তাই
মই হাঁহিলে
হাঁহে তাই
তাই হাঁহিলে
তাইৰ ঘৰৰ সকলো সদস্যই হাঁহে
এটা হাঁহিত হাজাৰটা হাঁহিৰ বাহ
তাইৰ মাক-বাপেকে পেট কাটি পেট দিলে মোক
নিজৰ গা-মঙহ ডোখৰ ঘৰত সাঁচি থ’ব নোৱৰাৰ দুখে তেওঁলোকক পীড়ে
শূন্যত পৃথিৱী ওলমি থকা বিশ্বাস মোৰ ওপৰতো ৰাখিছে
সঁচাকৈ সুখী নে তাই?
আনে নেদেখাখিনি দেখিছে
তাই
কোনেও নুশুনা মোৰ মুখৰ কথাখিনি শুনিছে সদায়
তাই মোক কেঁচুৱাৰ দৰে মৰম কৰে
ভগৱানৰ দৰে পূজা কৰে
তাইৰ চকুলৈ চাই থাকিলে নামি আহে মোৰ চকু প্ৰথমে
দিনটোলৈ ওলাই যাওঁ
ৰাস্তা-ঘাটে তিতা-কেহা ফল-মূল খাওঁ
শুকান মুখখনলৈ উভতি আহোঁ
তাইৰ হাতৰ পানী গিলাচ খাই পাহৰি থাকো সেইবোৰ
ধন-সম্পত্তি, কামনা বাসনাই নাৰীক সুখী কৰিব নোৱাৰে
অভাৱৰ দিনত মৰমৰ মাত এষাৰে তাইৰ হাত এখন চুই মোৰ অসমৰ্থতা প্ৰকাশ কৰোঁ
তাইৰ জলজলীয়া চকুৰে বৈ অহা সুখখিনি মোৰ বুকুত উপচি পৰে
প্ৰকাশ : সাপ্তাহিক জনমভূমি, ১৯/১০/২০১৬