পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিলিখাকৈ লিখি দিলোঁ...


চকুলৈ চাম
ভুল বুজিবা

মুখেৰে ক’ম
শ্ৰুতিমধুৰ নহ’ব

চিঠিৰে ক’ম
উৱলি যাব

তাতকৈ নিলিখাকৈ লিখি দিম
তোমাৰ নাম মনাকাশত
কোনেও নাজানিব
কোনেও নুবুজিব
তুমিও গমকে নাপাবা

নিলিখাকৈ লিখি দিম
যাৰ নাম কোমল ফলিৰ অন্তৰতম ভাঁজত
বতাহেও উৰুৱাই নিব নোৱাৰিব
পানীয়েও ভিজাব নোৱাৰিব
জুইয়েও পুৰিব নোৱাৰিব
আনকি প্ৰেৰণাদাত্ৰীয়েও মচিব নোৱাৰিব

বোঁৱতীহে জানিব বোঁৱতীৰ মোল্

প্ৰকাশ :শ্ৰীময়ী, ০৪-০৯-২০১৬

২৬॥ বিশ্বাসৰ বনানীকৰণ