপি যাওঁ
গৈ থাকিলে গৈ থাকে
মই ৰৈ দিলে ৰৈ দিয়ে
জোনাবাইৰ দেশলৈ খোজেৰে যাব নোৱাৰি
গছে যেতিয়া কান্দে
সদায় নিজৰ চকুপানীহে দেখিছো
আজি গছৰ চকুলো দেখি মৰ্মাহত হৈছো
মনৰ উচপিচনিত কালি গছৰ ডাল এটা ভাঙিছিলো
ছিগি যোৱা অংশৰ পৰা আজি অহৰহ পানী নিগৰি আছে
মনত পৰিছে-
সিদিনা মই দুখ পাওঁতে মোৰো চকু পানী ওলাইছিল
মোৰ কৃতকৰ্মত দগ্ধ হৈ গছজোপাক সাৱটি ধৰিলোঁ
গছজোপাই মোক শাস্তি নিদি এচাটি নিৰ্মল বতাহহে উপহাৰ দিলে
নিৰ্দোষী গছে প্ৰতিহিংসা নকৰে
গছ পৃথিৱীৰ প্ৰিয় সন্তান
মানুহ নাথাকিলেও গছ থাকিব
পৃথিৱীত মানুহৰ প্ৰয়োজনীয়তা কিমান!
প্ৰকাশ : শ্ৰীময়ী, ২৭-১১-২০১৬</poem>
তোমাক দেখিলে...
চাই আছোঁ
চাই আছোঁ
ক’ত দেখিছিলোঁ
ক’ত দেখিছিলোঁ
চিনিও নিচিনিছোঁ
দেখিও নেদেখিছোঁ
স্মৃতিৰ বিস্মৃতি
মই চাইছোঁ দাপোনলৈ
দাপোনে চাইছে মোলৈ
শেলুৱৈৰ ছবিত পোহৰৰ তিৰ্ বিৰণি
কেনেকৈ ক’ম
কেনেকৈ বুজাম
তুমি নহয় তুমি
মোৰ এখন আপুৰুগীয়া ছবি
কেনেকৈ কওঁ
কেনেকৈ কওঁ
তোমাক দেখিলে
জিলিকে এখন আত্মময় ছবি
বাটৰ ছাঁ
ভালপোৱাৰো শেষ আছে জানা!
এই যে তোমাৰ স’তে হাঁহি ধেমালিৰে সময় পাৰ কৰোঁ
বিলাসী কাফেত বহি চাহৰ কাপত ওঁঠ থওঁতে চকুত চকু লাগি ধৰে
কি বিশ্বাসত তুমি
মোৰ দুবাহুৰ ঠেকাত হাওলি পৰা ঘৰৰ দৰে ভেজা দি ছেলফি তোলা
ভাবি ভাবি উত্তৰ নাপাওঁ
এই ভাল পোৱাৰ শেষ ক’ত?
আজি তোমাক ইমান ধুনীয়া লাগিছে
সদ্যস্নাতা দেহৰ বন্যতা জিঞা পাখিৰ ভাঁজত নগ্ন হৈ পৰিছে
কথা আৰু উশাহৰ লয়লাসত কামনাৰ কি অপূৰ্ব ভাস্কৰ্য
জুই হৈ জ্বলিছা
মম হৈ গলিছোঁ;
যোগী হৈ নচুৱাইছা
সাপ হৈ নাচিছোঁ
এদিনীয়া জীৱন
এদিনীয়া প্ৰেম
প্ৰেম আৰু ভালপোৱাৰ নতুন সংযোজনৰ বাটে ঘাটে অলেখ ছাঁ
এই ছাঁত জিৰণি লৈ ক’লৈ গৈ আছো আমি
জীৱ
লৈ অহা নাছিলোঁ
শৰীৰ
লৈ যাব নোৱাৰোঁ।
তোমাৰ শৰীৰয়ে মোক ধাৰণ কৰিলে
হে জননী
মই শৰীৰ হৈ জন্মিলোঁ।
বিশ্বব্ৰহ্মাণ্ড
এনেনো সুন্দৰ
মায়াৰ কিনো লীলা।
নগ’লে নহ’ব
যাবই লাগিব
এই সংসাৰৰ পৰা।
আছিলোহি বাজ্ ঘৰে
যাওঁগৈ নিজ ঘৰে
হে সুহৃদ!
