পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টানে মৰাণৰ কবিতাত লোক-গাথা প্ৰকাশৰ সুৰটোৰ অনুৰণন ঘটাইছে। তেনে হোৱাৰ ফলত কিছুসংখ্যক কবিতাত সাংগীতিক মাধুৰ্যৰ চাট এটা পৰিছে যদিও কিছু ক্ষেত্ৰত কবিতাসমূহ কৃত্ৰিম হৈয়ো উঠিছে। এই সাংগীতিক লয়ৰ প্ৰতি থকা অহতুেক তানৰ বাবেই কবিতাত মিলিতান্ত ৰূপটোৰ প্ৰতি তেওঁ আগ্ৰহী হৈ উঠিছে। কবিতা চৰনান্তত থলোঁ-পালোঁ, সখা-সুধা, আদি ধ্বনিসাম্য আৰু মিলিতান্ত ৰূপ বিষয়, ভাব আৰু ৰূপৰ ক্ষেত্ৰত পাৰস্পৰিক ভাবে সহায়ক বা হাতধৰি লিগিৰি হোৱা নাই। পিছে অসমীয়া ভাষাৰ কালিকা সম্পৰ্কে সচেতন মৰাণে শব্দ সংযোজনত অভিনৱত্ব দেখুৱাইছে। তেওঁ কবিতাত প্ৰয়োগ কৰা লেনী-ঘেনী, আহুঙীয়া, ঠোঁট নাঙল, বাউনা নৰা আদি শব্দ চমকপ্ৰদ।

 সেয়ে হ’লেও অসমীয়া কাব্য জগতত সাম্প্ৰতিকে কাব্য প্ৰকাশেৰে অসমীয়া কাব্য সাহিত্যৰ সমৃদ্ধি ঘটোৱা তৰুণচাম কবিৰ মাজৰ এজন হিচাপে গুণ মৰাণে সম্ভাৱনীয় কাব্যিক সমৃদ্ধিৰ বাট এটা কাটিছে। আমি আশা কৰিম তেওঁ সেই বাটটোৰে গৈ এদিন সিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ’ব।■