পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱ

লৈ অহা নাছিলোঁ
শৰীৰ
লৈ যাব নোৱাৰোঁ।

তোমাৰ শৰীৰয়ে মোক ধাৰণ কৰিলে
হে জননী
মই শৰীৰ হৈ জন্মিলোঁ।

বিশ্বব্ৰহ্মাণ্ড
এনেনো সুন্দৰ
মায়াৰ কিনো লীলা।

নগ’লে নহ’ব
যাবই লাগিব
এই সংসাৰৰ পৰা।

আছিলোহি বাজ্ ঘৰে
যাওঁগৈ নিজ ঘৰে
হে সুহৃদ!
মোৰ প্ৰস্থানত ব্যথিত্ নহ’বা

জন্ম মানেই মৃত্যু
মৃত্যু মানেই জন্ম
তাৰ উৰ্দ্ধ সালোক্যলৈ মোক যাবলৈ দিয়া
মোৰ মুক্তি হওক।

বিশ্বাসৰ বনানীকৰণ ৬১