পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পিছল মানুহ

সকলোৱে সকলোকে ভালপাব নোৱাৰে
কিছুমানে কিছুমানক এনেয়ে বেয়া পায়

যাক মই অন্তৰেৰে শ্ৰদ্ধা কৰোঁ
তেওঁ মোক ভাল নাপাবও পাৰে

জিলিকি থকা তৰাবোৰ কাহানিও লগ নালাগে
তৰাবোৰ একেলগে থুপ খোৱাহেঁতেন
আকাশৰ সূৰ্যৰ প্ৰাসংগিকতা অধ্যয়ন হ’লহেঁতেন!


প্ৰকাশ : সম্ভাৰ, ২৭-১২-২০১৫

বিশ্বাসৰ বনানীকৰণ॥ ৪১