পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মায়’ডিয়া


প্ৰশান্তিৰ সৰগ মায়’ডিয়া।

বৰফৰ সুউচ্চ শিখৰত থিয় হৈ
নভঃস্থলৰ শুকুলা মেঘলৈ দুহাত মেলি চিঞৰিম
অ’ আকাশ.......
তোৰ দিগবলয়ত মই বিলীন হৈ যাওঁ দে!

বৰফৰ বিধুমুখী সাজি কোলাকুলি কৰিম
তুষাৰৰ সংস্পৰ্শত বেপেৰুৱা হৈ নাচিম

শুভ্ৰতাৰ ৰাজসভাত দুখে জিৰণি ল’ব
অন্তৰৰ নিভৃত কোণত ভালপোৱাৰ পূৰ্ণায়ু হ’ব

নীহাৰৰ অন্তঃ সলিলাত কাক-স্নান কৰি
কাকতালীয়্ স্বৰ্গৰ নয়নাভিৰাম্ মায়’ডিয়াত চাম

জোন, বেলি তৰাৰে একেলগে ওমলিম
তৰাবোৰে মিচিকি হাঁহিৰে লগত লৈ ফুৰিব
জোনবায়ে কোলাত তুলি চুপতি কৰিব
বেলিৰ নাতিশীতোষ্ণ চুমাৰে দিনটো উমাল কৰি ৰাখিব


প্ৰকাশ : শতফুল আলোচনী

৪২॥ বিশ্বাসৰ বনানীকৰণ