পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুখো এক প্ৰকাৰৰ সুখ
সকলো প্ৰকাৰৰ সুখক সুখ বুলিব নোৱাৰি (বিমল সুখ)

অৱশ্যে মনকৰিবলগীয়া কথা এয়ে যে সুখ-দুখৰ উপলব্ধি আৰু উৎস অনুসন্ধানৰ বাটটোত ব্যক্তিকতাত বুৰ মাৰিলেও ভাবনা নৈত তলসোঁতীয়া গতিৰে শেষ পৰ্যায়ত তেওঁ নৈব্যক্তিকতাৰ পাৰত উঠিছেগৈ—

আজিৰ পৰা নিজৰ দুখত দুখী নহওঁ
মোৰ দুখেই শেষ দুখ নহয়
মোৰ দুখখিনি সমাজক দিলোঁ
সমাজৰখিনি মোৰ কৰি ল’লোঁ
এতিয়া মোৰ সমান সুখী নাই (সুখী)

 কবিতাত ৰোমান্টিকতা যে আধুনিকতা প্ৰকাশ-বাটৰ আউল নহয়, সেয়া অসমীয়া কবিতাৰ ৰোমান্টিক পৰ্বান্তৰৰ আধুনিক কবিসকলৰ কবিতাত আৱগাহন কৰিলেই অনুভৱ কৰিব পাৰি। আশীৰ পৰৱৰ্তী অসমীয়া কবিতাত ৰোমান্টিকতাৰ দ্বিতীয় জোৱাৰ এটি অহাৰ কথা সমালোচক ডঃ আনন্দ বৰমুদৈয়ে স্থানান্তৰত লিখি থৈ গৈছে। সেয়ে লক্ষ্যণীয় কথা এয়ে যে অসমীয়া তৰুণচাম কবিৰ মাজত ৰোমান্টিক অনুভৱ সুলভ-সম্পদস্বৰূপ। অৱশ্যে এই ৰোমান্টিকতা কেৱল প্ৰেমজনিত অনুভৱতেই সীমাৱদ্ধ নহৈ অন্য প্ৰসঙ্গলৈকো পৰ্যৱসিত হৈছে। মৰাণৰ দুই এটা কবিতাত ৰোমান্টিক নিৰ্যাস অনুভৱ কৰা যায়। কেইবাটাও কবিতাত তেওঁ প্ৰেমক ভিন্ন দৃষ্টিকোণৰ পৰা চাইছে। ‘প্ৰেম আৰু ভালপোৱাৰ নতুন সংযোজনৰ বাটে-ঘাটে...’, অনুভৱ—নিলিখাকৈ লিখি দিলোঁ...’, ‘তোমাক দেখিলে’, ‘প্ৰেম শামকটা সময়’, বাটৰ ছাঁ’ আদি কবিতা এনে থূলত থ’ব পাৰি। প্ৰেমিকৰ দুবাহুৰ ঠেকাত হাওলি পৰা ঘৰৰ দৰে আউজি চেলফি তোলা ‘এদিনীয়া’ প্ৰেমে তৰণ প্ৰজন্মক ক’লৈ লৈ গৈছে তাৰো অনুসন্ধান কৰাৰ প্ৰয়াস তেওঁৰ কবিতাত আছে। ’জীয়াই থাকিবলৈ ভালপোৱা লাগিবই’ বুলি বিশ্বাস কৰা কবিয়ে পিছে ভালপোৱাৰ স্থূলতৰা পৰা আঁতৰি উদাৰ দৃষ্টিৰে তাক গ্ৰহণ কৰিছে। ’তাই’ কবিতাত নাৰী-পুৰুষৰ পাৰস্পৰিক আস্থা আৰু বিশ্বাসক সমল কৰি বৰ্তি থকা যুগ্ম-জীৱনৰ অনুভৱৰ প্ৰকাশ সৰল আৰু পোনপটীয়া, অথচ প্ৰভাৱশালী।

 একান্ত আপোন আৰু সমাজ জীৱন সম্পৰ্কীয় চিন্তাৰ যুগপৎ প্ৰকাশ তেওঁৰ কাব্য-বৈভৱৰ ভিতৰুৱা বুলি পূৰ্বতে উনুকিয়াই আহিছোঁ। সমাজ বীক্ষাৰ পোহৰত কবিয়ে চাইছে জন্মসূত্ৰে মানুহ হোৱাটো সহজ। আচল মানুহ হোৱাটো টান। মাতৃগৰ্ভৰ শিশুটো মানুহ হোৱাৰ প্ৰতীকি প্ৰকাশ আছে এনে পংক্তিত—