সমললৈ যাওক

পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দানৰ নামৰ নাম


মা!
তুমি দিলা জীৱন
সমাজে দিলে নাম
মই দিলো দান

ঠিকেই আছিল জীৱন
ঠিকেই আছিল পাপৰিসম শৰীৰ
ঠিক নাছিল নাম আৰু দান

সঁচা কি
মিছা কি
সামাজিকৰণতহে শিকিবলগীয়াখিনি শিকিলোঁ
তেনেকৈয়ে দিলোঁ দান
পালোঁ একাধিক নাম

চকাৰ চেপাত পথৰ অঘৰী শিল বাগৰি ফুৰে
শিল কেতিয়াও ব্যৱহাৰ নহয় নিজৰ ব্যৱহাৰত
শিল কাটি ভাস্কৰে শিলক নামজাদা কৰে
সেই নামৰ বুকুত হেৰায় শিলৰ আদি নাম
হাতৰ যোনিত শিলে লভে নৱ জীৱন

বিশ্বাসৰ বনানীকৰণ॥ ৩১