পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুকুত এখন সাগৰ লৈ ফুৰিছো

মোৰ
বুকুত
এখন
প্ৰশান্তিৰ সাগৰলৈ ফুৰিছোঁ

পাৰত ৰৈ সাগৰৰ বিশালতা পান কৰোঁ
শীতল তৰংগই দুভৰি পখালি সু-কৰ্মলৈ আগবঢ়ায় নিয়ে

বুকুৰ সাগৰত নিৰ্মলতাই জলকেলি কৰে
অনবৰতে দহৰ উন্নতি কামনা কৰোঁ

মানৱতাৰ অক্ষুণ্ণতাৰ চিহ্ন সেয়া
ইয়াতকৈ মোক নেলাগে একো



বিশ্বাসৰ বনানীকৰণ। ৫১