পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাম


নামৰ সমান দাম নাই
আনৰ মুখত নিজৰ নাম শুনিম শুনিম লাগে
কিহেৰে নামক নামী কৰিম

শৰীৰবোৰ মাত্ৰ লেখৰ সংখ্যা
মনুষ্যত্বৰ মূল নাম

নামীৰ নামত অনামীৰ উদ্ধাৰ হয়
নামী হোৱাৰ উপায় ক’ত?

কালৰ আগমন
জীৱনৰ প্ৰস্থান

নামক নামী কৰিব নোৱৰাৰ বেদনাই
অন্তৰাত্মাত ৰিণিকি-ৰিণিকি সুৰ হৈ বাজে
নিজক নিলগাই দূৰৈৰ পৰা শুনোঁ!

৪৬॥ বিশ্বাসৰ বনানীকৰণ।