মোৰ প্ৰস্থানত ব্যথিত্ নহ’বা
জন্ম মানেই মৃত্যু
মৃত্যু মানেই জন্ম
তাৰ উৰ্দ্ধ সালোক্যলৈ মোক যাবলৈ দিয়া
মোৰ মুক্তি হওক।
জন্ম মৃত্যু
জন্ম ল’লোঁ
তোমাৰ সুখ দুখৰ সমভাগী হ’লোঁ
তুমি হাঁহিছা
মই কান্দিছোঁ
কালিলৈ গুছি যাম
তোমাৰ সুখৰ দুখৰ সমভাগী নহ’ম
তুমি কান্দিবা
মই হাঁহিম
মোৰ মুক্তিত
গৰ্ভত স্থিতি ললোঁ
পৃথিৱীৰ মুখ চাবলৈ খৰ্-খেদা কৰিছোঁ
দুদিনৰ পিছত আমনি লাগিব
পৃথিৱী এৰিবলৈ খৰ্-খেদা কৰিম
অহা-যোৱাৰ ডালত জীৱন বাদুলি ওলমি থাকে
প্ৰেম শাম কটা সময়
প্ৰেমত পৰাৰ সময়ত
প্ৰেমত পৰাৰ চেষ্টা কৰা নাছিলোঁ
প্ৰেমত পৰাৰ পিছত
প্ৰেমত পৰি থকাৰ চেষ্টা কৰিছোঁ
উৎসাহ দিছোঁ
প্ৰেৰণা দিছোঁ
হাতত হাত ধৰি
পাহাৰ ভৈয়াম্ বগাই ফুৰিছোঁ
ভালপোৱাৰ ঠিকনা বিচাৰি
ক’ত ঘূৰি ফুৰা নাই?
জীয়াই থাকিবলৈ ভালপোৱা লাগিবই
আহা ভালপোৱাৰ চেষ্টা কৰোঁ
চেষ্টাৰ অসাধ্য একো নাই।
নীৰৱতা
মোৰ হাতত টকা নাই
মই ধনী নহয়
মোৰ হাতত কলম নাই
মই বুদ্ধিজীৱি নহয়
মোৰ হাতত নীৰৱতা আছে
কথাৰ শেষ আছে
নীৰৱতাৰ শেষ নাই
মনোভাৱ
পেটত ভোক
মনত শোক
লগত
তোমাৰ মনোভাৱ,
মাজত মোৰ যাত্ৰা
যেন
চাঙৰ ওলমি থকা লাও মই
ওপৰত পাত
তলত ফল
ফলৰ প্ৰশংসা পাতে নসহে
ফলৰপৰা গছ
গছৰপৰা পাত
পাতৰ ত্যাগক ফলে নাপাহৰে,
পাতৰ অহংকাৰত ফল সৰি পৰে
বাটৰুৱাই ততালিকে বুটলি লয়
পাতে তাকো সহ্য় নকৰে
ফল পকে
ৰ’দত
পাত শুকাই সৰি পৰে
বতাহে শুকান পাতক দূৰলৈ উৰুৱাই নিয়ে
পাতৰ অৱৰ্তমানত ফল জিলিকি উঠে
পাতে ফলক গোৰ মাৰি গঙ্গাত পেলায়
প্ৰকাশ : বাঁহী, ১৫-০৫-২০১৬
চিন্তা-পঞ্জী
সদায় কিবা এটা লিখোঁ
সময়ত চিন্তাৰ দলীল্ হ’ব
কোনবোৰ চিন্তাই প্ৰভাৱিত কৰিছে
ভবিষ্যতে পঢ়ি চাম
হাতত চিন্তা-পঞ্জী থাকিলে
নিতৌ দিন-পঞ্জী নিলিখিলেও হয়
উদংমূৰীয়া ঘৰ, পশুধন আৰু ভাৰ্-ভেঁটী
আগলি কলপাত লৰক্-ফৰক্ কৰে
বাঢ়ি অহা উঠন্ উৰস্ দোৰোল্ত নাচে
লোদোৰপোদোৰ পোহনীয়া দুটিৰ দৰ্-দাম্ চলে
লঠঙা ডালত কুঁহিপাত মেলে
ঠোঁট নাঙলে পিৰালি চোঙায়
ল’ৰাই গৈ তাতে মূতে
বাৰীৰ জেওৰা খৰি হৈ জ্বলে
নৰাৰ চালত তৰাৰ গাঁঠি
নৰ থাকিব কেইৰাতি
দুৱাৰ-ডলিত শুনো পশুধনৰ পেন্পেননি
