পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোনজন পাঠকৰ প্ৰিয় কবি তেওঁ


জিৰ্ জিৰ্ কৈ বৰষুণ পৰে
যৌৱনমতী পাতি-হাঁহে ৰাসকেলি কৰে
মেঘে তোলে বিজুলীৰ ছবি
ৰৈ থকা মূৰ্তিৰ মুখত শেলুৱৈৰ চামনি পৰে

কোনে বাৰু সাজিলে ধুনীয়া ধৰণী
মনৰ কথা মুখে নকয়,
মুখে মনক বেয়া পায় যিদৰে
তুমি মোক ধৰি থৈ ভাল পোৱা এনেকৈ..

কৈ আছা মনে মনে
শুনি আছো নিৰৱে যিদৰে
শব্দৰৰে খেলো নিতউ এইদৰে...

পাঠক তেওঁৰ বাংময় শব্দ
নিবোকা শব্দৰেৰে অক্ষ-শিল্প নিৰ্মাণ কৰে
তেওঁহে জানে
কোনজন পাঠকৰ প্ৰিয় কবি তেওঁ

৩০॥ বিশ্বাসৰ বনানীকৰণ