পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আকাশৰ বেলিটো কোনে স্থাপন কৰিলে
জগতখন ঘূৰি থাকে তেওঁৰ চাৰিওফালে
পোহৰ ভাল পাবলৈ কোনে শিকালে
আন্ধাৰত পোহৰ বিচাৰি ফুৰোঁ (অনাদি)

 ‘অহং’সত্ত্বা বিলোপ কৰি নিজক সময়ৰ প্ৰতিনিধি জ্ঞান কৰা মৰাণৰ কবিতাত কাল-চেতনা তীক্ষ্ণ। প্ৰেম আৰু সঁচা উদাৰতা—মানৱীয়তাৰ এই দুয়োপদ সম্পদ বুকুত ধাৰণৰ প্ৰত্যয়ে অবিশ্বাস আৰু প্ৰতাড়িত সময়ত কবিক দিছে যাতনাৰ সকাহ। স্বাভাৱিকতে দুৰ্লভ হলেও হিংসাজৰ্জ্জৰ পৃথিৱীৰ কোলাত বহি অহিংসাৰ কৰ্মশালাত ন্যায়ৰ সপোন দেখা কবিৰ বাবে ইতিবাচক সঁহাৰিয়েই অনন্য প্ৰাপ্তি—

পানী পুং মোৰ চকু দুটাৰ নাম
কোনেও কাৰো অন্যায়-অবিচাৰ নকৰিলে,
সকলোৱে সুখ-শান্তিৰে জীয়াই থকা দেখিলে
মোৰ কলিজাৰ নিভৃত কোণৰ পৰা আনন্দ অশ্ৰু বৈ আহে(কবি)

 পিছে মানৱতাৰ জয়গান গাব বিচৰা কবিৰ বাবে নগ্ন দিঠক হ’ল মানুহৰ অসুখীয়া বৰ্তমান। জাগতিক জঞ্জালৰ পৰা নিৰাপদ দূৰত্বত অৱগাহন কৰি আত্মপ্ৰৱঞ্চনাত নিমগ্ন মানুহৰ স্বৰূপ তেওঁ কবিতাত উদঘাটন কৰাৰ প্ৰয়াস কৰিছে—

বাটে-পথে সীতাৰ হৰণ
দুই হাত-ভৰি বন্দী মোৰ
...ৰাজ-আলিত বৃদ্ধ পিতৃৰ আৰ্তনাদ
দায়িত্ব পালন কৰিবলৈ সময়ৰ অভাৱ (চাই থাকিবলৈ শিকিলো)

—এনেবোৰ পংক্তিত সমকাল নীৰিক্ষণৰ তীক্ষ্ণতা ধৰা পৰিলেও ই কাব্যিক সৌকৰ্য হেৰুৱাই সাধাৰণ উক্তিলৈ পৰ্যৱসিত হৈছে। ’তিনিটা বান্দৰ আৰু মই’, ’নগ্নতাৰ ঠিকনা’, ...আদি কবিতাতো সমকাল-বাস্তৱৰ ছবি অঙ্কণ কৰিবলৈ কবিয়ে আন্তৰকি প্ৰয়াস কৰিছে।

 ভালেকেইটা কবিতাত তেওঁ দুখক আধাৰ কৰি লৈছে। মানুহৰ দুখ আৰু কবিতাৰ মাজত কিবা এটা মিতিৰালি আৱহমান কালজুৰি আছে। অৱশ্যে দুখ আৰু সুখ দুয়োটাই স্থিতিস্থাপক। সুখ-দুখত পতিত হোৱাজনৰ গ্ৰহণ-বৰ্জনৰ ওপৰতহে ই নিৰ্ভৰ কৰে। সুখ-দুখৰ কাৰকো গ্ৰহীতা ভেদে বেলেগ। জীৱন এই দুই প্ৰপঞ্চৰে সমাহাৰ। কবি মৰাণৰ বাবে দুখৰ উৎস আৰু অনুভৱ কিছু ব্যতিক্ৰম—

যি দুখত মই আতুৰ হৈছোঁ
সেই দুখ মোৰ নহয়(পীড়া)