খাবলৈ পাই ওলাই নাযায়
ডাঙৰ দুটা বেচিম
পোৱালী দুটা কিনিম
জীৱই জীৱক উদ্ধাৰ কৰে
পলুৱাই নিয়া ছোৱালীজনীৰ জগৰ মাৰিবলৈ আহিব
আথেবেথে ভোজ এটি দিম,
বুকুৰ মৰম ভগাই ল’ব জানিলে
ভাৰ্-ভেঁটী নেলাগে নহয়
তথাপি আই
চিন্তা নকৰিবি
পোৱালী দুটা বেচা টকাৰে কিবা এটা লগত দিম
বাপেৰাটো জীয়াই আছো মই
পৰিণতি
(শ্ৰদ্ধাৰে শ্ৰীমতী ইৰম শৰ্মিলাৰ হাতত।)
অনন্ত আকাশৰ তলত ৰৈ
জোন-বেলি তৰাৰ দুৰ্বোধ্য খেল চাই মুগ্ধ হওঁ
তথাপি আকাশৰে বিদ্ৰোহ কৰোঁ
আকাশৰ মেঘৰ পৰাই বান-বাৰিষা হয়
বানত মোৰ ঠিকনা হেৰায়
বানৰ বিৰুদ্ধে যুঁজিব নোৱাৰোঁ
বান প্ৰতিৰোধী প্ৰতিবাদ কৰোঁ
সৰু মাতবোৰৰ একতা দেখি মেঘ গৰজি উঠে
মেঘৰ বজ্ৰ কঠিন মাতত সৰু মাতবোৰ তল পৰে
পৰাজয় সৰু মাতৰ সনাতন স্বীকৃতি!
তিনিটা বান্দৰ আৰু মই
এটা বান্দৰে চকু মুদি কৈছিল-
বেয়া বস্তু নাচাবা।
আন এটা বান্দৰে মুখ বান্ধি কৈছিল-
বেয়া কথা নক’বা।
আৰু এটা বান্দৰে কাণ ঢাকি কৈছিল-
বেয়া কথা নুশুনিবা৷
মানুহ হৈ বান্দৰৰ কথা নুশুনিলোঁ।
নানা কৰ্ম কৰিলোঁ
বিভিন্ন দেশ-বিদেশ ভ্ৰমিলোঁ
অভিজ্ঞতাৰ নামত তথাকথিত পাপৰ জুতি ললোঁ
সকলোৰ শেষত মনটো বিষণ্ণ হৈ পৰিল
এতিয়া দেখোন এক অচিন অপৰাধবোধে মোক খেদি ফুৰে
কি কৰিলোঁ।
কি কৰিলোঁ
ভকতি নকৰিলোঁ
মায়া বাঘে খেদি খায়
শেষত অনুমান কৰিছোঁ-
মই ভুল ঠাইত জন্মিলোঁ
মই ভুল সময়ত জন্মিলোঁ
মই ভুলভাৱে জন্মিলোঁ
প্ৰকাশ : সম্ভাৰ, ২০-১১-২০১৬
মহিলাই মহিলাৰ লগত ইমান কথা পাতে
মহিলাই মহিলাৰ লগত জুম বান্ধি কথা পাতে
ফু্চ্ফুচিয়া কথাৰ মাজত খিল্খিল্কৈ হাঁহে
নেদেখা ছবি এখন সজীৱ হৈ উঠে
সুখী কোন
দুখী কোন
কোনেও কাকো নোসোধাকৈ বুজিবলগীয়াটো বুজি লয়
ৰাণীৰ উজ্জ্বল মুখচন্দ্ৰই মৌ-মাখিক কৰ্ম প্ৰেৰণা দিয়ে
ৰাণীক মাজত লৈ মৌ-কোহ সাজি
সিহঁতে
ৰাণীৰ সংস্পৰ্শত নিজৰ দুৰ্ভাগ্যক পাহৰি গুণ্গুণাই থাকে
চাই থাকিবলৈ শিকিলোঁ
বাটে-ঘাটে সীতাৰ হৰণ
দুই হাত-ভৰি বন্দী মোৰ
ফুট্ পাথত পংগু ভিক্ষাৰীৰ কান্দোন
মোৰ জেপ খালি
অনাথ আশ্ৰয়ত ভোকাতুৰৰ কিৰিলি
নিজে পেট পূৰাই এসাঁজ খোৱা নাই
অসুৰে বিস্ফোৰণ ঘটায়
মিলিজুলি শৱদাহ কৰোঁ
