পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নগ্নতাৰ ঠিকনা

মই নগ্নতা ভাল নাপাওঁ
মই নগ্নতা সমৰ্থন নকৰোঁ
নগ্নতা জীৱনৰ অংশ হ’ব পাৰে
নগ্নতা জীৱন নহয়

মোৰ চৌপাশে নগ্নতাই পোহাৰ মেলিছে
মোৰ দেখি দেখি বিতৃষ্ণা জন্মিছে
তথাপি নগ্নতাক বাধা দিব নোৱাৰোঁ

শৰীৰত নাথাকে
নগ্নতা
কাপোৰত থাকে

এযোৰ কাপোৰ
বাই-ভনী-খুড়ী সকলোৱে পিন্ধে
নগ্নতাক কেনেকৈ বাধা দিম

বিশ্বাসৰ বনানীকৰণ। ৩৩