পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্মৃতি


আজিৰ
এই দিনটোলৈ
এদিন
অতীত হৈ ঘূৰি আহিম

অতীতত
মন
ভৱিষ্যতত
মোৰ শৰীৰটো থাকিব

পূৰ্ণিমাৰ ৰাতিৰ দুৱৰিৰ দলিচাত বহি বাঁহী বজাইছোঁ
ওপৰৰ আকাশত সৌৱা
ডাঁৱৰৰ পাতল আঁচলৰ আঁৰত জোনবাইৰ যৌৱন নাচিছে
জুনুক্ জুনুক্ নুপুৰৰ ৰিণি-ৰিণি ভাঁহি অহা মাত শুনিছো

সুৰৰ ইন্দ্ৰজালত পৃথিৱী নিঃশব্দ আজি
মই আত্মবিভোৰ হৈ জোনাক পান কৰিছোঁ
জোনাকৰ বৰষুণ প্ৰেমিক পৃথিৱীৰ প্ৰিয় স্বাদ

অতীত হৈ বহিমহি
মোৰ প্ৰিয় স্মৃতিৰ তীৰ্থত
একেটা কাম পুনৰ এবাৰ কৰিম
কথাটো ভাবি খুব ভাল লাগিছে।

প্ৰকাশ : শনিবাৰ, দৈনিক জনমভূমি, ২৮-১১-২০১৫

বিশ্বাসৰ বনানীকৰণ॥ ২৯