পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আঘোণৰ মালিতা


আঘোণৰ সোণগুটি কপাল ঘামৰ উৎপত্তি
নাঙলৰ মুঠিত তাৰ শিপা

পহিলা ব’হাগত ঘৰখনি পাতিম
বোপাইৰ এপুৰা মাটিৰ ফচলে ভঁড়ালটি ভৰাম
শাওণৰ ৰোৱনী তুমি আঘোনৰ দাৱনি মোৰ ঘৰৰ লখিমী হ’বা

সোণগুটিৰ লেখিয়া তুমি মোৰ মৰমৰ
তোমাৰ চাদৰত আঘোণৰ আমোল্-মোল গোন্ধ

সোণগুটিৰ কাষলৈ খৰকৈ নাযাবা
বাউনা নৰাৰ চুপতিত উজুতি খাই পৰিবা

বিৰিয়াৰ দুমূৰৰ ৰৱাব টেঙা দুটি একেলগে বহি খাম
কাচিৰ আগ-ছোৱাৰে কেঁচা মাটিত ছবি এটি আঁকিবা
লাজুকী চাৱনিৰে মোক অৰ্থটি সুধিবা
ডাঁৱৰত লুকাই দিব বেলি

নিচাদেওৰ ঘৰত ন-খোৱা পাতিছে
ভজা শাকৰ গোন্ধে বৰকৈ বিন্ধিছেহি;
গুৰু ভকতে খালেই হ’বলা
আমিও বেগাই যাওঁ ব’লা

ন-খোৱাৰ ভোজত মেজি খৰিৰ আলচ হ’ব
মেজিৰ ভোজত কোনে কি দিব মৌখিক তালিকা হ’ব
এইবাৰৰ ভোজত বগা পাতি হাঁহ এযোৰ আগবঢ়াম
মনৰ আশাটি ৰাইজৰ কৃপাত তেহে যদি পূৰণ হয়

নৰা পাতে কটা খহটা কলাফুলত তেল অলপ সানি দিওঁ দিয়া
হেমন্তৰ সেমেকা ৰাতিৰ উমেৰে ভাগৰক সেক দিওঁ
দিনৰ দুখবোৰ আঁতৰি যাওক

৫২॥ বিশ্বাসৰ বনানীকৰণ