পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোহ

বজাৰৰপৰা কিনি আনিছিলোঁ
দুখতকৈ সুখৰ মেট্-মৰা সম্ভাৰ
তোমাৰ বাবে
জীৱন
মইতো জনা নাছিলোঁ
দুখৰ সতে থকা তোমাৰ নিবিড় সম্পৰ্ক

দুখেই যদি তোমাৰ অতি প্ৰিয় আছিল
তোমাৰ বাবে সুখ কেতিয়াও নিবিচাৰিলোহেঁতেন!

কিহৰ দুখত তুমি দুখৰ মোহত পৰিলা
জীৱন
সুখক এইদৰে নিলগত থ’বলৈ
তোমাৰ কোনো বাধ্যবাধকতা নাছিল

দুখবোৰ কেলৈ লাগিছে
যদি সুখৰ দুৰৱস্থা দেখি দুখ মৰ্মাহত নহয়

সুখক এনেকৈ এলাগী কৰিলে
তোমাৰ প্ৰিয় দুখও সধৱা হৈ নাথাকিব

জানি বুজি
দেখি শুনি
দুখৰ লগত কিয় মিতিৰালি কৰিলা
মই হ’লে বুজি নাপালো
জীৱন!

প্ৰকাশ : সম্ভাৰ, ২১-০২-২০১৬

বিশ্বাসৰ বনানীকৰণ॥ ২৫