পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জন্ম মৃত্যু

জন্ম ল’লোঁ
তোমাৰ সুখ দুখৰ সমভাগী হ’লোঁ
তুমি হাঁহিছা
মই কান্দিছোঁ

কালিলৈ গুছি যাম
তোমাৰ সুখৰ দুখৰ সমভাগী নহ’ম
তুমি কান্দিবা
মই হাঁহিম
মোৰ মুক্তিত

গৰ্ভত স্থিতি ললোঁ
পৃথিৱীৰ মুখ চাবলৈ খৰ্-খেদা কৰিছোঁ

দুদিনৰ পিছত আমনি লাগিব
পৃথিৱী এৰিবলৈ খৰ্-খেদা কৰিম

অহা-যোৱাৰ ডালত জীৱন বাদুলি ওলমি থাকে


৬২। বিশ্বাসৰ বনানীকৰণ