পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰিয় মানুহৰ সুখ-দুখত

হাঁহিবলৈ শিকালে
কোনে প্ৰথম
কান্দিবলৈ শিকালে
সুখ-দুখত আমাক

অপাৰ সাগৰৰ জোৱাৰ-ভাটাত ঠিকনা হেৰুৱাই
কোনে প্ৰথমে চকুলো টুকি থৈ গ’ল
আমালৈ অক্ষয় অৱশিষ্ট

প্ৰিয় মানুহৰ সুখত হাঁহিব নোৱাৰোঁ
হাঁহিবলৈ লওঁতেই দুখ আহি পায়হি
সুখতকৈ দুখ বেছি যে!

আদিতেই দুখত হাঁহি দিয়াহেঁতেন
মোৰ প্ৰিয় মানুহে দুখত কেতিয়াও নেকান্দিলেহেঁতেন!

৭৪ ॥ বিশ্বাসৰ বনানীকৰণ ৭৪