পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আকাশখন ইমান বিশাল


মায়ে মোক কৈছিল-
আজিকালি বিপদত উদ্ধাৰ কৰিবলৈ মধুসুদন স্বৰ্গৰ পৰা নামি নাহে
তেওঁ হেনো আকাশতহে আসন পাতি আমালৈ চাই থাকে

প্ৰতিটো জয় পৰাজয়ত অজানিতে আকাশলৈ চাওঁ
নিজকে অস্ফুট ভাষাৰে কিবা এটা বুজনি দিওঁ

সত্য আৰু অসত্যৰ জীৱন্ত সাক্ষী
এই আকাশ
সুখ আৰু দুখৰো প্ৰহৰী,
আকাশৰ তলত ছাতি
ছাতিৰ ওপৰতহে আকাশ

অসাধৰণ কৃতিত্ববোৰে বিজয়ৰ দুহাত মেলি কৃতজ্ঞতাৰে আকাশলৈ চায়
সুখী আকাশখনে সুখী হৈ নেদেখুৱায়;
পৰাজয়বোৰে অপৰাধবোধেৰে আকাশখনলৈ চাই তলমূৰ কৰে
দুখী আকাশখনে দুখী হৈ নেদেখুৱায়

জীৱনত কাৰোপৰা সহায় নোপোৱা মানুহটোৰপৰা সহায় বিচাৰিছা
মই দধিচি হৈ তোমাক উদ্ধাৰ কৰিলোঁ
তুমি বাক্ ৰুদ্ধ হৈ মোৰ মুখলৈ ভেৱা লাগি চাই আছা
মই বিশাল আকাশখনলৈ চাই ভাবিছো-
সকলো লোকৰ প্ৰথম আৰু শেষৰ দৃষ্টিৰ গৰাকী
এই বিশাল আকাশ।

প্ৰকাশ : সদৌ অসম কবি সন্মিলনৰ নতুন কবিতা, ছেপ্টেম্বৰ ২০১৬

৫০॥ বিশ্বাসৰ বনানীকৰণ