পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰিয়তম


চকুত চকু থলোঁ
চাৱনিত উত্তৰ পালোঁ
বুকুৰ মৰম ওঁঠেৰে সৰকি গ'ল

অ' মোৰ আজন্মৰ সখা
আঁতৰি নাযাবা
এই চাৱনি মোৰ প্ৰাণৰ সুধা

শব্দতকৈ চাৱনি মোৰ প্ৰিয়,
শব্দৰৰ প্ৰদূষণক ৰোধ কৰি যি
মোক সুভাষী কৰি লৈ যায়
তোমাৰ হৃদয়ৰ নিভৃত কোণলৈ অহৰহ্...

 

প্ৰকাশ :প্ৰান্তৰ, দৈনিক জনমভূমি, ২৩-১২-২০১৫

বিশ্বাসৰ বনানীকৰণ॥ ১৯