পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চকুত চকু থৈ কথা কোৱা ছোৱালীজনী

চকুত চকু থৈ কথা কোৱা ছোৱালীজনীৰ আগত সাৱধান নহ’লে
নিজৰহে আঁচল খহি পৰে
তাই কিন্তু চকুত চকু থৈ কথা কৈয়ে থাকে

চকুত চকু থৈ কথা কোৱা ছোৱালীজনীৰ চকুত চকু ৰাখি
মই ক’ব বিচৰা কথাটো তাই আগেই বুজি পায়

চকুত চকু থৈ কথা নপতা
ছোৱালীজনীৰ সন্মুখত মোৰ কথা শেষ নহয়
চকুত চকু থৈ কথা কোৱা
ছোৱালীজনীৰ আগত মোৰ মূল কথাকেইটাৰ আউল লাগে

চকুত চকু থৈ কথা কোৱা ছোৱালীজনীৰ সন্মুখত
কেতিয়াবা তলমূৰ কৰি কথা কব লগা হৈছেনে বাৰু?

৩৮॥ বিশ্বাসৰ বনানীকৰণ