পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাৰী


সৃষ্টিকৰ্তাৰ নিৰ্মম আৰু নিখুত সৃষ্টি
মই
যিমান অভাৱ পাওঁ
সিমান মিতব্যয়ী হওঁ

আকালৰ দিনবোৰত একেটা চোলাকে চিলাইৰ উপৰি চিলাই মাৰি পিন্ধি থাকো
কোনেও উৱাদিহ্ নাপায়

ঘাটৰ নৌকাৰ দৰে চলি থাকোঁ
আপোনজনৰ দুৰ্দিনত
অনাহাৰ-অনিদ্ৰাৰে একোটা সুদীৰ্ঘ যুগ

সমাজৰ বঞ্চনা আৰু দুৰ্ভাগ্যক সহজে মানি লৈ
মুখত জিলিকাই ৰাখো ৰহস্যময় হাঁহি

সেই হাঁহি হ’ব পাৰে
কামুকৰ দৃষ্টিত কামনাৰ জুই

সেই হাঁহি হ’ব পাৰে
কাৰোবাৰ প্ৰতি থকা চৰম ঘৃণাৰ মূৰ্ত প্ৰকাশ

অথবা সেই হাঁহি হ’ব পাৰে
অলেখ বিপৰ্যয়ৰ সম্ভাৱনা থকা সত্বেও
আপোনজনৰ লগত আজীৱন সংগ দিয়াৰ মানসিক প্ৰস্তুতি

বিশ্বাসৰ বনানীকৰণ॥ ৫৩