পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনাদি


আকাশৰ বেলিটো কোনে স্থাপন কৰিলে
জগতখনি ঘূৰি থাকে তেওঁৰ চাৰিওফালে

পোহৰ ভালপাবলৈ কোনে শিকালে
আন্ধাৰত পোহৰ বিচাৰি ফুৰোঁ

ভাল মানুহ হ’বলৈ কোনে কৈ থৈ গ’ল
আজীৱন ভাল হোৱাৰ সাধনা কৰি থাকোঁ

ভালপোৱাৰ বৃক্ষজুপি কোনে ৰুই থৈ গ’ল
কলিজাত মেলে ইমান মৰমৰ ডালপাত

সুন্দৰক বায়ুত কোনে মিহলি কৰিলে
উশাহত সুন্দৰ পান নকৰিলে জীৱন সহনীয় নহয়

সুখী হ’বলৈ পৰোপকাৰিতাৰ পৰামৰ্শ কোনে দি থৈ গ’ল
আনৰ উপকাৰ কৰি সুখী হ’ব পাৰোঁ

কোনেনো লাজৰ ৰং গাত সানি দিলে
অসামাজিক কথাবোৰ ভাবিলে ইমান লাজ লাগে

 

প্ৰকাশ : শ্ৰীময়ী, ১৮-১২-২০১৬