ৰাজ-আলিত বৃদ্ধ পিতৃৰ আৰ্তনাদ
দায়িত্ব পালন কৰিবলৈ সময়ৰ অভাৱ
ৰক্ষকেই ভক্ষক
বনকৰা কিশোৰীৰ মাংসই বৈৰী
ঋণত পোত যোৱা কৃষকৰ আত্মহত্যা
দেশৰ অভিশাপ দৰিদ্ৰতা শেষ হওক
শিক্ষিত নিবনুৱাৰ অৰণ্যলৈ গমন
বন্দুকৰ মাতত ৰাতি নুপুৱায়
প্ৰস্তৰ যুগত কান্দোনবোৰ লতা হৈ বগাইছে
মই ওখ খুঁটা হৈ ৰৈ দিছো
মোৰ গাত অস্ব লতা
প্ৰকাশঃবাহী, ৮-১-২০১৭
সুখী
ইমানদিন
দুখত মজি থাকিলোঁ
দুখ কি বুজি নাপালোঁ
আজিৰ পৰা নিজৰ দুখত দুখী নহওঁ
মোৰ দুখেই শেষ দুখ নহয়
মোৰ দুখখিনি সমাজক দিলোঁ
সমাজৰখিনি মোৰ কৰি ললোঁ
এতিয়া মোৰ সমান সুখী নাই
সমাজৰ সুখত হাঁহো
সমাজৰ দুখত কান্দো
নিজৰ বুলিবলে’
সুখো নাই
দুখো নাই
মই ব্যক্তিগত সুখ-দুখৰ অতীত হৈ পৰিছোঁ
স্বৰ্ণযুগ
প্ৰাপ্তিতে নাই
প্ৰেম
অ-প্ৰাপ্তিতো নাই
পোৱা-নোপোৰাৰ মাজত আছে
ভালপোৱাৰ স্বৰ্ণ যুগ
প্ৰিয় মানুহৰ সুখ-দুখত
হাঁহিবলৈ শিকালে
কোনে প্ৰথম
কান্দিবলৈ শিকালে
সুখ-দুখত আমাক
অপাৰ সাগৰৰ জোৱাৰ-ভাটাত ঠিকনা হেৰুৱাই
কোনে প্ৰথমে চকুলো টুকি থৈ গ’ল
আমালৈ অক্ষয় অৱশিষ্ট
প্ৰিয় মানুহৰ সুখত হাঁহিব নোৱাৰোঁ
হাঁহিবলৈ লওঁতেই দুখ আহি পায়হি
সুখতকৈ দুখ বেছি যে!
আদিতেই দুখত হাঁহি দিয়াহেঁতেন
মোৰ প্ৰিয় মানুহে দুখত কেতিয়াও নেকান্দিলেহেঁতেন!
জীৱন বুৰঞ্জীৰ পাঠক
আহিবাচোন, আহিবা এপাক
কথা অলপ পাতিবলগীয়া আছে।
থাকিব পাৰে অজস্ৰ বন্ধুবান্ধৱ
অথবা পুত্ৰ-পত্নী, নাতি-বোৱাৰী সহিতে এখনি পৰিপূৰ্ণ সংসাৰ
তথাপি সকলোকে ক'ব নোৱাৰি
মনৰ কথাবোৰ
সকলোৱে বুজিও নাপায়
আপোন মানুহ বহুত থাকে
প্ৰিয় মানুহ পাবলৈ নাই
জীৱন মানেই এখন জীয়া বুৰঞ্জী
প্ৰিয় মানুহজন একান্ত পাঠক
মনৰ কথাবোৰ বুকুত দম্ বান্ধি থাকে
প্ৰিয় মানুহে বুকুৰ বান্ধ খুলি দিয়ে
শৰতৰ আকাশৰ দৰে বুকুখন নিৰ্মল আৰু পাতল হৈ পৰে
বক্তাজনৰ সাদৰ নিমন্ত্ৰণ ৰক্ষা কৰি এদিনৰ এঘণ্টা পাৰ কৰোঁ
কথাত কথা বাঢ়ে
নিষ্ঠুৰ সময়ে বিদায়-সংকেত দিয়ে
চৌদিশে মানুহ আৰু মানুহ
অথচ প্ৰিয় মানুহ বিচাৰি ফুৰোঁ
কথাবোৰ ভাবি আহোঁতে দীঘলীয়া বাট চমু হৈ পৰে
প্ৰকাশঃ সদৌ অসম কবি সন্মিলনৰ নতুন কবিতা, অক্টোবৰ ২০১৬
বাঁহী, ১৮/১২/২০১৬