পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুভৱ


বেছি কথা জানিলে মানুহ অনুভৱী হয়
অনুভৱী মানুহৰ নাথাকে সুখ

মোৰ অনুভৱত তোমাৰ সুখৰ-দুখৰ অনুভৱ

তেজ মঙহৰ দুটি প্ৰাণী আমি
তোমাৰ পৰা মোলৈ
মোৰ পৰা তোমালৈ
সংবেদনশীলতাৰ ঘাটত
অনুভৱৰ পানচৈয়ে চলাচল কৰে

প্ৰাত্যহিক্‌ নিগনিৰ দৌৰত তোমাৰ খবৰ ল’ব পৰা নাই
তথাপি মোৰ অনুভৱ হৈছে
তুমি কুশলে আছা

৪০ ॥ বিশ্বাসৰ বনানীকৰণ